চাকৰি নথকা পৰিয়ালৰ প্রার্থীয়ে লাভ কৰিব অতিৰিক্ত ১০ নম্বৰ

🔹 ৰাজ্যত নতুনকৈ ৫০ হাজাৰ নিযুক্তিক লৈ বৃহৎ ঘোষণা ড০ শর্মাৰ

বিশেষ বাৰ্তা, ২৮ এপ্রিল : প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচন শেষ হোৱাৰ পাছত এইবাৰ অহা ৭ মে’ত ভোটগ্রহণ হ’বলগীয়া তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে প্রচাৰকার্য আৰম্ভ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তৃতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী লোকসভাৰ ভিতৰত কালি মুখ্যমন্ত্রী ড০ শর্মাই বৰপেটা, কোকৰাঝাৰ আৰু গুৱাহাটীত তিনিখন হাইভল্টেজ নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰে৷ ‘আকৌ এবাৰ মোদী চৰকাৰ’ শীর্ষক নির্বাচনী গীতটোৰ তালে তালে ৰাইজৰ সৈতে নাচি মুখ্যমন্ত্রী ড০ শর্মাই বৰপেটা লোকসভাৰ অগপ তথা মিত্রজোঁটৰ প্রার্থী ফণীভূষণ চৌধুৰীৰ হৈ সর্থেবাৰীত, কোকৰাঝাৰ লোকসভাৰ ইউপিপিএল তথা মিত্রজোঁটৰ প্রার্থী জয়ন্ত বসুমতাৰীৰ হৈ মানাহ বিধানসভা সমষ্টিত আৰু গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি তথা মিত্রজোঁটৰ প্রার্থী বিজুলী কলিতা মেধিৰ হৈ মির্জাত নির্বাচনী প্রচাৰ চলায়৷ তিনিওখন নির্বাচনী প্রচাৰ সভাত মুখ্যমন্ত্রী ড০ শর্মাই এক লাখ নিযুক্তি সফলতাৰে সম্পূর্ণ হোৱাৰ পাছত এতিয়া চৰকাৰে পুনৰ ৫০ হাজাৰ নিযুক্তি আৰম্ভ কৰাৰ ঘোষণা কৰি কয় যে এইবাৰ নিযুক্তিৰ ক্ষেত্রত চৰকাৰী চাকৰি নথকা পৰিয়ালৰ প্রার্থীক অগ্রাধিকাৰ প্রদান কৰা হ’ব৷ একেটা পৰিয়ালতে যাতে দুই–তিনিটাকৈ চাকৰি নহয়, তাৰ প্রতি লক্ষ্য ৰাখি চাকৰি নথকা পৰিয়ালৰ প্রার্থীক এইবাৰ অতিৰিক্তকৈ ১০ নম্বৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ পৰিয়ালত চৰকাৰী চাকৰিয়াল নথকা প্রার্থী সাক্ষাৎকাৰত অৱতীর্ণ হ’লেই অতিৰিক্ত ১০ নম্বৰকৈ লাভ কৰিব৷ সর্থেবাৰীৰ নির্বাচনী প্রচাৰ সভাখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সমষ্টি পুনৰ নির্ধাৰণৰ ফলত বৰপেটা লোকসভা সমষ্টিত এইবাৰ নলবাৰী, বৰক্ষেত্রী, হাজো, শুৱালকুছিকে ধৰি বহু নতুন অঞ্চল অন্তর্ভুক্ত হৈছে৷ সেইবাবে এইবাৰ লোকসভা নির্বাচনত অগপ তথা বিজেপি মিত্রজোঁটৰ প্রার্থী ফণীভূষণ চৌধুৰী নিশ্চিতভাৱে বিজয়ী হ’ব৷ ইতিমধ্যে ১০টা লোকসভা সমষ্টিৰ বাবে নির্বাচন অনুষ্ঠিত হৈছে আৰু এই নির্বাচনত বিজেপি দলে অতি সুন্দৰ প্রদর্শন কৰিবলৈ সমর্থ হৈছে৷ এতিয়া বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়াম সকলোতে বিজেপি বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমখনক আগুৱাই নিয়াৰ বাবে যোৱা ১০ বছৰে যিধৰণে কাম কৰিলে তাৰ কৃতজ্ঞতা হিচাপে এইবাৰ অসমৰ ৰাইজে হিয়া উজাৰি নৰেন্দ্র মোদীক ভোট প্রদান কৰিছে৷ ২০১৪ চনৰ পৰা ২০২৪ চনলৈ এই সময়ছোৱাত ৰাজ্যখনত অভাৱনীয় পৰিৱর্তন সাধন হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০১৪ চনৰ আগেয়ে বিভিন্ন জাতি–জনগোষ্ঠীকে ধৰি ৰাজ্যখনত আন্দোলন