যোৰহাট লোকসভাৰ নিৰ্বাচন সন্দৰ্ভত অগপৰ প্ৰতিবেদনক লৈ স্পষ্টীকৰণ

বিশেষ বাৰ্তা, ২৯ মে’ : একাংশ সংবাদ মাধ্যমত যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচন সম্পৰ্কত অগপৰ প্ৰতিবেদন শীৰ্ষক বাতৰিটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় আৰু এনে কোনো প্ৰতিবেদন অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিয়ে লাভ কৰা নাই বুলি আজি স্পষ্ট কৰিলে দলটোৱে। এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে যোৱা ২০ মে’ত গুৱাহাটীৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত এখনি নিৰ্বাচনী পৰ্যালোচনামূলক সভা অনুষ্ঠিত হৈ যায়। এই সভাত বিস্তৃতভাৱে আলোচনা কৰা হয়। প্ৰকাশিত প্ৰতিবেদনখন কল্পনাপ্ৰসূত আৰু ভিত্তিহীন বুলি উল্লেখ কৰি দলৰ মুখ্য কাৰ্যালয়ে এনে কোনো প্ৰতিবেদন বৰ্তমানলৈ লাভ কৰা নাই বুলি কয়। দলে মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি সহযোগিতাৰে সকলো ধৰণৰ নিৰ্বাচনী কাম-কাজ পৰিচালনা কৰিছে। সংবাদ মাধ্যমত প্ৰকাশিত অপ্ৰাসংগিক আৰু অবাস্তৱিক এই প্ৰতিবেদনখন বিভ্ৰান্তি সৃষ্টি কৰাৰ বাহিৰে আন একো নহয় বুলি বিবৃতিটোত কলিতাই স্পষ্ট কৰে।

Featured