বংশৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

বিশেষ বাৰ্তা,  ২৭ জুলাই : কামৰূপ জিলাৰ অন্তৰ্গত বংশৰত ছয়দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা এখনৰ আজি সামৰণি পৰে। গীত, নৃত্য, আবৃত্তিৰ প্ৰশিক্ষণ দিয়া কৰ্মশালাখনত অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ কথা অৱগত কৰে স্কুল সঞ্চালিকাদ্বয় দীপাসেন গুপ্তা আৰু পূৰৱী শৰ্মাই। কৰ্মশালাৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংবাদিক দিলীপ মেধিয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলে নৃত্য, গীত, খেলকে ধৰি বিভিন্ন কৰ্মশালাত অংশগ্রহণ কৰিবলৈ আগ্ৰহী হ’ব লাগে আৰু এইক্ষেত্ৰত অভিভাৱকসকলেও অধিক গুৰুত্ব দিব লাগে। কিয়নো কৰ্মশালাই সদায় প্ৰতিভাৰ সন্ধান দিয়ে আৰু শিক্ষাৰ্থীসকলেও নিজৰ নিজৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰে ৷ গ্ৰামাঞ্চলত এনে কৰ্মশালাই বহুত সুযোগ অনাৰ সম্ভাৱনা থাকে ৷ কৰ্মশালাত নৃত্যৰ প্ৰশিক্ষণ দিয়ে উদীয়মান অভিনেতা তথা নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্যই। সংগীতৰ প্ৰশিক্ষণ দিয়ে কন্ঠশিল্পী কৰিস্মা ৰাণীয়ে ৷ আৰ্টৰ প্ৰশিক্ষণ দিয়ে গকুল দাসে ৷ হস্তকলা- সুমিত্ৰা দাস আৰু চয়ানিকা দাস ৷ কথোপকথনৰ প্ৰশিক্ষণ দিয়ে কৰৱী মেধিয়ে । অনুষ্ঠানত উপস্থিত থাকে স্কুল পৰিচালক বুবুল শৰ্মা আৰু গকুল দাস। অনুষ্ঠানৰ শেষত ছাত্র-ছাত্ৰীসকলে গীত, নৃত্য ,আবৃত্তিৰ লগতে অভিভাৱকসকলৰ মাজত খেল এখনো অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত কৰ্মশালাত অংশ লোৱা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ প্ৰদান কৰা হয় ৷

প্ৰেৰক দিলীপ মেধি

Featured