অব্যাহত আছিল৷ প্রধানমন্ত্রী মোদীৰ প্রচেষ্টাত বড়ো, কার্বি, ডিমাচা জনগোষ্ঠীৰ সমস্যা সমাধান হোৱাৰ লগতে আলফাৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত হ’ল৷ বসুন্ধৰা আঁচনিৰ জৰিয়তে বহু খিলঞ্জীয়া লোকে ভূমিৰ অধিকাৰ লাভ কৰিলে আৰু খিলঞ্জীয়াক ভূমিপট্টা প্রদানৰ কামত বর্তমানৰ ৰাজ্য চৰকাৰ যথেষ্ট আগুৱাই গৈছে৷ এতিয়া অসমৰ ৰাইজে উন্নয়ন বিচৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জনসাধাৰণে অভিযান্ত্রিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, অসমমালাৰ অধীনত বাট–পথ নির্মাণ, নামঘৰ–মন্দিৰ আদি নির্মাণৰ কথা কয়৷ এসময়ত অসমত আন্দোলন, গুলী–বাৰুদ, হত্যা–হিংসা আদি সমস্যা আছিল৷ এতিয়া ৰাজ্যখনৰ চৌপাশে এটা উন্নয়নৰ পৰিৱেশ বিৰাজ কৰিছে৷ এই পৰিৱর্তিত পৰিৱেশত ৰাইজে কেৱল উন্নয়ন, বিকাশ বিচাৰিছে আৰু জনসাধাৰণে তেনে দিশেৰে আগবাঢ়ি যাবলৈ সিদ্ধান্ত লৈছে৷ অসমত চৰকাৰী চাকৰি, সংস্থাপন আদিত দুর্নীতি নোহোৱা হৈ পৰিছে৷ চৰকাৰে যি এক লাখ চাকৰি দিলে, তাত কোনো দালালে এটকাও আত্মসাৎ কৰিব নোৱাৰিলে৷ সম্প্রতি অসমত এক ঔদ্যোগিকীকৰণৰ বাতাৱৰণ সৃষ্টি হৈছে আৰু সেইবাবে ৰাজ্যখনত স্থাপন হোৱা আৰু হ’বলগীয়া উদ্যোগসমূহৰ বাবে বহুসংখ্যক মেধাসম্পন্ন ছাত্র–ছাত্রীৰ প্রয়োজন হ’ব৷ সর্থেবাৰীত ১০০খন বিছনাযুক্ত হাস্পতালৰ নির্মাণকার্য চলি থকাৰ বিষয়েও ভাষণত উল্লেখ কৰে৷ আনহাতে, মণিপুৰত উগ্রপন্থীৰ গুলীত অসমৰ জোৱান নিহত হোৱা সম্পর্কত শোক প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে উগ্রপন্থীৰ গুলীত নিহত পৰিয়ালক অসম চৰকাৰৰ তৰফৰ পৰা সহায় আগবঢ়োৱা হ’ব৷ পাঁচ সহস্রাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এই নির্বাচনী প্রচাৰ সভাখনত অগপৰ সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্যই ভাষণত কয় যে অসমৰ পৰা ৰাজ্যসভাত প্রতিনিধিত্ব কৰা ড০ মনমোহন সিং প্রধানমন্ত্রী নির্বাচিত হৈও মাত্র দুবাৰহে অসমলৈ আহিছিল৷ কিন্তু বর্তমানৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী বিগত ১০ বছৰত ৭০বাৰ উত্তৰ–পূর্বাঞ্চল ভ্রমণ কৰিছে৷ অগপৰ কার্যকৰী সভাপতি তথা মন্ত্রী কেশৱ মহন্তই ভাষণত কয় যে ১৯৮৫ চনত আতাউৰ ৰহমান বৰপেটাৰ সাংসদ হোৱাৰ বাহিৰে আজিলৈকে সমষ্টিটোৰ পৰা অগপ জয়ী হ’ব পৰা নাই৷ এইবাৰ অগপৰ ফণীভূষণ চৌধুৰীৰ বিজয় নিশ্চিত৷ বিশ্ববিখ্যাত সর্থেবাৰীৰ কাঁহশিল্পক বিশ্ব দৰবাৰত গুৰুত্ব বঢ়াই তোলাৰ প্রতিশ্রুতি দি তেওঁ আৰু কয় যে মুখ্যমন্ত্রীৰ নেতৃত্বত কাঁহশিল্পক আমি আগুৱাই নিব পাৰিম৷ মুখ্যমন্ত্রীৰ সবল আৰু সফল নেতৃত্বত এতিয়া অসমত বিকাশ হৈছে৷ নির্বাচনত বেলেগ দলে প্রতিশ্রুতি দিয়ে যদিও যিবোৰ দলৰ সাংসদ নাথাকে বা চৰকাৰ গঠন কৰিব নোৱাৰে, সেই দলৰ প্রতিশ্রুতিৰ কোনো মূল্য নাই বুলি তেওঁ মন্তব্য কৰে৷ নির্বাচনী প্রচাৰ সভাখনত বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল দাস, অগপৰ কুমাৰ দীপক