আগষ্ট–ছেপ্টেম্বৰত মন্ত্রীসভাৰ সম্প্রসাৰণ

🔹 মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা

বিশেষ বাৰ্তা, ২২ এপ্রিল : অহা আগষ্ট–ছেপ্টেম্বৰ মাহত হ’ব অসম মন্ত্রীসভাৰ সালসলনিকে ধৰি সম্প্রসাৰণ৷ কালি কার্বি আংলং জিলাত নির্বাচনী প্রচাৰ চলাই সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ উল্লেখ্য যে এইবাৰ ৰঙালী বিহুৰ সময়তে মুখ্যমন্ত্রী ড০ শর্মাই লোকসভা নির্বাচনৰ পিছতে অসম মন্ত্রীসভাৰ ব্যাপক ৰদ–বদলৰ লগতে সম্প্রসাৰণ কৰা হ’ব বুলি প্রকাশ কৰিছে৷ অৱশ্যে সেই সময়ত মুখ্যমন্ত্রী ড০ শর্মাই কেতিয়াকৈ এই ৰদ–বদল তথা সম্প্রসাৰণ হ’ব, সেই বিষয়ে প্রকাশ কৰা নাছিল৷ কালি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই এই সম্পর্কত কয় যে অহা ৪ জুনত লোকসভা নির্বাচনৰ ফলাফল প্রকাশ পাব৷ তাৰ পাছত আগষ্ট–ছেপ্টেম্বৰ মাহত অসম মন্ত্রীসভাৰ ৰদ–বদলকে ধৰি সম্প্রসাৰণ হ’ব৷ মন কৰিবলগীয়া এয়ে যে এইবাৰ লোকসভা নির্বাচনত অসম চৰকাৰৰ পৰিবহণ, আবকাৰী, মীন বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্য শিলচৰ লোকসভাৰ বিজেপি প্রার্থী হিচাপে নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ শুক্লবৈদ্য সাংসদ হিচাপে নির্বাচিত হোৱাৰ লগে লগে অসম মন্ত্রীসভাৰ এটা পদ খালী হৈ পৰিব৷ লগতে বৰাক উপত্যকা মন্ত্রীশূন্য হৈ পৰিব৷ বৰাক উপত্যকাৰ পৰা নতুনকৈ প্রতিনিধি মন্ত্রীসভাত অন্তর্ভুক্ত কৰাৰ লগতে অহা ২০২৬ চনত হ’বলগীয়া বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি এটা টীম গঠন কৰাৰ বাবেই মন্ত্রীসভাৰ ৰদ–বদল তথা সম্প্রসাৰণৰ প্রয়োজনীয়তা আছে বুলি ইতিপূর্বে মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰিছে৷ এতিয়া মুখ্যমন্ত্রী ড০ শর্মাই অহা আগষ্ট–ছেপ্টেম্বৰত মন্ত্রীসভাৰ ৰদ–বদল তথা সম্প্রসাৰণ কৰিব বুলি কৰা মন্তব্যৰ পিছত মন্ত্রিত্বপ্রত্যাশীসকলৰ মাজত ব্যাপক জল্পনা–কল্পনা আৰম্ভ হৈছে৷ আনকি পৰহি মুখ্যমন্ত্রী ড০ শর্মাই উদৰবন্দত নির্বাচনী প্রচাৰ চলাই থকাৰ মাজতে উপস্থিত ৰাইজে স্থানীয় বিধায়ক কৃষ্ণেন্দু পালক মন্ত্রিত্ব দিবলৈ দাবীপর্যন্ত জনায়৷ কালিও কার্বি আংলং জিলাত মুখ্যমন্ত্রী ড০ শর্মাক সাংবাদিকে পাহাৰীয়া জিলাখনৰ পৰা কোনো প্রতিনিধি মন্ত্রীসভাত অন্তর্ভুক্ত কৰিব নেকি বুলি প্রশ্ণ উত্থাপন কৰে৷ কিয়নো, বর্তমান অসম মন্ত্রীসভাত কার্বি আংলং আৰু পশ্চিম কার্বি আংলং জিলাৰ পৰা কোনো প্রতিনিধি নাই৷

Featured