যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ জয়লাভ

বিশেষ বাৰ্তা, ৪ জুনঃ আজি ঘোষণা কৰা লোকসভা নিৰ্বাচনৰ ফলাফলত ১৪নং যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হৈছে। গৌৰৱ গগৈযে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক প্ৰায় ১ লাখ ৪১ হাজাৰৰো অধিক  ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ লগে লগে তৃতীয়বাৰৰ বাবে গৌৰৱ গগৈ সংসদলৈ নিৰ্বাচিত হয়। ইয়াৰ পূৰ্বে কলীয়াবৰ সমষ্টিৰ পৰা দুবাৰকৈ সংসদলৈ নিৰ্বাচিত হৈছিল গৌৰৱ গগৈ। দহটা বিধানসভা সমষ্টিৰে গঠিত ১৪নং যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ বিজয় নিশ্চিত আছিল বুলি পূৰ্বৰে পৰা সকলোৰে মাজত এটা ধাৰণা আছিল যদিও অপ্ৰত্যাশিতভাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। আজি পুৱা ৮ বজাৰ পৰা যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত যোৰহাট বিধানসভা সমষ্টিত ১৩টা আৰু টীয়ক বিধানসভা সমষ্টিত ১৮টা ৰাউণ্ডত ভোট গণনা কৰা হৈছিল।কিন্তু প্ৰতিটো ৰাউণ্ডৰ ভোট গণানত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়। যোৰহাট বিধান সভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৫৯৬৮৬ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে লাভ কৰে ৪৭৭৭৯ টা ভোট। অনুৰূপ ধৰণে টিয়ক বিধানসভা সমষ্টিৰত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৮৪৫২৫ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ৬২০৮৯ টা ভোট লাভ কৰে। আজিৰ এই ভোট গণনাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীক সৰ্বাধিক ভোটৰে অগ্ৰগতি দিয়ে তিতাবৰ  বিধান সভা সমষ্টিয়ে। সমষ্টিটোৰ পৰা গৌৰৱ গগৈয়ে তপন কুমাৰ গগৈ কৈ ৪০৫৫৫টা ভোট বেছি লাভ কৰে। কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে সোণাৰি সমষ্টিত ১০৩৩৪ টা, মাহমৰা সমষ্টিত ৯৬৫০,মৰিয়নি সমষ্টিত ১৬৬৯৩,ডিমৌ সমষ্টিত ১৬০৫০,শিৱসাগৰ সমষ্টিত ১৮৭৯৮ নাজিৰা সমষ্টিত ১০০০, টিয়ক সমষ্টিত  ২২৪৩৬, যোৰহাট সমষ্টিত ১১,৯০৭টা ভোট তপন কুমাৰ গগৈকৈ বেছি লাভ কৰি মুঠ ১ লাখ ৪১ হাজাৰ অধিক  ভোটৰ অগ্ৰগতিৰে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বিজয় সাব্যস্ত কৰে। ইয়াৰ বিপৰীতে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈযে মাত্ৰ মাজুলী বিধান সভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীৰ গৰাকীত কৈ বেছি ভোটৰ অগ্ৰগতি  লাভ কৰে। সমষ্টিটোত তপন কুমাৰ গগৈয়ে গৌৰৱ গগৈত কৈ ৬৫৮৬ ভোট বেছি লাভ কৰে। এইবাৰ নিৰ্বাচনত যোৰহাট লোক সভা সমষ্টিত ১৭১৮২৮৬ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। উল্লেখ্য যে ,আজি পুৱাৰ ভোট গণনাৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ পৰাই গৌৰৱ গগৈ প্ৰতিটো ৰাউণ্ডত আগব্রাহি থকাৰ খবৰ লাভ কৰি উৎফুল্লিত হৈ পৰে কংগ্ৰেছ দলৰ নেতা কৰ্মী সকল। বিয়লিৰ সময়ত চোৱাত এক প্ৰকাৰ গৌৰৱ গগৈৰ অঘোষিত বিজয় নিশ্চিত  হোৱাত সকলো কংগ্ৰেছ কৰ্মী যোৰহাটৰ ৰাজপথলৈ ওলাই আহি ফটকা আটচবাজি ফুটাই বিজয় উল্লাস কৰি এক অনন্য পৰিবেশৰ সৃষ্টি কৰে। যোৰহাট নগৰৰ অলি গলি সকলোতে কংগ্ৰেছ সমৰ্থক সকলে বিহু গায়,বিভিন্ন নৃত্য ,ফাগুৱা খেলি , নিশাৰ ভাগলৈকে এক অনন্য পৰিৱেশ সূচনা কৰে। উল্লেখ্যযোগ্য যে , ১৯৯১ চনৰ পৰা ২০১৪ চনলৈকে কংগ্ৰেছ দলৰ  প্ৰয়াত সাংসদ বিজয় কৃষ্ণ সন্দিকৈয়ে যোৰহাট লোক সভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।ইয়াৰ পৰবৰ্তী সময়ত সমষ্টিটো বিজেপি দখললৈ আহে। সমষ্টিতটোৰ পৰা এবাৰ কামাখ্যা প্ৰসাদ তাছা আৰু পৰবৰ্তী সময়ত তপন কুমাৰ গগৈ নিৰ্বাচিত হৈছিল। কিন্তু পুনৰ এইবাৰ যোৰহাট লোক সভা সমষ্টিটো কংগ্ৰেছ দলে নিজৰ দখললৈ আনিবলৈ সক্ষম হয়। 
প্ৰেৰক ৰঞ্জিত ভূঞা
Featured