সৰুপেটাত ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

🎯প্ৰয়োজনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্থানৰ বুকুত গৈও বোম ফুটাই আহিব : ড ° হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিল : ২০১৪ চনৰ আগত আমাৰ অসমৰ ৰাইজৰ আলোচনাৰ বিষয়বস্তু আছিল যে আজি পৰেশ বৰুৱাই কি বিবৃতি দিলে, আজি বড়োলেণ্ডত কি ঘটিল, আজি কাৰ্বি আংলংত কি হল ইত্যাদি ইত্যাদি। কিন্ত এতিয়া অসমৰ ৰাইজৰ আলোচনাৰ বিষয়বস্তু হল যে অৰুণোদয় কেতিয়া পাম, চাকৰিৰ বিজ্ঞাপন কেতিয়া দিব, লাখপতি বাইদেউ কেতিয়া হম আদি। এতিয়া বাতৰি কাকতৰ হেদলাইনো সলনি হৈ গল। এতিয়া অসমৰ চাৰিওফালে শান্তিৰ পৰিবেশ বিৰাজমান হৈছে। এইবুলি মন্তব্য কৰে আজি সৰুপেটাত অনুস্থিত এখন বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বজালী জিলাৰ সৰুপেটাস্থিত বি এইচ বি মহাবিদ্যালয় খেল পথাৰত বৰপেটা লোক সভা সমষ্টিৰ বিজেপি আৰু অগপ দলৰ মিত্ৰজোটৰ প্ৰাৰ্থী ফনীভূষণ চৌধুৰীৰ সমৰ্থনত আয়োজিত আজিৰ সভাখনত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণ প্ৰসংগত কয় যে বৰপেটাত এইবাৰ পদুম মানে হাতী আৰু হাতী মানেই পদুম। গতিকে ৰাইজ আমাৰ মুখ্য উদ্দেশ্য হব লাগে যে দিল্লীত বিজেপি চৰকাৰ হব লাগে আৰু নৰেন্দ্ৰ মোদী পুণৰ বাৰ প্ৰধানমন্ত্ৰী পদত নিয়োজিত হব লাগে। তদুপৰি আমাৰ ভাৰতখনত যদি আমি সুস্থিৰ ৰাখিব লাগে, ভাৰতখনত যদি আমি প্ৰত্যেক পৰ্যায়তে বিপদৰ পৰা ৰক্ষা কৰিব লাগে আৰু আমাৰ অসমখনো যদি সুৰক্ষিত কৰি ৰাখিব লাগে, বিকশিত কৰিব লাগে তেন্তে দিল্লীত নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিবই লাগিব বুলি ৰাইজক উদ্দেশ্যি কয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আনহাতে তেঁ‌ও কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ দিনত যদি সন্ত্ৰাসবাদীৰ আক্ৰমণ হয় তেন্তে কংগ্ৰেছ চৰকাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কোনো প্ৰত্যুত্তৰ দিব নোৱাৰে। কিন্তু মোদীজীয়ে প্ৰয়োজনত পাকিস্থানৰ মাজত গৈও বোমা ফুটাই আহিব পাৰে। তদুপৰি কোভিদৰ দৰে ভয়াবহ মহামাৰীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে যিদৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰি আমাক ৰক্ষা কৰিববলৈ সক্ষম হৈছিল। সেই সময়ত যদি মোদীৰ সলনি ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হৈ থাকিল হেতেন, তেতিয়া হয়তো আমাৰ আত্মীয় বহুতোকে আমি কোভিদৰ সময়ত হেৰুৱাব লগীয়া হল হেতেন। যিটো কথা এতিয়া ভাবিলেই আমাৰ ভয় লাগি যায়। গতিকে প্ৰধান মন্ত্ৰী হিচাপে আমি নৰেন্দ্ৰ মোদীক পোৱাৰ বাবেহে আমি নিজকে সুৰক্ষিত অনুভৱ কৰিব পাৰিছো। নিজকে আমি এটা পৰিয়াল সদৃশ বুলি অনুভৱ কৰিব পাৰিছো। সেইবাবেই