প্রাইড ইষ্টে ধন লোৱাৰ প্রমাণ দিলে ৰাজহুৱা জীৱন ত্যাগৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ১৫ ছেপ্টেম্বৰঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে কেন্দ্রীয় চৰকাৰৰ ৰাজসাহায্য লাভ কৰা বুলি ৰাজহুৱাকৈ আৰু সামাজিক মাধ্যমৰ জৰিয়তে সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা অভিযোগ পুনৰ নস্যাৎ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি টুইটযোগে মুখ্যমন্ত্রীগৰাকীয়ে সাংসদ গৌৰৱ গগৈক প্রত্যাহ্বান জনাই কয়– ‘গৌৰৱ গগৈৰ উত্তৰটোৱে স্পষ্ট কৰি দিয়ে যে ভাৰত চৰকাৰে উল্লেখিত কোম্পানীটোৰ নামত কোনো ধন আদায় দিয়া নাই৷ পুনৰ দৃঢ়তাৰে স্পষ্ট কৰি দিওঁ যে মোৰ পত্নী অথবা তেওঁ জড়িত থকা প্রতিষ্ঠানে চৰকাৰৰ পৰা কোনো ধন বিচৰাও নাই৷ যদি কোনোবাই এই কথাৰ প্রমাণ দিব পাৰে, তেনেহ’লে ৰাজহুৱা জীৱন ত্যাগ কৰাৰ দৰে শাস্তি মূৰ পাতি ল’বলৈও সাজু আছোঁ৷’ আন এটা টুইটৰ জৰিয়তে সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্রীগৰাকীক বিক্ষুব্ধ নহ’বলৈ কৈ বিৰোধী বিধায়কসকলে বিধানসভাত তেওঁৰ অপেক্ষা থকা বুলি প্রকাশ কৰে৷ তদুপৰি মুখ্যমন্ত্রীগৰাকী আদালতলৈ গ’লে তেওঁ সুখী হ’ব বুলিও গৌৰৱ গগৈয়ে মন্তব্য কৰে৷ এই সন্দর্ভতে উভতি ধৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে পূর্বৰ দৰেই তেওঁৰ কথা তথ্যসহকাৰে প্রমাণ কৰিবলৈ সক্ষম হ’ব৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই সাংসদ গৌৰৱ গগৈক উদ্দেশ্যি কয়– ‘হয়, মই ক্ষোভিত৷ আপোনাৰ পৰিয়ালৰ বিৰুদ্ধে ২০১০ চনৰ পৰাই মই ক্ষোভিত হোৱাৰ বহু কাৰণ আছে৷ মই নিশ্চিত যে খুব সোনকালে আমি আদালতত আকৌ দেখাদেখি হ’ম৷ ২০১৬ আৰু ২০২১ৰ দৰেই মই মোৰ কথা তথ্যসহকাৰে প্রমাণ কৰিম৷ আদালত আৰু ৰাইজৰ আদালতত সকলো কথা পুনৰ প্রমাণ কৰিবলৈ মই বদ্ধপৰিকৰ৷’ লক্ষণীয় যে মুখ্যমন্ত্রী ড০ শর্মাৰ পত্নী ৰিণিকি ভূঞা শর্মাৰ দ্বাৰা পৰিচালিত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে কেন্দ্রীয় চৰকাৰৰ পৰা ৰাজসাহায্য লাভ কৰা বুলি অভিযোগ উত্থাপন কৰি সাংসদ গৌৰৱ গগৈয়ে কেইবাটাও টুইট কৰিছিল৷

Featured