নলবাৰীত পেপছিকোৰ খাদ্য উৎপাদন গোটৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰঃ আজি দেশত পেপচি ইণ্ডিয়াৰ ষষ্ঠটো ফেক্টৰী মুকলি হ’ল। এয়া আমাৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় আৰু আশাৰ বতৰা। মই বানেকুছি ৰাইজক এইবাবে ধন্যবাদ জনাম যে পেপচি ক’ম্পানীৰ বাবে প্ৰায় ডেৰশ বিঘা মাটি দি অসমৰ ঔদ্যোগিক বিকাশত এটা গুৰুত্বপূৰ্ন ভূমিকা আগবঢ়ালে। আজি অসমৰ উদ্যোগখণ্ডৰ বাবে এটা উল্লেখযোগ্য দিন। এতিয়াৰে পৰা ঔদ্যোগিক মানচিত্ৰত সোমাব নলবাৰীৰ বানেকুছি। এই উদ্যোগত পাঁচশ নিৱনুৱা যুৱক যুৱতীয়ে নিযুক্তি পাৱ। এইসকলৰ ভিতৰত বেছিকৈ নিযুক্তি পাৱ মহিলাসকলে। অহা বছৰৰ পৰা ৭৫ হাজাৰ মেট্ৰিকটন আলু লাগিব। বানেকুছি আৰু নলবাৰী জিলাৰ ৰাইজে এতিয়াৰে পৰা যিমান আলু উৎপাদন কৰিৱ সকলো আলু পেপচি ক’ম্পানীয়ে কিনি লৱ। পৰৱৰ্তী সময়ত ডেৰ লাখ মেট্ৰিকটন পৰ্যন্ত আলুৰ প্ৰয়োজন হৱ আৰু ইয়াৰ বাবে নলবাৰী জিলাৰ পাঁচ হাজাৰ খেতিয়কক প্ৰশিক্ষন দিৱ পেপচি ক’ম্পানীয়ে। খেতিয়কক প্ৰশিক্ষন দি তেওঁলোকে উৎপাদন কৰা আলু পেপচি ক’ম্পানীয়ে কিনি লৱ আৰু আলু বিক্ৰীৰ বাবে ক’তো  নিৱ নালাগে। অসমৰ কৃষিৰ বাবে এইটো কিমান আনন্দৰ বিষয়। প্ৰথমে আমি ধান কিনা আৰম্ভ কৰিলোঁ, সৰিয়হ কিনা আৰম্ভ কৰিলোঁ আৰু আলু এতিয়া কৃষকে উপযুক্ত মূল্যত বিক্ৰী কৰিৱ পাৰিৱ। গতিকে আমাৰ বাবে এইটো দিন অত্যন্ত আনন্দৰ দিন।এই উদ্যোগটোৱে কৃষি অৰ্থনীতি বৃদ্ধি কৰিৱ।ধান, সৰিয়হৰ বজাৰ হোৱাৰ পিছত এতিয়া আলুৰ এখন নিশ্চিত বজাৰ হোৱাৰ পিছত যুৱক সকলে আড্ডা মাৰি থাকিৱ নালাগে, চ’কে-হাটে বজাৰে বহি সময় পাৰ কৰিৱ নালাগে। এই মন্তব্য মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ। আজি  নলবাৰীৰ নতুনদেহৰ মৌজাৰ বনভাগ-শোলমাৰীত পেপচিকো ইণ্ডিয়াই স্থাপন কৰিবলগা প্ৰথমটো খাদ্য উৎপাদন কাৰখানাৰ আজি ভূমিপূজন কৰা হয়। এই বৃহৎ কাৰখানাটোৰ ভূমিপূজন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই উপলক্ষে নতুন দেহৰ মৌজা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খুখুন্দি খেলপথাৰত আয়োজিত জনসভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়- এতিয়া বজাৰ আমাৰ লগত আছে, আমি উৎপাদন কৰিব লাগিব। এতিয়া অসমৰ বাবে কৃষি আন্দোলনৰ দিন।’ বিগত আঢ়ৈ বছৰে অসমত আন্দোলন হোৱা নাই বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেইবাবে কোম্পানীসমূহে ৰাজ্যখনত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ কয়- ‘আমি চৰকাৰী চাকৰি এক লাখ দিছোঁ। অহা দুই তিনি বছৰত আৰু চাৰি-পাঁচ লাখক নিযুক্তি দিয়া হ’ব। চৰকাৰী চাকৰি নিৱনুৱা সমস্যা সমাধানৰ উপায় নহয়। নিৱনুৱা সমস্যা সমাধানৰ উপায় হৈছে উদ্যোগীকৰন।উদ্যোগ যিমানে বাঢ়িব,নিৱনুৱা সকলে কৰ্মসংস্থাপন লাভ কৰিৱ।পেপচিকোৱে নিৰ্মাণ কৰা ছীপচৰ পেকেটত নলবাৰীৰ বানেকুছি বুলি লিখা থাকিব। পেপচিকোৱে ভাৰতৰ  ১৮ লাখ পৰিয়ালক জীৱিকা প্ৰদান কৰিছে। নতুন দেহৰ অঞ্চলত স্থাপন হৱ লগা পেপচিকো ইণ্ডিয়াৰ ফেক্টৰীৰ বাবে এটা ভাল ৰাষ্টা বনাম। পাৰিলে গোঁহাই কমল আলিলৈকে বনাম। লগতে ইয়াত উন্নতমানৰ বিদ্যুতৰ ব্যৱস্থা কৰিম। যাতে এই নতুনদেহৰ বানেকুছি অঞ্চলৰ ৰাইজে খুৱ সুন্দৰকৈ আগবাঢ়ি যাৱ পাৰে। ৰাইজে ক’ম্পানীটো যাতে খেলিমেলি নলগায়। খেলিমেলি লগালে সমস্ত দেশে গম পাৱ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজলৈ আহ্বান জনায়। ১৭ ছেপ্টেম্বৰত সকলোকে দুডালকৈ গছপুলি ৰোপন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। ইপিনে,ভাষন প্ৰসংগত অহা ২ অক্টোবৰৰ ভিতৰত নতুনকৈ  সাত লাখ মহিলাক অৰুনোদয় আঁচনি দিয়াৰ কথা উল্লেখ কৰি কয়  তাৰ পিছত আৰু সাত লাখ মহিলাক অৰুনোদয় দিয়া হৱ।মই ভাৱো পিছত আৰু অসমত কোনো দুখীয়া মহিলাই অৰুনোদয় পাৱলৈ নাথাকিৱ। আত্মসহায়ক সহায়ক গোটৰ মহিলাসকলে গোটৰ জৰিয়তে কাম কৰাৰ বাবে টকা পোৱাৰ লগতে ব্যক্তিগভাৱেও দহ হাজাৰকৈ গোটৰ প্ৰতিগৰাকী মহিলাই পাৱ বুলি উল্লেখ কৰে মহিলা গৰাকীয়ে।অনুষ্ঠানত পেপচিকো ইণ্ডিয়াৰ সভাপতি আহমেদ এলশ্বেইখে  আদৰণি ভাষণ প্ৰদান কৰি কয়- ‘ভাৰত চৰকাৰৰ আত্মনিৰ্ভৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি অসমৰ গ্ৰীণফিল্ড স্থানত পেপেচিকোৰ বিনিয়োগৰ এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে থিয় দিছে। কৰ্ম সংস্থাপনৰ সুযোগসমূহৰ সৃষ্টিৰ লগতে কৃষক সমাজক সবল কৰি তোলাৰ জৰিয়তে অন্যতম লক্ষ্য হৈছে আলু উৎপাদনত চৰকাৰৰ স্বাৱলম্বিতাৰ অভিযানত সহায় কৰা। আমাৰ দক্ষতামূলক পদক্ষেপসমূহে অসমৰ মহিলা সকলক অত্যাৱশকীয় প্ৰশিক্ষণ আৰু সুযোগৰ সততাৰে সজ্জিত কৰি অৰ্থনৈতিক সৰলীকৰণৰ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাত অধিক গুৰুত্ব দিব। এই নতুন কাৰখানাটোৰ জৰিয়তে আমি অসমৰ সমগ্ৰ পৰিৱেশ তন্ত্ৰত পৰিবৰ্তনশীল প্ৰভাৱৰ আশা কৰিছোঁ, ৰাজ্য চৰকাৰৰ সৈতে আমাৰ ‘পাৰ্টনাৰশ্বীপ অব প্ৰগ্ৰেচ’ক শক্তিশালী কৰি তুলিব।’ জনাকীৰ্ণ সভাখনত পেপচিকো ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ইউজেন উইলেমচেনে কয়-‘অসমত আমাৰ প্ৰথম খাদ্য প্ৰস্তুত কাৰখানাটো হৈছে এক সমতাপূৰ্ণ আৰু বহনক্ষম পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰি দেশখনৰ অৰ্থনৈতিক বিকাশৰ প্ৰতি আমাৰ দীৰ্ঘম্যাদী দৃষ্টিভংগী আৰু অদম্য সমৰ্থনৰ প্ৰমাণ। এই উদ্যোগটোৱে পেপচিকোৰ গোলকীয় বিশেষজ্ঞতাৰ উন্নতম উপাদানসমূহ একত্ৰিত কৰাৰ লগতে অসমৰ সামগ্ৰিক উন্নতিত অৰিহণা যোগোৱাৰ বাবে সাজু হৈছে।’ উক্ত সভাত ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে গৃহ সমষ্টিৰ অন্তৰ্গত বনভাগ-শোলমাৰীত স্থাপন কৰিবলৈ লোৱা পেপচিকোৰ এই কাৰখানাটোৰ জৰিয়তে কৃষকসকল যথেষ্ট উপকৃত হ’ব। আজি অঞ্চলবাসীৰ বাবে সৌভাগ্যৰ দিন বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে কাৰখানাটোৰ বাবে প্ৰয়োজনীয় আলুৰ বীজ যোগান ধৰিব পেপচিকোৱে। বানেকুছিৰ পৰা কাৰখানাটোলৈ অহা পথচোৱা বহলীকৰণ কৰা হ’ব বুলিও ভাষণ প্ৰসংগত মন্ত্ৰী পাটোৱাৰীয়ে মন্তব্য কৰে। উক্ত সভাতেই ৰাজ্য চৰকাৰ আৰু পেপচিকোৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। উক্ত ভূমিপূজন অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিমল বৰা, নন্দিতা গাৰ্লোচা, সঞ্জয় কিষান, অসম উদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ প্ৰশান্ত ফুকন, উদ্যোগ বিভাগৰ বিষয়াসকল, জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে। উল্লেখ্য যে ৭৭৮ কোটি টকা বিনিয়োগেৰে ৪৪.২ একৰ ভূমিত নিৰ্মাণ হ’বলগীয়া এই নতুন কাৰখানাটোত ৫০০ ৰো অধিক লোকে প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰায় ৫০ হাজাৰ টন আলুৰ উৎস বিচাৰি উলিওৱাৰ লক্ষ্য ৰাখিছে কোম্পানীটোৱে। নলবাৰীৰ এই উদ্যোগটোৱে আগন্তুক কেইবছৰমানৰ ভিতৰত ৫০০০ কৃষকক উপকৃত কৰিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ সৈতে পাৰ্টনাৰশ্বীপ অব প্ৰগ্ৰেচ স্থাপন কৰি পেপচিকো ইণ্ডিয়াই অসমৰ নলবাৰীত প্ৰথমটো খাদ্য উৎপাদন কাৰখানা স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই কাৰখানাটো ২০২৫ চনত কাৰ্যক্ষম হোৱাৰ আশা হৈছে। ইপিনে,সংবাদ মাধ্যমৰ স’তে মুখামুখি হৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়- সম্প্ৰতি পাৱাৰৰ যথেষ্ট অভাৱ হৈছে। যোৱা  বছৰ আমাক ১৮০০ মেগাৱট পাৱাৰ লাগিছিল।এইবাৰ ২৫০০ মেগাৱট পাৱাৰ লগা হৈছে। এতিয়া পাৱাৰ বঢ়াব লগিব।কেইদিন পিছত ঠিক হৈ যাৱ।মানুহে বিদ্যুত  বিলৰ ক্ষেত্ৰত সহযোগ কৰিব লাগিব।আমাৰ বাবে ভাল খবৰ টো যে এন এইচ পি চি আৰু উত্তৰ প্ৰদেশৰ  খাটামপুৰকে ধৰি কেবাটাও পাৱাৰ প্ৰকল্পৰ লগত বুজাবুজি হৈছে আৰু অহা ডিচেম্বৰ মাহৰ ভিতৰত এহেজাৰ মেগাৱট বিদ্যুত বেছি উপলদ্ধ হব। ইপিনে, ভাৰত-ইণ্ডিয়াৰ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাৰত নামটোকল কোনোৱে বিৰোধিতা বা সমৰ্থন  কৰিব নালাগে বুলি উল্লেখ কৰি কয় ছয় হাজাৰ বছৰৰ পৰা আমাৰ দেশখনৰ নাম ভাৰত চলি আছে।দেশৰ উচ্চতম ন্যায়ালয়ে ২০১৬ চনতেই এটা ৰায় দি কৈছিল কোনোবাই ভাল পালে ইণ্ডিয়া কৱ পাৰে আৰু কোনোবাই ভাল পালে ভাৰত কৱ পাৰ।দুয়োটা ইটোৰ সিটোৰ পৰিপূৰক। ইণ্ডিয়া শব্দটো নোহোৱা কৰাটো আমি কোনেও কোৱা নাই। মোৰ টুইটাৰত আগৰ পৰাই ভাৰত আছে। হিমা দাসৰ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে আমি আদাৰ বেপাৰী জাহাজৰ খবৰ ল’লে কি হব বুলি প্ৰশ্ন কৰে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
Featured