মোদীজী অসমলৈ আহিলেই মিটিংত ৰাইজক উদ্দেশ্যি প্ৰথমতে, “মেৰি পৰিবাৰ গনো” অৰ্থাৎ মোৰ পৰিয়ালৰ সদঅয়সকল বুলি সম্বোধন কৰি হে ভাষণ আৰম্ভ কৰে। গতিকে তেও কাকো বেলেগ বুলি নাভাবে। সকলোকে তেও নিজৰ পৰিয়ালৰ সদস্য বুলি ভাবি লয়। ২০১৪ চনৰ আগলৈকে অসমত আজি বোলে বড়ো আন্দোলন, আজি বোলে কাৰ্বি আন্দোলন, পৰহি বোলে আলফাৰ আন্দোলন আদি। গতিকে চাওক অসম খনত তেতিয়া কিমান অশান্তি আছিল। কিন্তু এতিয়া অসমত চাৰিওফালে কেবল শান্তি আৰু প্ৰগতি। মুখ্যমন্ত্ৰী গৰাকীয়ে আজি সভাখনত উপস্থিত থকা প্ৰায় পোন্ধৰ-বিশ হাজাৰ ৰাইজক উদ্দেশ্যি কয় যে বিগত বিগত বিধান সভাৰ বাই ইলেকচনৰ সময়ত আমি সৰুপেটাৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ প্ৰায় বিলাক কামে সম্পুৰ্ন কৰিছো আৰু কিছুমান কাম এতিয়া চলি আছে। আমি প্ৰতিশ্ৰুতি দিয়া মতে ব্লক অফিচ হাউলীৰ পৰা সৰুপেটালৈ স্থানান্তৰিত হল। ভৱানীপুৰ আঞ্চলিক কলেজ আৰু শালবাৰী কলেজত বিজ্ঞান শাখা মুকলি হল । ভট্টদেৱ বিশ্ববিদ্যালয় মুখ্য কেম্পাচ ভৱানীপুৰ সমষ্টিতে নিৰ্মানৰত অৱস্থাত আছে। আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি সৰুপেটা ৰেল গেট সংলগ্ন ৰেলৱে অভাৰব্ৰিজ খনৰ টেণ্ডাৰিংৰ কাম আৰম্ভ হৈছে। গতিকে ২০২৬ চনৰ আগতে সেইখন মুকলি হোৱাটো নিশ্চিত। তদুপৰি ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত সাউদৰভিঠাৰ পৰা মানসলৈ যোৱা পথ, সাউদৰভিঠাৰ পৰা ভুয়াপাৰা পথ, ভৱানীপুৰৰ পৰা মানসলৈ যোৱা পথচোৱা আজি নিৰ্মান সম্পুৰ্ন হৈ উঠিল। আৰু এইখিনি কাম আমি মাত্ৰ দুই বছৰতে সম্পুৰ্ন কৰি দিব পাৰিলো। আনহাতে আজি ৰাইজৰ পৰা সৰুপেটা দূৰ্গা মন্দিৰ আৰু মিলন মন্দিৰটোৰ কথা জানিব পাৰি সেই দুটা কামো মোৰ নজৰত ৰাখিলো বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়। ড° শৰ্মাই পুনৰ কয় যে কংগ্ৰেছ দলে ভাবিব নোৱা কিছুমান উন্নয়ন মুলক আচনিৰে আমি ৰাইজৰ মাজত সোমাই যাব পাৰিছো। আমি নিৰ্বাচনৰ সময়ত ৰাইজক প্ৰতিশ্ৰুতি দিয়া অনুসৰি ১ লাখ যুৱক যুৱতীক এক পইচাও নোলোৱাকৈ চৰকাৰী চাকৰি দিলো আৰু এতিয়া নিৰ্বাচনৰ পিছত আমি পুনৰ ৫০ হাজাৰ্ক চাকৰি দিয়াৰ প্ৰস্তুতি লৈছো। আনহাতে এতিয়া ৰেচন কাৰ্ড থকা সকলোৱে এতিয়া অৰুনোদয় আচনি লাভ কৰিব । আৱাস যোজনাৰ বিনামুলীয়া গৃহৰ বাবে প্ৰয়োজনীয় জিঅ’ টেগিঙৰ কাম এতিয়াৰ পৰা মহিলা আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালনা কৰাৰ ব্যৱস্থা কৰা হব। লাখপতি বাইদেউ আচনিৰ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে , প্ৰথম পৰ্যায়ত প্ৰদান কৰা ১০ হাজাৰ টকা উচিত কামত ব্যৱহাৰ কৰা কৰিলেহে পৰবৰ্তী পৰ্যায়ত পুনৰ ২৫ হাজাৰকৈ প্ৰদান কৰি মহিলা সকলৰ স্বনিয়োজনৰ প্ৰকৃত পথ মুকলি কৰা