তিনি নতুন আইনে অনা ১০টা গুৰুত্বপূর্ণ পৰিৱর্তন জানিবলৈ ক্লিক কৰক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ জুলাইঃ ঔপনিৱেশিক যুগৰ পুৰণি ভাৰতীয় দণ্ডবিধি (আইপিচি), ফৌজদাৰী কার্যবিধি (চিআৰপিচি) আৰু ভাৰতীয় সাক্ষ্য আইন (আইইচি)ৰ পৰিৱর্তে আজি দেশজুৰি কার্যকৰি হৈছে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম৷ এই নতুন আইন তিনিখনে কি ক্ষেত্রত পৰিৱর্তন আনিলে সেয়া সকলোৰে বাবে জনাতো প্রয়োজনীয়৷ উল্লেখনীয় যে ভাৰতৰ অপৰাধ বিচাৰ ব্যৱস্থাত ইয়াৰ ফলত গুৰুত্বপূর্ণ পৰিৱর্তন আহিব৷ ঔপনিৱেশিক যুগৰ ভাৰতীয় দণ্ডবিধি, চিআৰপিচি, আইইচি আইনৰ পৰিৱর্তে যি নতুন তিনিখন আইন কার্যকৰি হ’ল, তাৰ গুৰুত্বপূর্ণ ১০টা বিষয় হ’ল এনেধৰণৰ–

১৷ বিচাৰ শেষ হোৱাৰ ৪৫ দিনৰ ভিতৰত গোচৰৰ ৰায় দিব লাগিব৷ প্রথম শুনানিৰ ৬০ দিনৰ ভিতৰত অভিযোগৰ শ্বার্জ গঠন হ’ব লাগিব৷ সাক্ষী সকলৰ সুৰক্ষা আৰু সহযোগিতা নিশ্চিত কৰিবলৈ সকলো ৰাজ্য চৰকাৰে সাক্ষী সুৰক্ষা আঁচনিক বাস্তৱায়িত কৰিব লাগিব৷

২৷ ধর্ষণৰ বলি মহিলাৰ ক্ষেত্রত জৱানবন্দী গ্রহণ কৰিব লাগিব এগৰাকী নাৰী আৰক্ষী বিষয়াই৷ নির্যাতিতাৰ অভিভাৱক বা আত্মীয়ৰ উপস্থিতিত সেই জবানবন্দী ৰেকর্ড কৰিব লাগিব৷ নির্যাতিতাৰ মেডিকেল ৰিপ’ট ৭ দিনৰ ভিতৰত শেষ কৰিব লাগিব৷

৩৷ নাৰী আৰু শিশু নির্যাতনৰ বিষয়ে আইনৰ নতুন অধ্যায়ত কোৱা হৈছে যে সন্তান ক্রয় কৰা বা বিক্রী কৰা জঘন্য অপৰাধ হিচাপে গণ্য হ’ব৷ ইয়াৰ কঠোৰ শাস্তিৰ বিধান আছে নতুন দণ্ডবিধিত৷ নাবালিকাক দলৱদ্ধ ধর্ষণৰ ক্ষেত্রত মৃত্যুদণ্ড বা জাবজ্জীৱন কাৰাদণ্ড হ’ব পাৰে এই নতুন আইনত৷

৪৷ বিয়াৰ মিছা প্রতিশ্রুতিৰে বিভ্রান্ত কৰি নাৰী ত্যাগ কৰিলে এই আইনত শাস্তিৰ বিধান ৰখা হৈছে৷

৫৷ নির্যাতনৰ বলি মহিলাসকলে ৯০ দিনৰ ভিতৰত গোচৰৰ নিয়মিত আপডেট লাভ কৰিব লাগিব৷ নাৰী আৰু শিশুক নির্যাতনৰ বলি হ’লে সকলো হাস্পতালত তেওঁলোকৰ বিনামূলীয়া প্রাথমিক চিকিৎসা কৰিব লাগিব৷

৬৷ অভিযুক্ত আৰু অভিযোগকাৰী উভয়েই ১৪ দিনৰ ভিতৰত এজাহাৰৰ কপি, আৰক্ষীৰ ৰিপ’ৰ্ট, ছার্জশ্বিট, জৱানবন্দী, স্বীকাৰোক্তিমূলক জবানবন্দী বা অন্যান্য নথি পোৱাৰ অধিকাৰী৷ গোচৰৰ শুনানী অপ্রয়োজনীয় বিলম্ব এৰাই চলিবলৈ আদালতে সর্বাধিক দুটা স্তগিতাদেশৰ অনুমতি লাভ কৰিব৷

৭৷ ইফালে বৈদ্যুতিন যোগাযোগ মাধ্যমত অভিযোগ দাখিল কৰিব পাৰিব৷ ইয়াৰ বাবে কোনো থানালৈ যোৱাৰ প্রয়োজন নাই৷ ‘জিৰো এফআইআৰ’ প্রৱর্তনৰ ফলত অভিযোগকাৰীয়ে যিকোনো থানাত এফআইআৰ দাখিল কৰিব পাৰিব৷

৮৷ নিজৰ পছন্দৰ ব্যক্তিক ধৃত ব্যক্তিয়ে অৱস্থা সম্পর্কত সবিশেষ জনোৱাৰ অধিকাৰ লাভ কৰিব৷ যাতে ধৃত ব্যক্তিয়ে তাৎক্ষণিক সহায় লাভ কৰে তাৰ বাবেই এই ব্যৱস্থা ৰখা হৈছে৷ পৰিয়াল আৰু বন্ধু বান্ধৱসকলে যাতে সহজতে ধৃত ব্যক্তিৰ গ্রেপ্তাৰীৰ বিষয়ে তথ্য লাভ কৰিব পাৰে, তাৰ বাবে থানা আৰু জিলা সদৰত ধৃতসকলৰ তথ্য প্রদর্শিত হৈ থাকিব৷

৯৷ এতিয়া গুৰুতৰ অপৰাধৰ ক্ষেত্রত অপৰাধৰ ঘটনাস্থল পৰিদর্শন কৰা বাধ্যতামূলক হৈছে ফৰেণচিক বিশেষজ্ঞসকলৰ বাবে৷ ঘটনাস্থলীলৈ গৈ ফৰেণচিক বিশেষজ্ঞসকলে নিজেই প্রমাণ সংগ্রহ কৰিব লাগিব৷

১০৷ ‘লিংগ’ৰ সংজ্ঞাত এতিয়া তৃতীয় লিংগকো অন্তর্ভুক্ত কৰা হৈছে৷ মহিলাসকলৰ বিৰুদ্ধে কিছু অপৰাধৰ বাবে, সম্ভৱ হ’লে এগৰাকী মহিলা দণ্ডাধীশৰ দ্বাৰা নির্যাতিতাৰ জবানবন্দী ৰেকর্ড কৰা উচিত বুলি উল্লেখ কৰা হৈছে নতুন বিধিত৷ সেয়া যদি সম্ভৱ নহয়, তেন্তে এগৰাকী মহিলাৰ উপস্থিতিত এজন পুৰুষ দণ্ডাধীশে সেই জবানবন্দী ৰেকর্ড কৰিব লাগিব৷ ধর্ষণ সম্পর্কীয় বক্তব্যক অডিঅ’–ভিডিঅ’ৰ মাধ্যমত ৰেকর্ড কৰা হ’ব৷ তিনি নতুন অপৰাধ আইনে এই দিশবোৰতেই পৰিৱর্তন আনিছে৷

Featured