বজালী আৰক্ষীৰ কাণ্ড : পুনৰ চি আই ডিৰ অভিযান

🔹 ডিএছপি পুষ্কল গগৈ-আই চি দেৱজিৎ গিৰি-দালাল কিশোৰ বৰুৱাৰ বাসগৃহত তালাচী

নিয়মীয়া বাৰ্তা,  ১০ ছেপ্টেম্বৰ : অসম আৰক্ষীৰ ইতিহাসতে এক ক’লা অধ্যায় হিচাপে চিহ্নিত হোৱা বজালী আৰক্ষী কাণ্ড পোহৰলৈ অহা আজি দহ দিনত ভৰি দিলে যদিও আজিও অব্যাহত আছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ অভিযান ৷ উল্লেখ্য যে যোৱা পহিলা ছেপ্তেম্বৰৰ পৰা দিন-ৰাতি একাকাৰ কৰি চি আই ডিৰ দলে তাঁতবাটি কাঢ়িছে বজালীলৈ৷ মাজতে মাত্ৰ দুটা দিন বজালীত অভিযান চলোৱা নাছিল যদিও আজি আবেলি পুনৰ অভিযান চলায় বজালীত৷ আজি চি আই ডিৰ এট বৃহৎ দল বজালীত উপস্থিত হৈ পুনৰ জোৰদাৰ তদন্ত চলায় ৷ চি আই ডিয়ে আজি ইতিমধ্যে গ্ৰেপ্তাৰ কৰা ক্ৰমে বজালী আৰক্ষীৰ তদানীন্তন উপ-আৰক্ষী অধীক্ষক পুষ্কল গগৈ, ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ গিৰি আৰু দালাল কিশোৰ বৰুৱাক লগত লৈ এই অভিযান চলায়৷ আজি আবেলিৰ পৰা নিশা পৰ্যন্ত অভিযান চলাই থকা চি আই ডিৰ দলটিয়ে এটি এপলৰ মেকবুক বিচাৰি অভিযান চলাই থকা বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ চি আই ডিৰ দলটিয়ে প্ৰথমতে বজালী আৰক্ষীৰ তদানীন্তন উপ-আৰক্ষী অধীক্ষক পুষ্কল গগৈক লগত লৈ গগৈৰ পাঠশালাৰ ভাৰাঘৰত উপস্থিত হয় আৰু মেকবুকটোৰ লগতে আন তথ্য বিচাৰি অভিযান চলায়৷ তাৰ পিছতে চি আই ডিৰ দলটিয়ে ভাৱানীপুৰ আৰক্ষী চকীৰ IC দেৱজিত গিৰিক লগত লৈ তেওঁৰ ভৱানীপুৰৰ ভাৰঘৰত অভিযান চলায়৷ ইপিনে, চি আই ডিৰ দলটিয়ে এই লজ্জাজনক কাণ্ডৰ দালাল কিশোৰ বৰুৱাক লগত লৈ তেওঁৰ সৰুপেটাৰ নিকটৱৰ্তী ঘনোমাখা গৰাপীঠ গাঁৱৰ বাসগৃহতো তালাচী চলায়৷ চি আই ডিৰ আজিৰ এই অভিযানত মেকবুকটো নাইবা আন কিবা তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নে নাই, সেয়া অদ্যাপি জানিব পৰা হোৱা নাই৷ আনহাতে, চি আই ডিৰ তদন্তত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা কনিষ্টবল ছানোৱাৰ হুছেইনে বজালীৰ তদানীন্তন এছ পি সিদ্ধার্থ বুঢ়াগোহাঁইৰ নিৰ্দেশতে কেছ ডায়েৰীৰ (জিডি) পাত ফালিছিল বুলি স্বীকাৰ কৰাৰ কথা জানিব পৰা গৈছে। এল চি ছানোৱাৰে জিডিৰ ১৪, ১৫, ১৬ আৰু ১৭ জুলাইৰ পৃষ্ঠাকেইটা ফালিছিল আৰু পাঠশালা থানাৰ এলচি অনন্ত মালাকাৰৰ জৰিয়তে এছপি সিদ্ধার্থই ভুৱা জিডি প্ৰস্তুত কৰিছিল বুলি চি আই ডিৰ জেৰাত এই ভয়ংকৰ তথ্য উন্মোচিত হোৱাৰ বিষয়ে জানিব পৰা গৈছে৷ উল্লেখ্য যে বজালী আৰক্ষীৰ ধন দাবী কাণ্ডত তদানীন্তন আৰক্ষী অধীক্ষক সিদ্ধার্থ বুঢ়াগোহাঁই, উপ-আৰক্ষী অধীক্ষক পুষ্কল গগৈ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালকে ধৰি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ হাতত ইতিমধ্যে গ্ৰেপ্তাৰ গৈছে বহুকেইগৰাকী অভিযুক্ত। তদুপৰি বজালী কাণ্ডত নাম সাঙোৰ খাই পৰিছে আৰু ৫ অভিযুক্তৰ। এওঁলোক ক্ৰমে ছানোৱাৰ হুছেইন, অনন্ত মালাকাৰ, প্ৰাঞ্জল পাটৰ, চামছেং ইংলেং আৰু লক্ষ্যধৰ অধিকাৰী৷ এই পাঁচগৰাকীকো জেৰা অব্যাহত ৰাখিছে আৰু পাঁচোগৰাকী অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে এই সমগ্ৰ কাণ্ডত ইতিমধ্যে এছপি সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ পৰা উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণ নগদ ধন ৷ এছপি সিদ্ধাৰ্থৰ নেতৃত্বৰ এই নেক্সাছটোৰ জিম্মাত আৰু অধিক ধন থকাৰ সন্দেহ কৰিছে চিআইডিয়ে।

প্ৰেৰক কল্যাণ কলিতা

Featured