কলগাছিয়াৰ তাপেশ্বৰাত শিশুৰ সলিল সমাধি

🔹 পুখুৰীত পৰিল একেটা পৰিয়ালৰ তিনিগৰাকী শিশু

নিয়মীয়া বাৰ্তা, ২৭ জুলাই : কলগাছিয়াৰ তাপেশ্বৰা গাঁৱত এক অঘটন সংঘটিত হয়। পুখুৰীৰ পানীত পৰিল একেটা পৰিয়ালৰ তিনিগৰাকী শিশু। ঘটনাত সাহাব উদ্দিনৰ কন্যা সুহানা পাৰবিন (৩)ৰ সলিল সমাধি ঘটে। জীৱন্তে উদ্ধাৰ কৰে শ্বৰিফুল ইছলামৰ পুত্ৰ শ্বাফিন আহমেদ (৩) আৰু শ্বাহানুৰ ইছলামৰ কন্যা ছাদিয়া খাতুন (৪)ক। ইতিমধ্যে পৰিয়ালৰ লোকে জীৱিত দুয়োগৰাকী শিশুক সংকটজনক অৱস্থাত কলগাছিয়া বৰপেটা অসামৰিক চিকিৎস্যালয়ত ভৰ্তি কৰায়। জানিব পৰা মতে, কলগাছিয়া থানাৰ অন্তৰ্গত তাপেশ্বৰা গাঁৱত একেটা পৰিয়ালৰ ৩টি শিশু ঘৰৰ ওচৰতে থকা পুখুৰীৰ পাৰত খেলি থকা অৱস্থাত পুখুৰীৰ পানীত পৰে। খন্তেক পিছতে ঘৰৰ পৰিয়ালৰ লোকে বিচাৰি নাপাই পুখুৰীৰ পানীত প্ৰত্যক্ষ কৰে শিশুকেইটিক। লগে লগে পৰিয়ালৰ লোকে পানীৰ পৰা শিশুকেইটিক উঠায় যদিও এটি শিশুৰ মৃত্যু হয়। আন দুটি শিশুক বৰপেটা চিভিল হাস্পতালত ভৰ্তি কৰোৱাত চিকিৎসা চলাই থকা হৈছে যদিও অৱস্থা সংকটজনক।

প্ৰেৰক মফিদুল ইছলাম

Featured