কংগ্ৰেছে সূতা-কম্বলৰ বাহিৰে একো দিব নোৱাৰে : মন্ত্ৰী পীযুষ হাজৰীকা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা বাকী থকা অৱস্থাত মন্ত্ৰী পীযুষ হাজৰীকাই নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তোলা পৰিলক্ষিত হৈছে। মন্ত্ৰীগৰাকীয়ে এইকেইদিন সমষ্টিটোৰ বিভিন্ন অঞ্চলত ধাৰাবাহিক নিৰ্বাচনী সভা সম্বোধন কৰি ভোটাৰ ৰাইজৰ পৰা অভূতপূৰ্ব মৰম-চেনেহ, সঁহাৰি লাভ কৰি অভিভূত হৈ পৰে। মন্ত্ৰীগৰাকীৰ প্ৰতিখন সভাত এইবেলি সংখ্যালঘু ভোটাৰ ৰাইজৰ সঁহাৰি আছিল মন কৰিবলগীয়া। মন্ত্ৰীগৰাকীৰ সভাত প্ৰত্যেক দিনাই হিলদল ভাঙি সংখ্যালঘু ৰাইজ ওলাই আহি ভিৰ কৰা পৰলক্ষিত হয়। আজি মন্ত্ৰীগৰাকীয়ে প্ৰথমে মৰিগাঁও বিধানসভা সমষ্টিৰ কুশতলিত এখন বিশাল জনসভা সম্বোধন কৰে। সভাত মন্ত্ৰীগৰাকীয়ে ৰাইজৰ আশিস-শুভকামনাৰে এইবাৰ বিপুল ভোটেৰে নগাঁও লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰা জয়ী হ’বলৈ আগবাঢ়িছে বুলি কয়। তেওঁ ভাষণ প্ৰসংগত কয় যে এই অঞ্চলটোত আটাইতকৈ বেছি বানপানী হৈছিল, মৰিগাঁও জিলাখন বানবিধ্বস্ত জিলা আছিল। তিনি বছৰ পূৰ্বে তেওঁ জলসম্পদ বিভাগৰ মন্ত্ৰী হৈ প্ৰথম ৬ মাহৰ ভিতৰত লাহৰীঘাটত ১৪ কিলোমিটাৰ মথাউৰিৰ কাম কৰাৰ কথা উল্লেখ কৰি কয় যে মথাউৰি নিৰ্মাণ কৰাৰ কাৰণে আজি জিলাখনত ৯০ শতাংশ বানপানী নাইকিয়া হল। ইয়াৰ ফলত এই অঞ্চলৰ ৰাইজ শান্তিত থাকিব পৰা হল বুলি শুনি মন্ত্ৰীগৰাকী অতিশয় আনন্দিত হোৱা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে আপোনালোকৰ কাৰণে আৰু এনেকুৱা কাম কৰিবলৈ পালে মই নথৈ সুখী হম আৰু আগলৈ কাম কৰি যাবলৈ উত্সাহিত হম। তেওঁ আৰু কয় যে অহা ২৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হব আৰু আমি এই নিৰ্বাচনত ভোট দি তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিব লাগিব। মন্ত্ৰীগৰাকীয়ে সভাত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছ আৰু বিজেপিৰ কিছুমান পাৰ্থক্যৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। তেওঁ কয় যে কংগ্ৰেছৰ দিনৰ অনুদানৰ ঘৰৰ বাবদ আহিছিল ৭৫ হাজাৰ টকা। এই টকাখিনি গৈছিল বিডিঅৰ একাউণ্টলৈকে। এই ঘৰ নিৰ্মাণ কৰিছিল ঠিকাদাৰে। ঘৰ বনোৱাৰ বাবদ ঠিকাদাৰ, বিধায়ক, পঞ্চায়ত প্ৰতিনিধি, দালালে টকা খাইছিল আৰু এইটো বনোৱাৰ বাবদ গৃহস্থই খুব বেছি ৪০ হাজাৰ মান টকা পাইছিল আৰু ঘৰটো ভালদৰে নিৰ্মাণ কৰিব পৰা নাছিল। কিন্তু বিজেপিৰ দিনত প্ৰধামন্ত্ৰী আবাস যোজনাৰ ঘৰৰ বাবদ ডেৰ লাখ টকা ডাইৰেক্ট গৃহস্থৰ একাউণ্টত দিয়া হল। যাৰ বাবে কোনো দালাল, ঠিকাদাৰ, পঞ্চায়ত প্ৰতিনিধিয়ে এই ঘৰ নিৰ্মাণৰ বাবদত এটকাও খাব নোৱাৰা হল। এই কাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰি দিলে, এই কাম মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰি দিলে বুলি কয় মন্ত্ৰীগৰাকীয়ে। ভাৰতবৰ্ষৰ ৭০ শতাংশ মানুহেই কৃষিজীৱী। কৃষকসকল হল আমাৰ অন্নদাতা। মন্ত্ৰীগৰাকীয়ে কৃষকসকলক কৃষক সন্মান নিধি আঁচনিৰ অধীনত বছৰত ৬ হাজাৰ কৈ টকা দিয়াৰ কথাও উল্লেখ কৰে। দেশৰ ১১ কোটি কৃষকক বছৰত ৬ হাজাৰকৈ টকা দিয়াৰ ব্যৱস্থা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰে বুলি তেওঁ মন্তব্য কৰে। আনহাতে কৃষকৰ উত্পাদিত ধান চৰকাৰে কিনি কৃষকসকলক উপকৃত কৰাৰ কথাও তেওঁ ভাষণত উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে সভাত ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰে সেই বিষয়েও ভাষণ দাঙি ধৰে। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে ৫ লাখ টকাৰ বিনামূলীয়া চিকিত্সাৰ সুবিধা প্ৰধান কৰাৰ কথাও তেওঁ উল্লেখ কৰে। আনকি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মুৰব্বী ব্যক্তিক জীৱন বীমা আৰু দুৰ্ঘটনাৰ বীমাৰ সুবিধা কৰি দিয়াৰ কথা উল্লেখ কৰি ইয়াৰ প্ৰিমিয়াম চৰকাৰে বহন কৰিব বুলি কয়। আনহাতে,লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে ৪০ লাখ মহিলাই আগন্তুক দুমাহৰ ভিতৰত বেংকৰ একাউণ্টৰ জৰিয়তে ১০ হাজাৰকৈ টকা পোৱাৰ কথা উল্লেখ কৰি কয় যে অহা বছৰ তেওঁলোকে ২৫ হাজাৰকৈ টকা লাভ কৰিব। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ দিনত এইবিলাক এটাও পোৱা নাছিল বুলি উল্লেখ কৰে। ইয়াৰ বাবে মহিলাসকলে কাম কৰিব লাগিব বুলিও কয়। ইয়াৰ উপৰি যাৰ যাৰ ৰেচন কাৰ্ড আছে প্ৰতিটো পৰিয়াক আগন্তুক এবছৰৰ ভিতৰত একোটাকৈ অৰুণোদয় দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই। এনেদৰে বিজেপি চৰকাৰে ৰাইজৰ বাবে বহুত কাম কৰাৰ কথা উল্লেখ কৰি এইসমূহ কংগ্ৰেছৰ চৰকাৰ আহিলে দিব পাৰিব নেকি বুলি প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছে সূতা-কম্বল-আঁঠুৱাৰ বাহিৰে আন একো দিব নোৱাৰে বুলি কয় মন্ত্ৰীগৰাকীয়ে। সেয়ে তেওঁ কংগ্ৰেছক ভোট নিদিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে সভাত বিজেপি চৰকাৰে কিমানখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিলে, পথ-দলং নিৰ্মাণ কৰিলে, মথাউৰি পথ পকীকৰণ কৰিলে তাৰ খতিয়ান দাঙি ধৰাৰ লগতে চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি সন্দৰ্ভত উপস্থিত ৰাইজক অৱগত কৰে। ব্যাপক জনসমাগম হোৱা সভাখনত মন্ত্ৰীগৰাকীয়ে সকলোকে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাক ভোট দি বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়। এই সভাত বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জিলা সভাপতি প্ৰবীন মেধি, জিলা প্ৰভাৰী সঞ্জীৱ শৰ্মা সহিতে কাৰ্যকৰ্তাসকল উপস্থিত থাকে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে ৰহা বিধানসভা সমষ্টিৰ হাতীচোঙত আন এখন বিশাল প্ৰচাৰ সভা সম্বোধন কৰি উদাত্ত কণ্ঠে ভাষণ দাঙি ধৰে। এইখন সভাতো ৰাইজৰ ব্যাপক উত্সাহ-উদ্দীপনা দেখি মন্ত্ৰীগৰাকী আনন্দিত হৈ পৰে। ইয়াৰ পিছত মন্ত্ৰীগৰাকী ৰহা বিধানসভা সমষ্টিৰ দক্ষিণপাট, মণিপুৰটূপ বজাৰ, গেৰজাই পাম আদিত আয়োজিত প্ৰচাৰ সভাত অংশ লয়। প্ৰতিখন সভাতে তেওঁ নগাঁও লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাক বিপুল ভোটেৰে জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়।

Featured