গুৱাহাটীত জিলা আয়ুক্তৰে মুখ্যমন্ত্রীৰ বৈঠক

বিশেষ বাৰ্তা, ২৭ আগষ্টঃ আজি গুৱাহাটীৰ ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাৰ সভাগৃহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৌৰোহিত্যত  জিলা আয়ুক্তৰে  বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত অমৃত বৃক্ষ কার্যসূচী, খেল মহাৰণ, সাংস্কৃতিক মহা সংগ্রাম, মিছন বসুন্ধৰা, ৰেচন কার্ড প্রদান, ধান আৰু সৰিয়হ ক্রয়, অৰুণোদয়ৰ হিতাধিকাৰী নির্বাচন, চাহ বাগিচাৰ গর্ভৱতী মহিলাক প্রদান কৰা এককালীন সাহায্য ইত্যাদি বিষয়সমূহ আলোচনা কৰা হয়৷ বৈঠকত মুখ্যমন্ত্রীয়ে অহা ১৭ ছেপ্টেম্বৰত আয়োজন হবলগীয়া অমৃত বৃক্ষ কার্যসূচী সফল কৰাৰ দিশত তৃণমূল পর্যায়ৰ পৰা সকলোধৰণৰ ব্যৱস্থা সম্পূর্ণ কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিয়ে৷ অহা ১০ অক্টোবৰৰ পৰা হবলগীয়া সাংস্কৃতিক মহাসংগ্রাম আৰু ১ নৱেম্বৰৰ পৰা হবলগীয়া খেল মহাৰণ সফল কৰাৰ দিশত গাঁও পঞ্চায়ত, স্থানীয় সংগঠন, খেলুৱৈ আদিক জডিত কৰি এই দিশত সকলোধৰণৰ পদক্ষেপ লবলৈও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ আজিৰ এই বৈঠকত মিছন বসুন্ধৰা সম্পর্কত বিস্তৃতভাৱে আলোচনা কৰা হয়৷  মিছন বসুন্ধৰা ২.০ ৰ কাম–কাজসমূহ নির্দ্ধাৰিত সময়ৰ ভিতৰত কৰাৰ বাবে জিলা আয়ুক্তসকলক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ ৰাজ্যখনত নতুনকৈ ৪০ লাখ হিতাধিকাৰীক সামৰি ৰেচন কার্ড প্রদান সন্দর্ভত এই বৈঠকত মুখ্যমন্ত্রীয়ে প্রতিগৰাকী জিলা আয়ুক্তৰ পৰা কাম–কাজৰ অগ্রগতিৰ বুজ লয়৷ ৰাজ্যৰ কৃষকসমাজ যাতে উপকৃত হব পাৰে তাৰ বাবে ধান আৰু সৰিয়হ ক্রয়ৰ বিষয়টোও বৈঠকত  বিতংভাৱে আলোচনা কৰা হয়৷ আজিৰ এই বৈঠকতে অৰুণোদয় আঁাঁচনিত নতুনকৈ সংযোজিত হবলগীয়া হিতাধিকাৰীৰ বিষয়টোও আলোচনা কৰা হয়৷ তদুপৰি চাহ বাগিচাৰ গর্ভৱতী মহিলাক প্রদান কৰা এককালীন সাহায্যৰ দিশটোও মুখ্যমন্ত্রীয়ে আলোচনা কৰে৷ ৰাজ্যখনত চলি থকা আৰু ৰূপায়িত হবলগীয়া বিভিন্ন আঁচনিৰ বুজ লৈ প্রতিখন আঁচনিয়ে যাতে সময় নির্দ্ধাৰিতভাৱে  সম্পূর্ণ কৰা হয় সেই দিশটো জিলা আয়ুক্তসকলক মুখ্যমন্ত্রীয়ে যাৱতীয় নির্দেশনা প্রদান কৰে৷ বৈঠকত মন্ত্রী যোগেন মহন, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্রসাদ, ৰাজহ বিভাগৰ প্রধান সচিব জি ডি ত্রিপাঠী, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা প্রমুখ্যে অসমৰ চৰকাৰৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷
Featured