চিৰাং আৰক্ষীৰ শিশুৰ অধিকাৰ-সুৰক্ষা সজাগতা অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰ : অসম আৰক্ষীৰ ‘শিশু মিত্ৰ’ অভিযানৰ অংশ হিচাপে ১৫ নৱেম্বৰৰ পৰা পালন কৰা শিশু অধিকাৰ সপ্তাহৰ লগত সংগতি ৰাখি চিৰাং জিলা আৰক্ষীয়েও এলানি কাৰ্যসূচী ৰূপায়ণ কৰে। জিলাখনৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান বঙাইগাঁও শোধনাগাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক শিশুৰ অধিকাৰ সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আজি এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ বিজয় কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাখনত চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মা, চিৰাং জিলা শিশু সুৰক্ষা বিষয়া ডাঃ সুৰশ্ৰী পাঠকে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক শিশুৰ অধিকাৰ সম্পৰ্কে ৰসাল বক্তৃতা প্ৰদানৰ জৰিয়তে সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰে। জিলা শিশু সুৰক্ষা বিষয়া আৰু চিৰাং আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ পৰা অতি ৰসাল তথা সৰল ভাষাত শিশুসকলৰ অধিকাৰ সম্পৰ্কে প্ৰদান কৰা ভাষণত ছাত্ৰ-ছাত্ৰীসকল উৎফুল্লিত হৈ পৰে। কণ কণ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ অধিকাৰ সম্পৰ্কে অধিক জ্ঞান আহৰণৰ উদ্দেশ্যে বিষয়টোৰ ওপৰত পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণী আৰু অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দুটা শাখাত ছবি অঁকা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। তদুপৰি আজিৰে পৰা আগন্তুক তিনি দিনলৈ বিদ্যালয় চৌহদত শিশুৰ অধিকাৰসমূহ লিপিবদ্ধ কৰা পোষ্টাৰ আঁৰি থোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে। অনুষ্ঠানৰ মাজতে আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মাই চিত্ৰাংকন প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক বঁটাসমূহ প্ৰদান কৰে। বিদ্যালয়ৰ অধ্যক্ষ আৰু উপাধ্যক্ষ ভৱানন্দ নাথে চিৰাং আৰক্ষীয়ে সময়োপযোগী সুন্দৰ অনুষ্ঠানটি বিদ্যালয়খনত অনুষ্ঠিত কৰা বাবে আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাৰ লগতে চিৰাং আৰক্ষীৰ সমূহ বিষয়া আৰু কৰ্মচাৰীৰ শলাগ লয়। অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অসম সংগীত আৰু বিদ্যালয় সংগীত পৰিৱেশন কৰে। আজিৰ সজাগতা সভাখনৰ লগত সংগতি ৰাখি আয়োজন কৰা সম্বৰ্দ্ধনা অনুষ্ঠানত বিদ্যালয় কৰ্তৃপক্ষ আৰু আৰক্ষী বিভাগৰ হৈ যৌথভাৱে আঁত ধৰে ক্ৰমে শিক্ষক ৰঞ্জিত কুমাৰ দাস আৰু কাজলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক পৱন গায়নে।

প্ৰেৰক বিপুল কুমাৰ দাস

Featured