জাতি-জনগোষ্ঠীৰ মাজত বিভাজনৰ বীজ সিঁচা দলটোৱেই কংগ্ৰেছ : সৰ্বানন্দ সোণোৱাল

🔴দুধনৈ-পশ্চিম গোৱালপাৰাত বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ সোণোৱালৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ মে’ : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি গুৱাহাটী লোকসভা সমষ্টিৰ এনডিএ-ৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত দুধনৈৰ দহিকটা আৰু পশ্চিম গোৱালপাৰাৰ বৰদামালত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায় আৰু মোদীৰ গেৰাণ্টিয়ে সৰ্বসাধাৰণৰ জীৱনত কিদৰে আমূল পৰিৱৰ্তনৰ সূচনা কৰিছে, সেই বিষয়ে উল্লেখ কৰে। তেওঁ ভাষণ প্ৰসংগত কয়, “বিগত ১০ বছৰ হৈছে ভাৰতৰ বিকাশৰ সোণালী সময়, যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰ বলিষ্ঠ নেতৃত্বত আমাৰ দেশখনে পঞ্চম বৃহৎ অৰ্থনীতিলৈ উন্নীত হৈছে। বিজেপি চৰকাৰৰ দিনত সকলো জাতি-জনগোষ্ঠীৰ লোকে সম-মৰ্যাদা আৰু সম-বিকাশ লাভ কৰিছে। সমাজৰ সকলো শ্ৰেণীৰ সৰ্বাধিক বিকাশৰ নিশ্চয়তা প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন আমাৰ চৰকাৰে। ইতিমধ্যে মোদীয়ে বিকশিত ভাৰতৰ চাৰিটা মূল স্তম্ভ হিচাপে নাৰী শক্তি, যুৱ শক্তি, কৃষক আৰু দৰিদ্ৰ পৰিয়ালসমূহক অভিহিত কৰিছে। বিজেপি চৰকাৰৰ দিনত বিশেষকৈ কৃষক, মহিলা, শিক্ষাৰ্থী, যুৱপ্ৰজন্ম, শিক্ষক, জ্যেষ্ঠ নাগৰিক তথা জনজাতীয় সম্প্ৰদায়কে ধৰি সকলো শ্ৰেণীৰ লোকেই এতিয়া লাভ কৰিছে মানসম্পন্ন জীৱনৰ মৰ্যাদা। আমাৰ সকলোৰে লক্ষ্য- ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন আত্মনিৰ্ভৰ আৰু বিকশিত দেশ হিচাপে উজলাই তোলা। ইতিমধ্যে ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হৈছে, যিয়ে প্ৰতিগৰাকী দেশবাসীক নতুন সাহস আৰু মনোবল প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত উত্তৰ-পূব ভাৰত ৰূপান্তৰিত হৈছে ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ এক শক্তিক্ষেত্ৰ হিচাপে। যোৱা ১০ বছৰত উত্তৰ-পূবত হোৱা আমূল পৰিৱৰ্তনৰ ফলত সমগ্ৰ অঞ্চলটো এতিয়া বাণিজ্যৰ সম্ভাৱ্য ‘হটস্পট’ হৈ পৰিছে। মোদীয়ে উত্তৰ-পূবৰ গুৰুত্ব গভীৰভাৱে উপলব্ধি কৰিছে আৰু এক্ট ইষ্ট নীতিক ত্বৰান্বিত কৰি আছিয়ান, বিবিয়ান গোটৰ দেশসমূহৰ সৈতে বাণিজ্যৰ এক সৌহাৰ্দপূৰ্ণ আৰু সম্ভাৱনাপূৰ্ণ পৰিৱেশ গঢ়ি তুলিছে। লগতে উত্তৰ-পূৰ্বাঞ্চলক অৰ্থনৈতিক পুনৰুত্থানৰ দিশত সক্ষম কৰিছে। কংগ্ৰেছে ষাঠি বছৰ শাসনত থকা স্বত্বেও উত্তৰ-পূৰ্বাঞ্চলক দিলে কেৱল উগ্ৰপন্থা, হত্যা-হিংসা, লুণ্ঠন, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, কেলেংকাৰী আৰু শোষণ। উত্তৰ-পূব ভাৰতক কংগ্ৰেছে অৱহেলা আৰু অপশাসন কৰাৰ ফলতেই সমগ্ৰ অঞ্চলটো বহু বছৰ পিছপৰি আছিল। কিন্তু মোদীৰ বলিষ্ঠ আৰু দূৰদৰ্শী নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলে এতিয়া উন্নয়ন আৰু স্থায়ী শান্তিৰ এক নতুন অধ্যায় লিপিবদ্ধ কৰি দেশৰ বিকাশৰ নতুন ইঞ্জিনৰূপে চিহ্নিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় উত্তৰ-পূবৰ জনসাধাৰণক আকাংক্ষিত সন্মান, মৰ্যাদা প্ৰদান আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ সমান অংশীদাৰ হিচাপে গুৰুত্ব দি আহিছে। তেখেতৰ সবল নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত বিদ্ৰোহৰ কাৰ্য-কলাপ যথেষ্ট হ্ৰাস পাইছে। যোৱা বছৰবোৰত ৮,০০০তকৈও অধিক বিদ্ৰোহীয়ে আত্মসমৰ্পণ কৰিছে। এয়া ‘মোদী কি গেৰাণ্টি’ৰ এক সুন্দৰ প্ৰতিফলন। উত্তৰ-পূব অঞ্চলত কেৱল অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি হোৱাই নহয়, লগতে যুৱপ্ৰজন্মৰ বাবে ব্যাপক হাৰত নিযুক্তি সৃষ্টি হৈছে, প্ৰব্ৰজন হ্ৰাস হৈছে। এই বিভিন্ন দিশে পূৰ্বতে অৱহেলিত অঞ্চলটোৰ অধিক বিকাশত ইন্ধন যোগাইছে। আনহাতে যাতায়াত-যোগাযোগ ব্যৱস্থাৰ ক্ষিপ্ৰ উন্নয়নে উত্তৰ-পূব ভাৰত আৰু দেশৰ অন্যান্য ৰাজ্যসমূহৰ মাজত ভ্ৰমণৰ সময় হ্ৰাস কৰিছে। এই সকলো সম্ভৱ হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্ব, সদিচ্ছা আৰু উত্তৰ-পূৰ্বাঞ্চলবাসীৰ প্ৰতি থকা অফুৰন্ত মৰম-আন্তৰিকতাৰ বাবে।” সোণোৱালে লগতে কয়, “বিগত ১০ বছৰত কেন্দ্ৰীয় মন্ত্ৰীসকলে ৯০০ বাৰতকৈও অধিক উত্তৰ-পূব ভাৰত ভ্ৰমণ কৰিছে। ২০২২ চনৰ অক্টোবৰত মাননীয় প্ৰধানমন্ত্ৰীয়ে ১০০% কেন্দ্ৰীয় পুঁজিৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নতুনকৈ আৰম্ভ কৰা পিএম-ডিভাইন আঁচনিৰ অধীনত ২০২২-২৩ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ ৪ বছৰৰ বাবে মুঠ ব্যয় কৰা হ’ব ৬,৬০০ কোটি টকা। বিগত ১০ বছৰত যাতায়াত-যোগাযোগকে ধৰি বিভিন্ন দিশত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত ৫ লাখ কোটিতকৈও অধিক পুঁজি অনুদান হিচাপে আগবঢ়াইছে আৰু ৯২৫টাতকৈও অধিক প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে। এই পদক্ষেপবোৰে সমগ্ৰ অঞ্চলটোৰ বাবে অপাৰ সুযোগ-সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। আমাৰ চৰকাৰে জলপথৰ বিকাশৰ বাবে ১,০৪০ কোটি টকা ব্যয় কৰিছে যাৰ ফলত উত্তৰ-পূবত ২০টা জলপথ কাৰ্যকৰী হৈ উঠিছে যি ২০১৪ চনলৈকে কেৱল ‘এটা’হে আছিল। ২০১৪ চনৰ পৰা উত্তৰ-পূব ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য ১০,৯০৫ কিলোমিটাৰৰ পৰা ১৫,৭৩৫ কিলোমিটাৰলৈ বৃদ্ধি পাইছে, যাৰ ফলত মুঠ ৪৫% বৃদ্ধি হৈছে।” কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি আজি কয়, “অসমৰ ৰাইজে বিভিন্ন জাতি-জনগোষ্ঠীৰ মহান ব্যক্তিসকলৰ আদৰ্শেৰে আগবাঢ়িব লাগিব। আমাৰ আই-মাতৃসকলে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ ল’ব লাগিব। মহিলা সবলীকৰণৰ বাবে বিজেপি চৰকাৰ সদা দায়বদ্ধ। আমাৰ দিনতে খিলঞ্জীয়া ৰাইজক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ’ল। জাতিটোৰ ভাষা-সাহিত্য-সংস্কৃতিৰ সুৰক্ষাৰ বাবে প্ৰৱৰ্তন কৰা ‘ভাষা গৌৰৱ আঁচনি’ৰ জৰিয়তে অসম সাহিত্য সভাকে ধৰি প্ৰতিখন সাহিত্য সভাক এককালীন সাহায্য প্ৰদান কৰা হ’ল। সত্ৰ-নামঘৰৰ মাটি বেদখলমুক্ত কৰা হ’ল। ইফালে ইতিহাসত কংগ্ৰেছৰ ক’লা অধ‍্যায় লিপিবদ্ধ কৰা আছে। ইতিহাসে কংগ্ৰেছক কেতিয়াও ক্ষমা নকৰে। ভ্ৰষ্টাচাৰ, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, স্বজন-তোষণ, বিভাজনৰ ৰাজনীতিৰে ভাৰতীয় সমাজখন কংগ্ৰেছে থান-বান কৰি পেলালে। এই ভগ্ন সমাজখনক জোৰা লগালে একমাত্ৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে। আজি দেশৰ জনতাই আজি আমেৰিকা, চীন, জাপানৰ দৰে উন্নত ৰাষ্ট্ৰৰ নাগৰিকৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছে। সেয়েহে এই ধাৰা অব্যাহত ৰাখিবলৈ আমি মোদীৰ ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ক ন উদ্যমেৰে আগুৱাই নিব লাগিব। এইবোৰ কাৰণতে এইবাৰৰ নিৰ্বাচনটো অত‍্যন্ত গুৰুত্বপূৰ্ণ। অসমৰ ৰাইজে ‘বিকশিত অসম, বিকশিত ভাৰত’ৰ লক্ষ‍্যৰে দৃঢ়তাৰে আগুৱাই যাব লাগিব। আমি আটায়ে অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ‍্যৰ শাৰীলৈ লৈ যোৱাৰ চেষ্টা কৰিব লাগিব। কাৰণ অসম শক্তিশালী হ’লেহে ভাৰত শক্তিশালী হ’ব।”

Featured