লখিমপুৰত কেন্দ্রীয় মে-ডাম-মে-ফী পালন

বিশেষ বাৰ্তা, ৩১ জানুৱাৰী : লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত আজি আহোমসকলৰ পবিত্র মে-ডাম-মে-ফী উৎসৱটি কেন্দ্রীয়ভাৱে পালন কৰা হয়। দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা এই উৎসৱৰ আজি দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন, পূৰ্বপুৰুষৰ মৈদাম তৰ্পণ, চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আদিৰ পাছত মুকলি সভা, স্মৃতিগ্ৰন্থ উন্মোচন, পৰম্পৰাগত পূজা-অৰ্চনা আদি বিভিন্ন কাৰ্য্যসূচী পালন কৰা হয়। তাই আহোমসকলৰ পূৰ্বপুৰুষৰ প্ৰতি পৰম্পৰাগতভাৱে পূজা-অৰ্চনাৰে শ্ৰদ্ধা জ্ঞাপন কৰা এই পবিত্র উৎসৱটো লখিমপুৰৰ বিভিন্ন স্থানত পালন কৰাৰ লগতে প্ৰতি বছৰে নগৰৰ ত্যাগ ক্ষেত্রত কেন্দ্রীয়ভাৱে পালন কৰা হয়। এইবাৰ এই উৎসৱৰ আজি দ্বিতীয় দিনা প্ৰতিকূল বতৰকো নেওচি বহু লোকৰ সমাগম হয়। এক উৎসাহভৰা পৰিৱেশত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দণ্ডি তামুলী ফুকনে। অনুষ্ঠানটোত প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই, নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ ড০ বিমান চেতিয়া, ড০ অমৰেন্দ্ৰ গগৈ আদি ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে। মে-ডাম-মে-ফীত অংশগ্রহণ কৰা সকলোৱে তাই আহোমসকলৰ পৰম্পৰাগত সাজসজ্জা পৰিধান কৰি এক বৰ্ণময় পৰিৱেশ সৃষ্টি কৰে।
প্ৰেৰক জীৱন গোস্বামী
Featured