ধুবুৰীত হাতে-লোটে আটক গো-সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰঃ আৰক্ষী নহয়; ৰাইজে ধৰিলে বাংলাদেশলৈ গোপনে গোধন সৰবৰাহ কৰিবলৈ অহা গো-সৰবৰাহকাৰীক। এই ঘটনাটো সংঘটিত হৈছে ধুবুৰীৰ বালাজান আৰক্ষী চকীৰ অন্তৰ্গত ধোবাৰঘাট দ্বিতীয় খণ্ড অঞ্চলত। জানিব পৰা মতে, কালি নিশা স্থানীয় ৰাইজ অঞ্চলটোৰে গোপনে বাংলাদেশ লৈ সৰবৰাহ কৰিবলৈ লৈ গোধন লৈ গৈ থকা গো-সৰবৰাহকাৰীৰ এটা দলৰ পৰা এজন সদস্যক কৰায়ত্ত কৰাৰ সমান্তৰালকৈ উদ্ধাৰ কৰিছে দুটাকৈ গৰু। অৱশ্যে ৭/৮ জনীয়া সেই গো-সৰবৰাহকাৰী দলটোৰ বাকী সদস্য কেইজন কেইবাটাও গৰু লৈ নিশাৰ অন্ধকাৰৰ সুযোগ লৈ পলায়ন কৰে। ইপিনে সেই দলটোৱে পলাবৰ সময় এৰি থৈ যোৱা এটা দুচকীয়া পালচাৰ বাহনক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। তাৎপৰ্য্যপূৰ্ণ ভাবে, এএছ১৭/ডি ১৪২৩ নম্বৰ সেই বাহনখনৰ নম্বৰ প্লেটৰ একাশে ইংৰাজীত ‘POLICE” বুলি লিখা আছে। কৰায়ত্ত হোৱা গো-সৰবৰাহকাৰী জন ৰাইজৰ সন্মুখত ছানোৱাৰ হুছেইন বুলি নিজৰ পৰিচয় দিয়া বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured