এৰী সূতালৈ অ’ইকো টেক্স ষ্টেণ্ডার্ড ১০০ৰ প্রামাণ্যতা প্ৰদান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ আগষ্টঃ অসমৰ প্রখ্যাত এৰী সূতালৈ প্রদান কৰা হৈছে সন্মানীয় অ’ইকো টেক্স ষ্টেণ্ডার্ড ১০০ৰ প্রামাণ্যতা৷ দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱসৰ দিনাই জার্মানীৰ পৰা আহিল এই সুখবৰ৷ অসমৰ এৰী সূতাৰ বাবে ড’নাৰ মন্ত্রালয়ৰ অধীনৰ উত্তৰ পূর্বাঞ্চল হস্ততাঁত আৰু বস্ত্র উন্নয়ন নিগমলৈ এই প্রামাণ্যতা প্রদান কৰা হৈছে৷ উল্লেখ্য যে এৰী সূতাই লাভ কৰা এই প্রামাণ্যতাৰ ফলত বিশ্বব্যাপী স্বীকৃতিপ্রাপ্ত বহনক্ষম বস্ত্রৰ মর্যাদা এৰী সূতাই লভিবলৈ সক্ষম হ’ব৷ অ’ইকো টেক্স প্রামাণ্যতা সাধাৰণতে পৰিৱেশ অনুকূল অৱস্থাত উৎপন্ন হোৱা তথা কোনোধৰণৰ হানিকাৰক দ্রৱ্য নথকা বস্ত্রৰ ক্ষেত্রত প্রদান কৰা হয়৷ এৰী সূতাই এই প্রামান্যতা লাভ কৰাৰ ফলত আন্তঃৰাষ্ট্রীয় ৰপ্তানি বজাৰত প্রৱেশ আৰু প্রসাৰতা বৃদ্ধিত উক্ত প্রমাণপত্র সহায়ক হ’ব বুলি আশা কৰা হৈছে৷ এৰী সূতাই লাভ কৰা এই সফলতাৰ পাছত অসমৰ বাবে এয়া গৌৰৱৰ মুহূর্ত বুলি এক্স হেণ্ডেলযোগে সদৰী কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তেওঁ কয় যে সুৰক্ষিত বৈশিষ্ট্যৰ বাবে অসমৰ এৰী সূতাই এই সন্মানীয় অ’ইকো টেক্স প্রামান্যতা লাভ কৰিছে৷ এই স্বীকৃতিয়ে তাঁতশালৰ পৰা বস্ত্র নির্মাণ হোৱালৈকে প্রকৃততে উক্ত বস্ত্র যে সুৰক্ষিত, সেয়া প্রমাণিত কৰে৷ অসমৰ এৰী সূতালৈ আগবঢ়োৱা এই স্বীকৃতিৰ পিছত কেন্দ্রীয় ড’নাৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই নিজৰ এক্স হেণ্ডেলযোগে উত্তৰ পূর্বাঞ্চল হস্ত তাঁত আৰু বস্ত্র উন্নয়ন নিগম চমুকৈ এন ই এইছ এইছ ডি চিৰ দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷ উত্তৰ পূর্বাঞ্চলৰ বস্ত্র উদ্যোগৰ বাবে এক উদ্যাপনৰ সময় বুলি মন্তব্য কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে অসমৰ চহকী ঐতিহ্যৰ ক্ষেত্রত এয়া এক বৃহৎ বিজয় বুলি কয়৷

Featured