কংগ্ৰেছ দল বিজেপিৰ ফিক্স ডিপজিট : ড° হিমন্ত বিশ্ব শৰ্মা

শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বাসগৃহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

বিশেষ বাৰ্তা, ২৬ মাৰ্চঃ কংগ্ৰেছ দল বিজেপিৰ ফিক্স ডিপজিট, যেতিয়াই ইচ্ছা তেতিয়াই বিজেপিয়ে ব্যৱহাৰ কৰিব পাৰে। এনেদৰেই ৰাজ্যিক কংগ্ৰেছৰ প্ৰতি তীব্ৰ বাক্যবান নিক্ষেপ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ভৱিষ্যত বাণী- অহা ২০২৫ ৰ জানুৱাৰী মাহত বিজেপিত যোগদান কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। এয়া ১০০ শতাংশই নিশ্চিত। মুখ্যমন্ত্ৰীগৰাকীয়ে আনকি সাম্ভাব্য যোগদানৰ পিছতে কংগ্ৰেছ সভাপতিলৈ দুটাকৈ সমষ্টি সংৰক্ষণ কৰি থোৱা বুলিও কালি বিশ্বনাথৰ বৰগাঙত সাংবাদিকক জানিবলৈ দিয়ে।এইবাৰ নিৰ্বাচনত কংগ্ৰেছক সমালোচনাৰ পৰিৱৰ্তে ৰাজ্যৰ সামগ্ৰিক উন্নয়ন কথাৰে ভোটাৰৰ কাষ চপাৰ পৰামৰ্শ দিয়া মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ নীলা তেজৰ কংগ্ৰেছ নেতাৰ বাদে সকলো নেতা-কৰ্মীