বন্দুকৰ ভয় দেখুৱাই ভোট বিচৰাসকলে এতিয়া হাতজুৰি ভোট বিচাৰে : মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিল: ‘আগতে বন্দুকৰ ভয় দেখুৱাই ভোট বিচাৰিছিল। এতিয়া হাতজুৰি ভোট বিচাৰে। গোষ্ঠী সংঘৰ্ষ, বোমা, গুলী-বাৰুদৰে অশান্ত পৰিৱেশে বিৰাজ কৰা বিটিএডিত এতিয়া শান্তি প্ৰতিষ্ঠাৰ লগতে চাৰিওফালে উন্নয়ন হৈছে। আজি আমি ‘আকৌ এবাৰ মোদী চৰকাৰ’ গানৰ তালে তালে বড়ো, ৰাজবংশী, আদিবাসী, নেপালী, হিন্দু, মুছলমান সকলোৱে একেলগে নাচিছোঁ। এয়া সম্ভৱ হৈছে একমাত্ৰ মোদী চৰকাৰৰ বাবে। শান্তি, ঐক্য আৰু উন্নয়নৰ বাবে মোদীজীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী বনাই লাগিব।’ চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ নিকটৱৰ্ত্তী কদমতলাত ইউপিপিএল দলে অনুষ্ঠিত কৰা বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে। কোকৰাঝাৰ সংসদীয় সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উপস্থিত কেইবাসহস্ৰাধিক ভোটাৰ ৰাইজক ইউপিপিএল দল প্ৰক্ষেপিত তথা এন ডি এ সমৰ্থিত উদীয়মান যুৱ নেতা জয়ন্ত বসুমতাৰীক ইভিএমৰ বেলট ইউনিটৰ তিনি নম্বৰত থকা ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। যোৱাবাৰৰ নিৰ্বাচনত বহুতে ট্ৰেক্টৰ বুলি ৰ’লাৰৰ ছবিত ভোট দি ১৮ হাজাৰ ভোট নষ্ট কৰা বুলি উল্লেখ কৰি এইবাৰ ভালদৰে ট্ৰেক্টৰ আৰু জয়ন্ত বসুমতাৰীৰ ফটো চাই ভোট দিবলৈ আহ্বান জনায়। জয়ন্ত বসুমতাৰীক ভোট দিলে মোদীজীক আৰু মামাক ভোট দিয়া। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰচাৰ সভাত উপস্থিত আই মাতৃসকলক কোনে কোনে অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ড লাভ কৰিছে বা লাভ কৰানাই হাত দাঙিবলৈ কোৱাত অতি কম সংখ্যকে ৰেচন কাৰ্ড নোপোৱা বুলি জানিব পাৰি মুখ্য মন্ত্ৰীয়ে নিৰ্বাচনৰ পাছতে সকলোৱে সুবিধাসমূহ ভোগ কৰাৰ সুবিধা লাভ কৰিব বুলি নিশ্চিতি প্ৰদান কৰে। প্ৰচাৰ সভাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ইউপিপিএল দলৰ সৈতে বিজেপি দলৰ মিত্ৰতা দুটা ৰাজনৈতিক দলৰ মিত্ৰতা নহয়, বিটিআৰৰ শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ মিত্ৰতা। বিজেপি আৰু ইউপিপিএল দলে মিত্ৰতা কৰাৰ পাছত বিটিআৰ অঞ্চলত বোমা বিস্ফোৰণ, গ্ৰেনেড, গুলী ফুটাটো বন্ধ হৈছে। আমাৰ দলে অসমত চৰকাৰ গঠন কৰাৰ পাছত ৰাজ্যত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে। বিটিআৰলৈ ঘূৰি অহা শান্তিৰ পৰিৱেশক আমি স্থায়ী কৰিবই লাগিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। আজি বিয়লিৰ ভাগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই হেলিকপ্টাৰযোগে আহি কদমতলাত অবতৰণ কৰাৰ লগে লগে বহুসংখ্যক গুণমুগ্ধই নিজৰ নিজৰ জনগোষ্ঠীয় ফুলাম গামোচা, আৰণাই আৰু ফুলৰ থোপাৰে উষ্ম আদৰণি জনায়। ইউপিপিএল দলে অনুষ্ঠিত কৰা বিজয় সংকল্প সমাৱেশত মন্ত্ৰী ৰঞ্জিত দাস, অশোক সিংঘল, ইউ জি ব্ৰহ্ম, ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে উপস্থিত ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ নিজৰ নিজৰ ভাষণত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা জনকল্যাণমূলক কাম আৰু আঁচনিসমূহৰ খতিয়ান ডাঙি ধৰে। চিৰাঙৰ প্ৰচাৰ সভাৰ পৰা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু সতীৰ্থ মন্ত্ৰীসকলৰ সৈতে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰু গোসাঁইগাঁও অভিমুখে ৰাওনা হয়।

প্ৰেৰক বিপুল কুমাৰ দাস

Featured