চানডুবিত অমৃত গছপুলি ৰোপণ কার্যসূচীত মুখ্যমন্ত্রী ড০ শর্মা

🔷 ২ অক্টোবৰত এক কোটি গছপুলি ৰোপণৰ সিদ্ধান্ত 

নিয়মীয়া বার্তা, ৮ জুনঃ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত আজি কামৰূপ জিলাৰ চানডুবিত আয়োজিত অমৃত গছপুলি ৰোপণ কার্যসূচীত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰাৰ লগতে এখন জনসভাও সম্বোধন কৰে ৷ অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বনভূমিৰ সংৰক্ষণ কেৱল সামাজিক কাৰণতে নহয়, ব্যক্তিগত অর্থনীতিৰ লগতে ৰাজ্যৰ অর্থনীতি তথা ৰাজ্যৰ ভৱিষ্যতৰ বাবে আৰু ভৱিষ্যৎ প্রজন্মৰ বাবে বনভূমি সংৰক্ষণৰ ওপৰত সকলোৱে গুৰুত্ব আৰোপ কৰিব লাগিব ৷ অসমৰ প্রায় ২০ শতাংশ বনভূমি বেদখলকাৰীৰ কবলত আছে, যাৰ কুপ্রভাৱ সকলোৱে প্রত্যক্ষ কৰিছে ৷ বনাঞ্চল আৰু পাহাৰ ধ্বংস কৰি মানুহে বাসস্থান নির্মাণ কৰিছে ৷ ইয়াৰ সমান্তৰালকৈ ডিজেল–পেট্র’ল আদিৰ অত্যধিক ব্যৱহাৰ বা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ ফলস্বৰূপে সম্প্রতি গোলকীয় উষ্ণতা এক ভয়াৱহ সমস্যা ৰূপে থিয় দিছে ৷ জৈৱ–বৈচিত্র্য সংৰক্ষণ, বন সংৰক্ষণ তথা সংবর্ধন আৰু জীৱাশ্ম ইন্ধনৰ জৰিয়তে উৎপাদিত শক্তিৰ পৰিৱর্তে নৱীকৰণযোগ্য শক্তিৰ যথাসম্ভৱ ব্যৱহাৰেই হৈছে এই অৱস্থাৰ পৰা মুক্তি পোৱাৰ একমাত্র উপায় ৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০২১ চনৰ ১ নৱেম্বৰত গ্লাছগ’ত অনুষ্ঠিত হোৱা ক’প–২৬ শীর্ষ সন্মিলনত বিশ্ববাসীৰ সন্মুখত পৰিৱেশৰ বাবে জীৱনশৈলী এক অভিযানৰ বার্তা তুলি ধৰিছে ৷ প্রধানমন্ত্রী মোদীয়ে বিশ্বৰ ৰাষ্ট্রসমূহক একত্রিত হৈ এই অভিযানক এটা আন্দোলন হিচাপে আগুৱাই নিবলৈ আহ্বান জনাইছিল আৰু প্রাকৃতিক সম্পদসমূহৰ অপচয়মূলক ব্যৱহাৰৰ পৰিৱর্তে মননশীল আৰু উচিত চিন্তাধাৰাৰে বহনক্ষম ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ৷ জলবায়ু পৰিৱর্তনৰ দিশত থকা ভাৰতৰ দায়বদ্ধতাৰ কথা ব্যক্ত কৰি প্রধানমন্ত্রীয়ে কৈছিল যে ভাৰতে ২০৩০ চনৰ ভিতৰত জীৱাশ্ম ইন্ধনৰ বিপৰীতে অজীৱাশ্ম শক্তি ক্ষমতা ৫০০ গিগাৱাটলৈ বৃদ্ধি কৰা, চাহিদাৰ ৫০ শতাংশ বৃদ্ধিৰ নৱীকৰণযোগ্য উৎসৰ পৰা আহৰণ কৰা, কার্বন নির্গমনৰ পৰিমাণ এক বিলিয়ন টন হ্রাস কৰাৰ ক্ষেত্রত ভাৰতবর্ষই পদক্ষেপ গ্রহণ কৰিব ৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে ২০৭০ চনৰ ভিতৰত কার্বন নির্গমন শূন্যলৈ নমাই অনাৰ লক্ষ্যত উপনীত হ’ব বিচাৰিছে ৷ প্রধানমন্ত্রীৰ এই আহ্বানৰ প্রতি সঁহাৰি জনাই অসমত ৫০০ মেগাৱাট শক্তি সৌৰশক্তিৰ জৰিয়তে আহৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ব্যৱস্থা গ্রহণ কৰিছে আৰু ইয়াৰে প্রায় ৩ হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদনৰ পদক্ষেপ বর্তমান বিভিন্ন পর্যায়ত চলি আছে ৷ ৰাজ্যখনৰ বনভূমিক সংৰক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰে বৃহৎ পদক্ষেপ গ্রহণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিগত দুটা বছৰত ৰাজ্য চৰকাৰে লামডিং সংৰক্ষিত বনাঞ্চল, পাভ সংৰক্ষিত বনাঞ্চল, বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্য, ওৰাং ৰাষ্ট্রীয় উদ্যান আৰু আন কেতবোৰ বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান চলাইছে ৷ এই উচ্ছেদ অভিযানৰ কালছোৱাত ৬১,৩৭৫ বিঘা বনাঞ্চল বেদখলমুক্ত কৰা হৈছে ৷ এই প্রচেষ্টাই ৰাজ্যখনত বন আৱৰণ বৃদ্ধিত যথেষ্ট সহায় কৰিব ৷ লামডিং সংৰক্ষিত বনাঞ্চল আৰু পাভ সংৰক্ষিত বনাঞ্চলৰ পৰিৱেশ সুৰক্ষিত কৰাৰ লগতে বন্যপ্রাণীৰ বাবে বাসস্থান গঢ়ি তুলিবলৈ গছপুলি ৰোপণৰ পদক্ষেপ গ্রহণ কৰা হৈছে ৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত বনভূমি ৩৬ শতাংশৰ পৰা ৩৮ শতাংশলৈ বৃদ্ধি কৰাৰ চিন্তা–চর্চা কৰা হৈছে ৷ সকলো শ্রেণীৰ লোকৰ অংশগ্রহণৰ জৰিয়তেহে এই প্রচেষ্টা বাস্তৱায়িত হ’ব ৷ কেৱল গ্রীষ্মৰ সময়ছোৱাতে নহয়, বছৰৰ ৩৬৫ দিনৰ প্রতিটো দিনতে গছপুলি ৰোপণ, বৃক্ষ সংৰক্ষণ আৰু বনভূমিত নতুনকৈ যাতে কোনো বেদখল হ’ব নোৱাৰে, তাৰ বাবে অকল বন বিভাগৰ দ্বাৰাই নহয়, জনভাগীদাৰীৰ জৰিয়তেহে কাম কৰিব লাগিব ৷