দাস, চিত্তৰঞ্জন বর্মন, বিজেপি নেতা প্রদীপ দাস, ত্রিনয়ন বর্মন, হেমন্ত দেউৰী, নিপা কলিতা, ধনী আলী, সর্থেবাৰী পৌৰসভাৰ পৌৰপতি স্বর্ণলতা বর্মন আদি উপস্থিত থাকে৷ এই নির্বাচনী সভাতে চেঙা গাঁও পঞ্চায়তৰ প্রাক্তন সভাপতি তথা কংগ্রেছ নেতা গৌতম পাঠক, ভগদত্ত বায়ন, চন্দন ভূঞা আদিয়ে বিজেপি দলত যোগদান কৰে৷ ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ বাৰেঙাবাৰীৰ লাচিত এম ই স্কুল খেলপথাৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএল তথা মিত্রজোঁটৰ প্রার্থী জয়ন্ত বসুমতাৰীৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সুদীর্ঘ ৩০ বছৰ ধৰি চলা আন্দোলন তথা হত্যা–হিংসাৰ ফলত বড়োভূমিৰ জনসাধাৰণে অতি কষ্টৰে জীৱন নির্বাহ কৰিবলগীয়া হৈছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রচেষ্টাত আন্দোলন, ধর্ণা, ধর্মঘট আদিৰ অৱসান ঘটা বিটিআৰ এতিয়া শান্তিৰ এক নতুন অঞ্চললৈ ৰূপান্তৰিত হৈছে৷ হাগ্রামা মহিলাৰীৰ কার্যকালত বড়োভূমিত কোনোধৰণৰ আঁচনি ৰূপায়ণৰ পৰিৱর্তে কোটি কোটি টকা আত্মসাৎ কৰি দৰিদ্র লোকৰ ভাতমুঠি কাঢ়ি অনা হৈছে৷ কটা হাতৰ কাম নাই, নাঙলৰ দাম নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইবাৰ লোকসভা নির্বাচনত ৰাজ্যৰ ১৪খন আসনৰ ভিতৰত ১১খনত পদুম, দুখনত হাতী আৰু এখনত ট্রেক্টৰৰ প্রতীকত আমি প্রার্থী প্রক্ষেপ কৰিছোঁ৷ কোকৰাঝাৰত ট্রেক্টৰৰ প্রতীকত ভোট দিব লাগিব৷ কোকৰাঝাৰত ইউপিপিএলৰ প্রার্থী জয়ন্ত বসুমতাৰীক ভোট দিলে নৰেন্দ্র মোদী প্রধানমন্ত্রী হ’ব৷ লোকসভা নির্বাচনৰ পিছতে ৰেচন কার্ড থকা প্রতিটো পৰিয়ালক অৰুণোদয় প্রদান, লাখপতি বাইদেউৰ একাউণ্টত ১০ হাজাৰকৈ টকা প্রদানৰ উপৰি আত্মনির্ভৰ অসম আঁচনিৰ জৰিয়তে নিবনুৱাসকলক আত্মসংস্থাপনৰ বাবে দুই লাখ টকাকৈ প্রদান কৰাৰ বিষয়েও উল্লেখ কৰে৷ লোকসভা নির্বাচনৰ পিছতে মানাহ সমষ্টিলৈ আহি চাইকেলেৰে ঘূৰি বেয়া পথসমূহৰ বুজ লৈ উন্নয়নৰ ব্যৱস্থা কৰাৰ লগতে ফাতেমাবাদ চাহ বাগিচাৰ সকলো সমস্যা সমাধানৰ প্রতিশ্রুতি দিয়ে৷ বর্তমানৰ চৰকাৰৰ কার্যকালত দালাল নোহোৱা হোৱা, সুদখোৰ নোহোৱা হোৱা, দুর্নীতি বন্ধ, ড্রাগ্ছ বেপাৰী নোহোৱা হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়- বিটিআৰৰ ৰাইজে এতিয়া তেওঁক যথেষ্ট তেওঁ ভাল পায়৷ তাৰ বাবেই আজিৰ সভাখনত যথেষ্ট জনসমাগম হৈছে৷ ৰাইজ এতিয়া প্রশংসাত গদগদ হৈ আছে৷ মানাহৰ মূল সমস্যা বাট–পথ বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা দুর্গাপূজাৰ আগে–পিছে তেওঁ মানাহলৈ আহি সকলো সমাধানৰ ব্যৱস্থা কৰিব৷ কোকৰাঝাৰ লোকসভাৰ জনগাঁথনিলৈ চাই ইউপিপিএলৰ প্রার্থী জয়ন্ত বসুমতাৰী তিনি লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ কালিৰ এই নির্বাচনী প্রচাৰ সভাখনত কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, মন্ত্রী ৰঞ্জিত কুমাৰ দাস, উর্খাও গৌৰা ব্রহ্ম, বিধায়ক ফণীধৰ তালুকদাৰ, বিধায়ক তথা লোকসভা