চতিয়াত অনলাইন গেমৰ পৰা বঞ্চিত ছাত্ৰৰ চৰম পথ

🔹 মোবাইলত নেট সংযোগ নথকা বাবেই কৰুণ ঘটনা
নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ : অনলাইন গেম খেলিবলৈ নোপোৱাৰ বাবে চতিয়াৰ এজন কিশোৰে চৰম পথ বাছি লোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য আৰু উদ্বেগৰ সৃষ্টি কৰিছে ৷ সাম্প্ৰতিক সময়ত দেশৰ বৃহৎসংখ্যক শিশু, কিশোৰ পাবজি, ফ্ৰী ফায়াৰ, কল অব ডিউটি ইত্যাদি অনলাইন গেমত আসক্ত হৈ পৰিছে ৷ কৌতূহলবশত: অনলাইন গেম আৰম্ভ কৰা শিশুসকলৰ বাবে এসময়ত গেমবিধ নিচাত পৰিণত হয় ৷ আসক্তসকলে এসময়ত আহাৰ, নিদ্ৰা, পঢ়া-শুনালৈ পিঠি দি গেমবিধতে মত্ত হৈ থাকে ৷ অনলাইন গেমত আসক্ত হৈ গেমবিধ খেলিবলৈ নাপাই চতিয়াৰ এজন কিশোৰে চৰম পথ বাছি লোৱাটোৱে গেমবিধৰ পাৰ্শ্বক্ৰিয়াৰ ভয়াৱহতাক উদঙাই দিয়া বুলি চৰ্চা চলিছে ৷ প্ৰাপ্ত খবৰ মতে, দক্ষিণ চতিয়াৰ কৰৈয়নি অঞ্চলৰ এজন সপ্তম শ্ৰেণীৰ ছাত্ৰই প্ৰতিদিনে মোবাইলত ফ্ৰী ফায়াৰ নামৰ অনলাইন গেমবিধ খেলি আহিছিল ৷ পৰিয়ালৰ লোকে আগন্তুক পৰীক্ষাৰ বাবে মোবাইলত নেট সংযোগ কৰা নাছিল ৷ যোৱা তিনি দিন ধৰি মোবাইল ৰিচাৰ্জ নকৰাত ছাত্ৰজনে অনলাইন গেম খেলাৰ পৰা বঞ্চিত হৈছিল ৷ ছাত্ৰজনে মাতৃক ৰিচাৰ্জ ভৰাই দিবলৈ অনুৰোধ কৰিছিল যদিও মাতৃয়ে পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পুত্ৰৰ অনুৰোধ প্ৰত্যাখ্যান কৰে ৷ ভয়ানকভাৱে অনলাইন গেমত আসক্ত হৈ পৰা কিশোৰজনে মাতৃৰ সিদ্ধান্তত অসন্তুষ্ট হৈ চৰম পথ বাছি লয় ৷ ইতিমধ্যে চতিয়া আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷
প্ৰেৰক প্ৰণৱ ওজা
Featured