হব। লগতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰিক্ষাত উত্তীৰ্ন ছাত্ৰী সকলে বিনামুলীয়াকৈ নাম ভৰ্তি কৰিব পাৰিব বুলি ঘোষনা কৰাৰ লগতে চৰকাৰী শিক্ষানুস্থানৰ উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিলে ১০ হাজাৰ কৈ টকা দিয়া হব বুলি ঘোষনা কৰে। তদুপৰি স্নাতক শ্ৰেণীত নামভৰ্তি কৰিলে ছাত্ৰী সকলক ১২,৫০০কৈ টকা লগতে স্নাতোকোত্তৰ শাখাত নামভৰ্তি কৰিলে ২৫ হাজাৰকৈ টকা ছাত্ৰী সকলক বেংক একাউণ্ট যোগে প্ৰদান কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি কয় যে , এতিয়াৰ পৰা ল’ৰা খিনিক মাক দেউতাকে পঢ়াব আৰু ছোৱালী খিনিৰ দায়িত্ব আমি লৈছো বুলিও কয়। ইয়াৰোপৰি অসমৰ যুৱক সকলৰ বাবে এখন নতুন আচনি আহিব যিখন আচনি মতে ৰাজ্যখনৰ নিবনুৱা যুৱক সকলে আবেদন কৰিলে ২ লাখকৈ টকা পাবলৈ সক্ষম হব আৰু তাৰে মাত্ৰ ১ লাখ টকা হে চৰকাৰক ঘুৰাই দিএ হব । আৰু ঠিক তেনেদৰে এই “আত্মনিৰ্ভৰ্শীল অসম” নামৰ নতুন আচনিখনৰ জড়িয়তে যুৱক সকলক সংস্থাপিত কৰাৰ লক্ষ্য স্থিৰ কৰি লোৱা বুলিও ঘোষণা কৰে। তাৰোপৰি জাগিৰোডত স্থাপিত হব লগা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আৰু নলবাৰীত স্থাপন হব লগা পেপচি কোম্পানীতো বহু সংখ্যক যুৱক যুৱতীক সংস্থাপন দি অসমৰ নিবনুৱা সমস্যাৰ কিছু হলেও সমাধানৰ বাট প্ৰশষ্ট হব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। আনহাতে আগন্তুক দিনত অসমত আন এখন নতুন আচনি আহিব বুলি ৰাইজক ড° শৰ্মাই কয় যে পৰিয়ালৰ মুৰব্বী জনৰ মৃত্যু কিম্বা বেমাৰ আজাৰ হলে সকাহ দিবলৈ ৰাজ্য চৰকাৰে এখন বিনামুলীয়া ইন্সিউৰেন্স আচনি প্ৰৱৰ্তন কৰিব যিখনৰ দ্বাৰা ৰাইজ যথেষ্ট উপকৃত হব পাৰিব। তদুপৰি এই বিমাৰ প্ৰিমিয়ামো বিনামুলীয়া হব বুলি ঘোষনা কৰি ড° হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ লোক সভা নিৰ্বাচনত হাতীৰ ছৱিত ছাৱ মাৰি ভোট দি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায়। আনহাতে আজিৰ এই সভাখনত অংশগ্ৰহণ কৰি ভাষন প্ৰদান কৰে মন্ত্ৰী ৰণজিত কুমাৰ দাস, বিজেপি নেতা মনোজ বৰুৱা, ভৱানীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ড° মনোৰঞ্জন দাস, সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তাৰাপ্ৰসাদ দাসৰ লগতে আজিৰ সভাখনৰ মুখ্য ভুমিকা গ্ৰহণ কৰে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে। বিজেপিৰ হাউলী মণ্ডলৰ সভাপতি দিপক দাসে আঁ‌ত ধৰা আজিৰ এই সভাখনতে বহুকেইগৰাকী বিৰোধী দলৰ নেতা কৰ্মী বিজেপি দলত যোগদান কৰে। তদুপৰি আজিৰ সভাখনত বিজেপি নেতা বিভুতি বৰঠাকুৰ, বিতোপন ৰাইদিঙিয়া, বিজেপিৰ বজালী জিলা সভাপতি নগেন চৌধুৰী, ভৱানীপুৰ মণ্ডল সমিতিৰ সভাপতি নৱকুমাৰ ভড়ালীকে ধৰি বহু কেইগৰাকী নেতা কৰ্মী উপস্থিত থাকে ।

প্ৰেৰক ভূষণ তালুকদাৰ

Featured