নির্বাচনৰ প্রার্থী জয়ন্ত বসুমতাৰী, বিধায়ক মানৱ ডেকা, বিটিআৰৰ কার্যবাহী সদস্য গৌতম দাস, পাৰিষদ জয় মোছাহাৰী, সমষ্টিটোৰ প্রভাৰী ধীৰাজ দেউৰী আদি উপস্থিত থাকে৷ আনহাতে, মানাহৰ সভাখনৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মা কামৰূপ জিলাৰ পলাশবাৰী আৰ বি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত গুৱাহাটী লোকসভাৰ বিজেপি তথা মিত্রজোঁটৰ প্রার্থী বিজুলী কলিতা মেধিৰ সমর্থনত আন এখন নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই সমষ্টিটোৰ বিজেপি তথা মিত্রজোঁটৰ প্রার্থী বিজুলী কলিতা মেধিক পাঁচ লাখৰো অধিক ভোটৰ ব্যৱধানত জয়যুক্ত কৰাবলৈ আহ্বান জনায়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত প্রতিটো জনগোষ্ঠী, ভাষা–ভাষী, ধর্ম–সম্প্রদায়ৰ লোকৰ মাজত সম্প্রীতি আৰু সদ্ভাৱ গঢ়ি উঠাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এতিয়া ৰাজ্যখনৰ চৌদিশে নিৰাপত্তাৰ পৰিৱেশ গঢ়ি উঠাৰ লগতে শিক্ষাৰ পৰিৱেশ আৰম্ভ হ’ল৷ অমৃত বৃক্ষ আন্দোলন, খেল মহাৰণ, সাংস্কৃতিক মহাসংগ্রাম, বিহুৰ গীনিজ ৰেকর্ড আদিৰে আজি অসমৰ পৰিৱেশ সলনি হৈছে৷ পূর্বৰ কংগ্রেছ চৰকাৰৰ দিনত থকা ধুতী–লুঙী–আঁঠুৱা আৰু কম্বলৰ আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কংগ্রেছৰ সভালৈ গ’লেহে ৰাইজে এই আঁচনিসমূহ লাভ কৰিছিল৷ কিন্তু বর্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰে অসমখনলৈ পৰিৱর্তন আনিছে আৰু অৰুণোদয় আঁচনি, লাখপতি বাইদেউ, নিযুত মইনা, দুই লাখ যুৱক–যুৱতীক স্ব–নিয়োজনৰ বাবে পুঁজি যোগান আদিৰ জৰিয়তে বিভিন্ন কল্যাণকামী পদক্ষেপ গ্রহণ কৰিছে৷ পলাশবাৰীত ভাৰত চৰকাৰে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট স্থাপনৰ বাবেও সিদ্ধান্ত গ্রহণ কৰিছে৷ সেইদৰে এইমছ, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইনফৰমেচন টেকন’লজী আদি স্থাপনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জাগীৰোডত স্থাপন হ’ব লগা ছেমিকণ্ডাক্টৰ উদ্যোগৰ বাবে ৩০ হাজাৰ শিক্ষিত যুৱক–যুৱতীৰ প্রয়োজন হ’ব৷ ইয়াৰ বাবে যুৱক–যুৱতীসকলৰ শিক্ষালাভৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে বর্তমানৰ চৰকাৰে যুৱক–যুৱতীসকলক নিজৰ ভৰিত নিজে থিয় হোৱাৰ বাবে পৰিৱেশ নির্মাণ কৰিছে৷ এই নির্বাচনী প্রচাৰ সভাখনত মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, অগপৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতা, সাংসদ কুইন ওজা, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, প্রাক্তন বিধায়ক প্রণৱ কলিতা, পলাশবাৰী সমষ্টিৰ নির্বাচনী প্রভাৰী বিদ্যাসাগৰ, দক্ষিণ কামৰূপৰ জিলা প্রভাৰী অনির্বাণ গোস্বামী, বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক অনুপ কুমাৰ মেধি, ধনেশ্বৰ তালুকদাৰ, হিমাংশু শেখৰ বৈশ্য, এছ চি মর্চাৰ উপ–সভাপতি কুশলজ্যোতি মালাকৰ আদি উপস্থিত থাকে৷

Featured