ঢকুৱাখনাত মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মাণ আচঁনিৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰী : অসম চৰকাৰৰ লোকনিৰ্মাণ পথ বিভাগৰ মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মাণ আচঁনিৰ অধীনত ঢকুৱাখনাত নিৰ্মাণ হ’ব লগা দুটাকৈ পথ নিৰ্মাণৰ আজি শুভাৰম্ভ কৰে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেই ৷ ২০২৩-২৪ বৰ্ষৰ মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মাণ আচঁনিৰ ১১ কোটি ১৮ লাখ টকা ব্যয়সাপেক্ষে ঢকুৱাখনা আৰু নাওবৈচা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত ঢকুৱাখনা ঘুণাসুঁতি পথৰ দুলীয়া গাঁও চাৰিআলিৰ পৰা অসম ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান চৌহদলৈ নিৰ্মাণ হ’ব লগা ০.৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ অংশৰ লগতে ঢকুৱাখনা টাউন তিনিআলিৰ পৰা বকুলগুৰি চাৰিআলি হৈ টেকেলিফুটালৈকে ৯.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰি ৰাইজৰ সহযোগিতা কামনা কৰে বিধায়কগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী উন্নত পকীপথৰ শুভাৰম্ভ অনুষ্ঠানত ঢকুৱাখনা উপ-জিলাৰ সহ-আয়ুক্ত সুদৰ্শন শইকীয়া, ঢকুৱাখনা আৰু নাওবৈচা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দণ্ডিনাথ মিলি আৰু সুভে কৰ্মকাৰ, ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাসৰ লগতে সন্মিলিত গণশক্তি অসম দলৰ নেতা-পালিনেতাকে ধৰি দলীয় ৰাজ্যিক, জিলা আৰু মাণ্ডলিক পৰ্যায়ৰ বহুসংখ্যক নেতা-কৰ্মীৰ উপৰি শতাধিক লোক উপস্থিত থাকে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

Featured