বকলীয়াঘাটত চেভ্ৰলেট-স্বৰাজ ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষ

বিশেষ বাৰ্তা, ৫ মে’ : কাৰ্বি আংলঙৰ বকলীয়াঘাটত শনিবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা । বকলীয়াঘাট নগৰৰ মাজমজিয়াত থকা হনুমান মন্দিৰৰ সমীপত সংঘটিত দুৰ্ঘটনাটোত বাহন দুখনৰ চালক দুজন গুৰুতৰভাৱে আহত হয় । জানিব পৰা মতে, এ এছ-০৯ বি-০৯৮৩ নম্বৰৰ চেভ্ৰলেট বাহন আৰু স্বৰাজ ট্ৰেক্টৰৰ মাজত মুখামুখি সংঘৰ্ষ হয় । ট্ৰেক্টৰখন বাগৰি পৰাৰ লগতে চেভ্ৰলেট বীট বাহনখনৰ সন্মুখভাগ বিধ্বস্ত হৈ পৰে । ঘটনাত গুৰুতৰভাৱে আহত হয় ট্ৰেক্টৰ চালক প্ৰাণকৃষ্ণ দাস আৰু চেভ্ৰলেট বীট বাহনৰ চালক প্ৰভাত গুপ্তা । আহত দুয়োকে বকলীয়াঘাট আৰক্ষীয়ে ততাতৈয়াকৈ বকলীয়াঘাট ৩০খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰায় । ঘটনা সন্দৰ্ভত বকলীয়াঘাট আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

প্ৰেৰক ৰাজু কাঠাৰ

Featured