ভেৰগাঁৱত শিশু সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা

নিয়মীয়া বাৰ্তা,  ২৭ জুন : ভেৰগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত অসম ৰাজ্যিক শিশু সুৰক্ষা আয়োগে আজি ভেৰগাঁৱত আয়োজন কৰে শিশু সুৰক্ষা সম্পৰ্কীয় এখন সজাগতা সভা । ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত এই সভাত ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ সদস্য অজয় কুমাৰ দত্তই শিশুৰ অধিকাৰ সুৰক্ষিত কৰা, শিশু শ্ৰমিক বন্ধ কৰা, শিশু সৰবৰাহ বন্ধ কৰাকে ধৰি শিশুৰ অধিকাৰ, শিশুৰ যতন ইত্যাদি দিশ উল্লেখ কৰি এইক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে চৰকাৰী বিষয়াসকলক আহ্বান জনায় । শিশু সম্পৰ্কীয় আইনসমূহৰ সঠিক ৰূপায়ণৰ ক্ষেত্ৰত চকু ৰাখিবলৈও বিষয়াসকলক তেওঁ আহ্বান জনায় । গুৰুত্বপূৰ্ণ এই সজাগতা সভাত মহকুমাধিপতি (ভেৰগাঁও) ৰিংখাং মছাহাৰী, ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ সদস‌্য মৌচুমী ব্ৰহ্ম, বন্দনা ছাচনী, সহকাৰী আয়ুক্ত ৰিণি হাজৰিকা, মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মাৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে । ইপিনে, ভেৰগাঁৱৰ বিষ্ণু ৰাভা সাংস্কৃতিক ভৱনতো আয়োজন কৰা হয় শিশু সম্পৰ্কীয় অভিযোগ নিষ্পত্তিকৰণৰ এক সজাগতা শিবিৰ। জিলা আয়ুক্ত জাভিৰ ৰাহুল সুৰেশ প্ৰমুখ্যে শিশু কৰ্মী আৰু বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰা এই শিবিৰত শিশুৰ অভাৱ-অভিযোগ সম্পৰ্কীয় প্ৰায় পাঁচশ গোচৰ পঞ্জীয়ন কৰি এইবোৰ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট বিভাগলৈ প্ৰেৰণ কৰা হয় । বিশেষভাৱে সক্ষম পাঁচগৰাকী ব্যক্তিক পাঁচখন হুইল চেয়াৰো প্ৰদান কৰা হয় এই শিবিৰত ।

প্ৰেৰক ‌ ধীৰেন মহলীয়া

Featured