উৎকোচ লৈ চিবিআইৰ জালত বেংক মেনেজাৰ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰ : উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰা পৰিল বেংক মেনেজাৰ। কৰিমগঞ্জৰ বদৰপুৰৰ পাঞ্জাব নেশ্যনেল বেংকৰ মেনেজাৰ চিগনেশ ঝাক পঞ্চাশ হাজাৰ টকা উৎকোচ লওঁতে চি বি আয়ে ধৰা পেলায়। উল্লেখ্য যে বদৰপুৰ পাঞ্জাব নেশ্যনেল বেংকৰ মেনেজাৰ চিগনেশ ঝাই ঋণ দিয়াৰ নামত এজন গ্ৰাহকৰ পৰা এক লাখ টকা দাবী কৰিছিল। সুৰজ মালাকাৰ নামৰ গ্ৰাহকজনে মিনাৰেল ৱাটাৰৰ এটা প্লাণ্ট বহুৱাবৰ বাবে পাঞ্জাব নেশ্যনেল বেংকত ঋণ বিচাৰিছিল। বেংক মেনেজাৰ চিগনেশ ঝাই ঋণ দিয়াৰ নামত যুৱকজনৰ পৰা এক লাখ টকা দাবী কৰে। যুৱকজনে ধন দিব বুলি মান্তি হৈ বিষয়টো কেন্দ্ৰীয় অনুসন্ধান শাখা (চি বি আই)ক জনায়। যুৱকজনৰ অভিযোগৰ ভিত্তিত আজি শ্বিলংস্থিত চি বি আই কাৰ্যালয়ৰ পাঁচজনীয়া এটি দলে তিনি মান বজাত বদৰপুৰ পাঞ্জাব নেচনেল বেংকত উপস্থিত হৈ অভিযান চলায়। অভিযান কালত দলটিয়ে শাখা প্ৰবন্ধক চিগনেশ ঝাক উৎকোচ লওঁতে পঞ্চাশ হাজাৰ টকাসহ হাতে-লোটে ধৰা পেলায়। ইফালে শেহতীয়া খবৰ অনুসৰি ধৃত মেনেজাৰ ঝাৰ ঘৰতো চিবিআয়ে অভিযান চলাই বহু নথিপত্ৰ লাভ কৰা বুলি জানিব পৰা গৈছে।

প্ৰেৰক অসীম দেব

Featured