তিতাবৰৰ তাঁতীগাঁৱত অভিনন্দন-গুৰুদক্ষিণা অনুষ্ঠান

নিয়মীয়া বাৰ্তা,  ২৩ জুন : তিতাবৰৰ তাঁতীগাঁও শিক্ষা উন্নয়ন সমিতিৰ উদ্যোগত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অভিনন্দন আৰু গুৰুদক্ষিণা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। তাঁতীগাঁও নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ মাধ্যমিৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰি উৎসাহিত কৰাৰ লগতে তিনিগৰাকীকৈ শিক্ষাগুৰুক গুৰুদক্ষিণা প্ৰদানেৰে সেৱা জনায়। তাঁতীগাঁও শিক্ষা উন্নয়ন সমিতিৰ সভাপতি-সমাজকৰ্মী যজ্ঞেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ আঁত ধৰে সমিতিৰ সম্পাদক, শিশুবন্ধু তথা প্ৰাগজ্যোতিকা ইংলিছ স্কুলৰ শিক্ষক পলাশ তামুলী আৰু অভিনেতা শ্ৰীমন্তু হাজৰিকাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিমান শইকীয়াই উপস্থিত থাকি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, তিতাবৰ পৌৰসভাৰ পৌৰপতি ৰূপা দত্ত শইকীয়া, বীৰ লাচিত সেনা, অসমৰ তিতাবৰ আঞ্চলিক সমিতিৰ সভাপতি চানী ৰাজখোৱা, সমাজসেৱিকা জিতা গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক মৃদুল কাকতি, শিক্ষক প্ৰীতমজ্যোতি শৰ্মা, পিনিক জ্যোতি শৰ্মা, সাংস্কৃতিক কৰ্মী-কবি দিজেন্দ্ৰ নাৰায়ণ ৰাও, সমাজকৰ্মী সোণজিৎ শইকীয়া, শৈলেন্দ্ৰ কুমাৰ হাজৰিকা আদি উপস্থিত থাকিও চমু বক্তব্য প্ৰদান কৰে। সমিতিৰ সাংস্কৃতিক বিভাগ আৰু কুমকুম ভাগৱতীৰ নেতৃত্বত গাঁৱৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত প্ৰাগজ্যোতিকা ইংলিছ স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ অভিজ্ঞানম তামুলীয়ে এটি সুন্দৰ গীত পৰিৱেশন কৰাৰ লগতে প্ৰিয়ালক্ষ্মী হাজৰিকাই এটি কবিতা আবৃত্তি কৰে। অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৃহত্তৰ তাঁতী গাঁৱৰ ভিতৰতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সঞ্জয় বৰগোহাঁইৰ জ্যেষ্ঠ কন্যা খুচবু বৰগোহাঁইক নালীয়া শইকীয়া-বহাগী শইকীয়া সোঁৱৰণী বিশেষ শৈক্ষিক বঁটা আৰু জয়ৰাম দত্ত-আইজনী দত্ত সোঁৱৰণী শ্ৰেষ্ঠ শিক্ষাৰ্থী বঁটা প্ৰদান কৰা হয়। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৌস্তৱ বৰাক আইজনী শইকীয়া সোঁৱৰণী শ্ৰেষ্ঠ শিক্ষাৰ্থী বঁটা প্ৰদান কৰে। লগতে অঞ্চলটোৰ মুঠ ১৬গৰাকীকৈ শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰি উৎসাহিত কৰে। আনহাতে, সমাজ জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত তথা সমগ্ৰ জীৱন ছাত্ৰ-ছাত্ৰীক মানৱ সম্পদ হিচাপে গঢ়া দিয়াত ব্ৰতী থকা গোমতী দেৱী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক হিতেশ্বৰ হাজৰিকা, চিপহা নিম্ন বুনিয়াদী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লোকেন্দ্ৰ নাথ দত্ত আৰু অৱসৰপ্ৰাপ্ত শিক্ষক বদন চন্দ্ৰ হাজৰিকাক ‘গুৰুদক্ষিণা’ স্বৰূপে তাঁতীগাঁও শিক্ষা উন্নয়ন সমিতিৰ তৰফৰ পৰা সেৱা জনোৱা হয়। শেষত শলাগৰ শৰাই আগবঢ়ায় শিক্ষক শান্তনু হাজৰিকাই। উল্লেখ্য যে ঐতিহাসিক হামদৈ পথাৰৰ গাতে লাগি থকা শিক্ষা-সংস্কৃতিৰে ভৰা অতি জাকতজিলিকা এখন গাঁও হৈছে তাঁতীগাঁও। গাঁওখনৰ কেইজনমান জ্যেষ্ঠ ব্যক্তিৰ প্ৰচেষ্টাত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ বাবে ২০০৫ চনতে প্ৰতিষ্ঠা লাভ কৰা তাঁতীগাঁও শিক্ষা উন্নয়ন সমিতিয়ে বিগত ১৯ বছৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ৰাইজৰ সহযোগত আগন্তুক দিনতো ন ন পদক্ষেপ ল’ব বুলি প্ৰকাশ কৰে সমিতিৰ বিষয়ববীয়াসকলে।

প্ৰেৰক অজয় শইকীয়া

Featured