ভেল’ৰত অসম ভৱন উদ্বোধন ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ তামিলনাডুৰ ভেল’ৰত আজি নৱনির্মিত অসম ভৱনটো মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুকলি কৰে৷ ৪,৩৪০ বর্গমিটাৰৰ মুঠ এলেকা সামৰি ২৩ কোটি টকা ব্যয় সাপেক্ষে এই অসম ভৱনটো নির্মাণ কৰা হৈছে৷ এই ভৱনটো অসমৰ পৰা চিকিৎসাৰ বাবে অহা ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ বাবে ৪০টা কোঠা আৰু ৩টা ডর্মিটৰী থাকিব৷ অসম ভৱনটোৰ অসম চৰকাৰৰ ষ্টাফ, কর্মচাৰী, যুটীয়া আৱাসিক আয়ুক্ত থকাৰ লগতে তামিলনাডু চৰকৰৰ লগত সমন্বয় ৰক্ষা কৰি চলিব৷ ইয়াৰ ফলত জনসাধাৰণৰ যথেষ্ট সুবিধা হ’ব৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বছৰৰ পাছত বছৰ ধৰি অসমৰ পৰা বহু লোক কেন্সাৰৰ চিকিৎসাৰ বাবে ভেল’ৰলৈ আহে৷ দৰিদ্র, আর্তজনৰ লগতে মধ্যবিত্ত পৰিয়ালৰ লোক ভেল’ৰলৈ চিকিৎসাৰ বাবে আহিবলগীয়া হোৱা হেতু বহু বছৰৰ পৰা ভেল’ৰত অসম ভৱন নির্মাণৰ দাবী উত্থাপন হৈ আহিছে৷ ২০১২ চনত ভেল’ৰত অসম ভৱন নির্মাণৰ পৰিকল্পনা কৰা হয়৷ কিন্তু লোকনির্মাণ বিভাগৰ লগত সামঞ্জস্য নথকা বাবে কামটো অৱহেলিত হৈ পৰি আছিল৷ বিজেপি দল ক্ষমতালৈ অহাৰ পাছত নতুন নিবিদা আহ্বান কৰি, নতুন ঠিকাদাৰ নিয়োগ কৰি নির্মাণৰ কাম আৰম্ভ কৰা হয়৷ অসমৰ জনসাধাৰণৰ সেৱাৰ বাবে আজি এই অসম ভৱনটো উৎসর্গিত কৰা হৈছে ভেল’ৰৰ খ্রীষ্টান মেডিকেল কলেজত চিকিৎসাৰ বাবে অসমৰ পৰা অহা ৰোগী আৰু ৰোগীৰ সৈতে অহা ব্যক্তিসকলে থকা–মেলাৰ ক্ষেত্রত ইমানদিনে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷ আজি এই ভৱনটোৰ শুভ উদ্বোধনে সেই সমস্যা আজি লাঘৱ কৰিব৷ তদুপৰি ভেল’ৰ ইনষ্টিটিউট অব টেকনল’জীত উচ্চ শিক্ষাৰ বাবে অহা ছাত্র–ছাত্রীসকলকো এই ভৱনটোৱে উপকৃত কৰিব৷ প্রায় ২৩ কোটি টকা ব্যয় সাপেক্ষে চাৰিটা পর্যায়ত এই ভৱনটো নির্মাণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিভিন্ন প্রতিষ্ঠানক ইয়াৰ নির্মাণৰ দায়িত্ব প্রদান কৰা হৈছিল৷ ভেল’ৰত অসম ভৱনৰ পৰা ১০ কিলোমিটাৰ ব্যাসার্ধত খ্রীষ্টান মেডিকেল কলেজ আৰু ভেল’ৰ ইনষ্টিটিউট অব টেকন’লজীৰ অৱস্থিতিয়ে এই ভৱনটোৰ গুৰুত্ব আৰু অধিক বৃদ্ধি কৰিছে৷ ভেল’ৰৰ উপৰি দেশৰ বিভিন্ন প্রান্তত ৰাজ্য চৰকাৰে অসম ভৱন নির্মাণৰ বাবে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বাংগালুৰুত নির্মাণ কৰি থকা অসম ভৱনটো অহা বছৰৰ ফেব্রুৱাৰী মাহত নির্মাণ কার্য সম্পূর্ণ হ’ব৷ নতুন দিল্লীৰ চর্দাৰ পেটেল মার্গত থকা পুৰণি অসম ভৱনটো ভাঙি নতুনকৈ বৃহৎ পৰিসৰত অসম ভৱনৰ নির্মাণৰ পৰিকল্পনা কৰা হৈছে৷ ১০০ কোটি টকা ব্যয়ৰে এই অসম ভৱনটো নির্মাণ কৰা হ’ব৷ নতুন দিল্লীত আন এক অসম ভৱন নির্মাণৰ বাবেও ৰাজ্য চৰকাৰে পদক্ষেপ লোৱাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ৭–১০ দিনৰ ভিতৰত ভৱনটো নির্মাণৰ বাবে ভূমি আবণ্টন পোৱা হ’ব৷ এই প্রস্তাৱিত অসম ভৱনটোত সন্মিলন কেন্দ্র, নামঘৰ আদিৰো ব্যৱস্থা থাকিব, য’ত অসমৰ সাংস্কৃতিক সত্বা প্রতিফলিত হ’ব৷ কলকাতাত ৰাছেল ষ্ট্রীটত থকা অসম ভৱনটোও পুনৰ নির্মাণৰ পদক্ষেপ লোৱা হৈছে৷ পুণে আৰু আহমেদাবাদতো দুটা অসম ভৱন নির্মাণৰ বাবে মাটি বিচাৰি থকা হৈছে৷ অনুষ্ঠানত মন্ত্রী ৰঞ্জিত কুমাৰ দাস, অশোক সিংহল, কার্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, ভেল’ৰ ইনষ্টিটিউট অব টেৰন’লজীৰ আচার্য ড০ জি বিশ্বনাথনকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Featured