ৰাজ্য চৰকাৰে অহা ২ অক্টোবৰত সমগ্র ৰাজ্যতে ১ কোটি গছপুলি ৰোপণৰ সিদ্ধান্ত গ্রহণৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সেইদিনা পুৱা ৯ বজাৰ পৰা ১১ বজাৰ ভিতৰত এক কোটি গছপুলি ৰোপণ কৰা হ’ব ৷ এই কার্যসূচীত অংশ লোৱা প্রতিগৰাকী ব্যক্তিলৈ গছজোপাৰ প্রতিপালনত সহায়ক হোৱাকৈ ১০০ টকাকৈ কৃতজ্ঞতা হিচাপে আগবঢ়োৱা হ’ব ৷ তিনি বছৰৰ পিছত গছপুলিটো যদি জীয়াই থাকে, তেতিয়া পুনৰ ব্যক্তিগৰাকীলৈ ২০০ টকা আগবঢ়োৱা হ’ব ৷ এই বছৰ এই অভিযান সফল হ’লে প্রত্যেক বছৰে ১ কোটিকৈ গছপুলি ৰোপণৰ ব্যৱস্থা কৰা হ’ব ৷ অসমত এক বনকেন্দ্রিক সমান্তৰাল অর্থনীতি গঢ় লৈ উঠাৰ বাবে ৰাজ্য চৰকাৰে প্রচেষ্টা লৈছে ৷ জনসাধাৰণক নিজৰ বাৰীতে শাল–চেগুন আদিৰ দৰে বাণিজ্যিকভাৱে চাহিদা থকা গছপুলি ৰোপণৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই আহ্বান জনায় ৷ তদুপৰি প্রতিগৰাকী লোকে নিজৰ জন্মদিনটোত এটাকৈ গছপুলি ৰোপণ কৰিলে এবছৰত অতিৰিক্তভাৱে তিনি কোটি ৬০টা গছপুলি ৰোপণ হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে ৷ আজিৰ এই অনুষ্ঠানতে ‘প্রাকৃতিক কৃষিৰ দিশত এখোজ’ শীর্ষক এখন সহায়িকা পুথি আৰু ‘ৰেয়াৰ এণ্ড থ্রীটেইণ্ড প্লেণ্ট স্পেচিছ অৱ আছাম’ শীর্ষক পুস্তিকা ৰাজ্যপাল কাটাৰিয়া আৰু মুখ্যমন্ত্রী ড০ শর্মাই মুকলি কৰে ৷ আজিৰ এই অনুষ্ঠানত ৰাজ্যপালৰ সহধর্মিণী তথা ৰাজ্যৰ ফার্ষ্ট লেডী অনিতা কাটাৰিয়াও উপস্থিত থাকে ৷

প্ৰেৰক নুৰুল ইছলাম

Featured