তেজপুৰত বাবু ছবিলাল উপাধ্যায়ৰ পূৰ্ণাৱয়ৱ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্ৰীৰ

🎯বাবু ছৱিলাল উপাধ্যায়ৰ জীৱন পৰিক্ৰমা অসমৰ নৱপ্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ স্ৰোত হৈ থাকিব

🎯এনআৰচিক লৈ সমস্যাৰ সন্মুখীন হোৱা ৰাজ্যৰ অসমীয়া ভাষিক গোৰ্খা ভাষিক লোকসকলৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস ৷

🎯কেবা পুৰুষ ধৰি বসবাস কৰা গোৰ্খা আৰু চাহ শ্ৰমিকক খিলঞ্জীয়া হিচাপে বসুন্ধৰা-৩ৰ আওঁতালৈ অনা হ’ব ৷

বাৰ্তা ব্যুৰ’, তেজপুৰ, ২১ জুন : আমাৰ অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বহুতৰ নাম থকাৰ পিচতো বা বিদেশী ন্যায়াধিকৰণত গোচৰসমূহ জিকাৰ পিচতো এনআৰচিৰ বায়’মেট্ৰিক্স বন্ধ হৈ আছে ৷ উচ্চতম ন্যায়ালয়ৰ এটা ৰায়দানৰ কাৰণে সমস্যাটো সমধান কৰাত আমি অসুবিধা পাই আছোঁ ৷ অমিত শ্বাহলৈ মই এখন চিঠি লিখিছোঁ যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ উভয়ে যদি আমি উচ্চতম ন্যায়ালয়লৈ যাওঁ বিষয়টো সমাধান হ’ব পাৰে ৷ গতিকে এইক্ষেত্ৰত মই ভাবোঁ যে অহা কিছুমাহৰ ভিতৰত আমি এটা ইতিবাচক সিদ্ধান্ত ল’ব পাৰিম৷ যাৰ এনআৰচিত নাম আছে বা বিদেশী ন্যায়াধিকৰণৰ গোচৰত যিসকল জিকিছে যিখিনি অসমীয়া ভাষিক লোক গোৰ্খা ভাষিক লোক, এই সমস্যাখিনি আমি সমাধান কৰিব খুজিছো৷ আজি তেজপুৰত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে তেজপুৰ চহৰৰ মাজমজিয়াস্থিত আনন্দ চন্দ্ৰ আগৰৱালা উদ্যান চৌহদত বিশিষ্ট ভাস্কৰ্যশিল্পী ক্ষুদিৰাম ভুনিয়াৰ সুনিপুন হাতৰ পৰশত নিৰ্মিত তথা অসম গোৰ্খা সন্মিলনৰ উদ্যোগত নিৰ্মান আৰু স্থাপন কৰা দেশৰ স্বাধীনতা সেনানী, মুক্তিযোদ্ধা তথা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি ছৱিলাল উপাধ্যায়ৰ প্ৰথমটো পূৰ্ণাৱয়ব মূৰ্তি আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ এমট্ৰ’নৰ ঊপাধ্যক্ষ তথা মূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি ঋতুবৰণ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত উন্মোচনী সভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ জাতীয় জীৱনত ৰাজ্যৰ গোৰ্খা সম্প্ৰদায়ৰ অৰিহণাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে৷ মন্ত্ৰী ক্ৰমে ৰণেজ পেগু আৰু অশোক সিংহল, স্থানীয় বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ আয়ুক্ত দেব কুমাৰ মিশ্ৰ, অসম গোৰ্খা সন্মিলনৰ সভাপতি কৃষ্ণ ভূজেলসহ বিষয়ববীয়াৰ লগতে প্ৰতিমূৰ্তিটোৰ দাতা তথা বাবু ছৱিলাল উপাধ্যায়ৰ নাতিনী তথা বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়, নাতি তথা প্ৰাক্তন সাংসদ স্বৰূপ উপাধ্যায়ৰ লগতে পৰিয়ালৰ একাংশ সদস্যৰ উপস্থিতিত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় – স্বাধীনতা সংগ্ৰামী তথা অসমীয়া ভাষাৰ হকে নিৰবিচ্ছিন্ন সংগ্ৰাম কৰা আৰু গ্ৰুপিঙৰ সময়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সৈতে থিয় দিয়া বাবু ছৱিলাল উপাধ্যায়ৰ এটা সুন্দৰ প্ৰতিমূৰ্তি অসম গোৰ্খা সন্মিলনে নিৰ্মাণ কৰি উলিওৱাছে৷ আজি সেই প্ৰতিমূৰ্তিটো উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ’ল৷ বাবু ছৱিলাল উপাধ্যায়ৰ জীৱন অসমৰ নৱপ্ৰজন্মৰ বাবে সদায়েই প্ৰেৰণাৰ স্ৰোত হৈ থাকিব৷ অসমবাসী ৰাইজৰ হৈ মই বাবু ছৱিলাল উপাধ্যায়লৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ৷ উল্লেখ্য যে ৰাজ্যত কেবা পুৰুষ ধৰি বসবাস কৰা সকলো গোৰ্খা লোকসকলক নাগৰিকত্ব প্ৰদানেৰে সমস্যাৱলীৰ সমাধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ স’তে যোগাযোগ অব্যাহত ৰখাৰ লগতে এই গোৰ্খা লোকসকলৰ লগতে ৰাজ্যৰ চাহ শ্ৰমিকসকলে যাতে অনাগত দিনত বসুন্ধৰা-৩ৰ জৰিয়তে ভূমি আৱন্টন লাভ কৰে তাৰবাবে অসম চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও আজি মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত সদৰী কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় – ভূমি বসুন্ধৰাত পাবৰ কাৰণে তিনিটা প্ৰজন্মৰ একোখন প্ৰমাণ পত্ৰ লাগে ৷ কিন্তু গোৰ্খালোক সকলে ব্ৰহ্মপুত্ৰ নদীৰ মাজত বাস কৰিছিল ৷ এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ তেওঁলোকৰ প্ৰব্ৰজন হৈছিল ৷ গতিকে বহু সময়ত তেওঁলোকে তিনিটা প্ৰজন্মৰ প্ৰমাণ পত্ৰ দিব নোৱাৰে ৷ ঠিক তেনেদৰে চাহ বাগিছাৰ যিসকল শ্ৰমিক, সেইসসয়ত তেওঁলোকৰ নামটোও ভালকৈ মেনেজাৰসকলে লিপিবদ্ধ কৰা নাছিল৷ সেই কাৰণে তেওঁলোকে বসুন্ধৰাৰ এক আৰু দুইৰ সময়ত মাটিৰ আৱন্টন পোৱাত অসুবিধা পাইছিল৷ বসুন্ধৰা-৩ৰ সময়চোৱাত অসমৰ চাহ শ্ৰমিক আৰু গোৰ্খালোক সকলক খিলঞ্জীয়া জাতিৰ যিটো কলম আছে তাতে লৈ আহিম, যাতে তিনিটা প্ৰজন্মৰ প্ৰমাণ পত্ৰ নিদিলেও তেওঁলোকে বসুন্ধৰা আঁচনিৰ বাবে যোগ্য বিবেচিত হয় বুলিও আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে ৷

প্ৰেৰক পুলক কুমাৰ ডেকা

Featured