লোহাৰঘাটত শিশু সুুৰক্ষা সম্পৰ্কীয় সজাগতা সভা

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ : কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত লোহাৰঘাট চৰকাৰী মজলীয়া বিদ্যালয়ত আজি শিশু সুৰক্ষা সম্পৰ্কীয় এখনি বিশেষ সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ স্বেচ্ছাসেৱী সংস্থা “অসম চেন্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট“ৰ উদ্যোগত তথা কামৰূপ জিলা আইন প্ৰাধিকাৰী সেৱাৰ সহযোগত আয়োজিত সজাগতা সভাখনত যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা আইন (POCSO ACT), ২০১২ আৰু শিশুৰ অন্যান্য বিশেষ আইন সম্পৰ্কত বিশেষভাৱে আলোকপাত কৰা হয় ৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থকা সভাখনত জিলা আইন প্ৰাধিকাৰী সেৱাৰ জ্যোতিষ্মিতা শৰ্মা, দেৱপ্ৰীতি শৰ্মা, চৈয়দ ইছমাইল আলী, মনজিৎ দাসকে ধৰি বিষয়ববীয়াসকলে উপস্থিত থাকি নিজ নিজ বক্তব্যত শিশুসকলৰ মৌলিক অধিকাৰ সম্পৰ্কে আলোকপাত কৰে ৷ বিশেষকৈ শিশুসকলৰ শিক্ষাৰ অধিকাৰৰ লগতে বাল্য বিবাহ, শিশু শ্ৰমিক তথা যৌন আতিশয্যৰ ক্ষেত্ৰত আইনৰ ধাৰাসমূহৰ বিষয়ে বিতংভাৱে বুজাই দিয়ে ৷ আনকি শিশুসকল দেশৰ ধৰণীস্বৰূপ বুলি উল্লেখ কৰি সকলোকে সজাগ আৰু সচেতন হৈ সুস্থ সমাজ গঢ়িবলৈ আহ্বান জনায় আইনজ্ঞসকলে ৷ ইফালে, স্বেচ্ছাসেৱী সংস্থাটোৰ জিলা সমন্বয়ক অপূৰ্ব শৰ্মাই পৰিচালনা কৰা সভাখনত বিদ্যালয়খনৰ প্ৰধান শিক্ষক হৰেন চন্দ্ৰ নাথে নিজ বক্তব্যত সাম্প্ৰতিক সময়ত অনগ্ৰসৰ অঞ্চলবোৰত এনেকুৱা সজাগতামূলক সভাৰ প্ৰয়োজনীয়তা অতি জৰুৰী বুলি কয় ৷ তদুপৰি এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলকো সজাগ হ’বলৈ আহ্বান জনায় নাথে ৷ সভাৰ অন্তত শিশুসকলৰ মৌলিক অধিকাৰ তথা সুৰক্ষাৰ হকে সমূহীয়া সংকল্প পাঠ কৰা হয় ৷

প্ৰেৰক নুৰুল ইছলাম

Featured