চাৰিদুৱাৰ আৰক্ষীৰ জালত চি আই ডিৰ লেন্সনায়ক সুৰোজ ডেকা

🔹 অনলাইন ৱেবছাইট খুলি অধিক মুনাফাৰ প্ৰলোভন দি সংগ্ৰহ লক্ষ লক্ষ টকা

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰ : শোণিতপুৰৰ চাৰিদুৱাৰত কালি চাৰিদুৱাৰ আৰক্ষীয়ে অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ নামত চাৰিদুৱাৰৰ বাসিন্দা অঞ্জন সুপ্ৰিয়ম দাসক আটক কৰাৰ পিছত আজি আৰক্ষীয়ে অঞ্জনৰ স্বীকাৰোক্তিৰ ভিত্তিত আটক কৰে প্ৰৱঞ্চনাৰ মাষ্টাৰমাইণ্ড ৰাজ্যৰ চি আই ডি বিভাগত লেন্সনায়ক হিচাপে কৰ্মৰত সুৰোজ ডেকা নামৰ লোকজনক । সুৰোজ ডেকা নামৰ লোকজনে https://minningtradeexchange.com নামৰ এটা অনলাইন ৱেবছাইট খুলি বালিপৰা, চাৰিদুৱাৰ অঞ্চলৰ লগতে অসমৰ বিভিন্ন ঠাইৰ লোকৰ পৰা অধিক মুনাফা লাভৰ প্ৰলোভন দি অঞ্জনৰ যোগেদি ৫০ লক্ষাধিক টকা সংগ্ৰহ কৰি দীৰ্ঘদিনৰে পৰা প্ৰৱঞ্চনা কৰি আহিছিল । উল্লেখ্যে যে চাৰিদুৱাৰ আৰক্ষীয়ে আজি বাইহাটা চাৰিআলিৰ পৰা সুৰোজ ডেকাক আটক কৰি চাৰিদুৱাৰ থানাত হাজিৰ কৰোৱাৰ লগতে অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে । একেদৰে কালি ধৃত অঞ্জনৰ মাতৃয়ে আজি চাৰিদুৱাৰ থানাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয় যে সামাজিক মাধ্যম ফেচবুকত নিজ পুত্ৰ অঞ্জনৰ সৈতে চিনাকি হৈ সুৰোজ ডেকাই ২০১৫ চনতে অঞ্জনৰ চাৰিদুৱাৰৰ ঘৰলৈ গৈ অনলাইন ট্ৰেডিঙৰ বিষয়ে আলোচনা আৰু অধিক মুনাফাৰ প্ৰলোভন দিছিল । অঞ্জনে অসমৰ বিভিন্ন স্থানৰ পৰা অনলাইন আৰু অফলাইনযোগে সুৰোজ ডেকাৰ ৱেবছাইটত বিনিয়োগ কৰাৰ নামত সংগ্ৰহ কৰিছিল লাখে লাখে টকা । আনকি কোনো কোনো মুনাফালোভী বিনিয়োগকাৰীয়ে বালিপৰা, চাৰিদুৱাৰলৈও আহি অঞ্জনক দি গৈছিল ধন  আৰু সংগ্ৰহ কৰা ধন অঞ্জনে অনলাইন টকা ট্ৰেন্সফাৰ এপৰ যোগেদি প্ৰেৰণ কৰিছিল সুৰোজলৈ । এনেদৰে বহু লোকৰ পৰা সুৰোজৰ হৈ অঞ্জনে সংগ্ৰহ কৰিছিল ৫০ লক্ষাধিক টকা। মাতৃগৰাকীয়ে কয়- অঞ্জনে আজিলৈকে ১৮ লাখ টকা সংগ্ৰহ কৰি দিছে । বৰ্তমান চাৰিদুৱাৰ আৰক্ষীয়ে ধৃত সুৰোজক মাৰাথন জেৰা অব্যাহত ৰাখিছে । সুৰোজৰ পৰা কি কি সামগ্ৰী জব্দ কৰা হৈছে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্তৰ খাতিৰত কোনো তথ্য সংবাদ মাধ্যমক সদৰী কৰা নাই । বালিপৰা, চাৰিদুৱাৰৰ লগতে অসমৰ কোন কোন অঞ্চলৰ কি কি বৃত্তিৰ লোকে এইগৰাকী সুৰোজ ডেকাৰ ৱেবছাইটত বিনিয়োগ কৰিছিল, সেয়া সময়তহে গম পোৱা যাব । মাষ্টাৰমাইণ্ড সুৰোজৰ হৈ অঞ্চলটোত আৰু কোনোবা প্ৰৱঞ্চক এজেন্ট আছে নেকি?- এই সন্দৰ্ভতো তদন্তৰ দাবী জনাইছে স্থানীয় সচেতন ৰাইজ, দল-সংগঠনে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

Featured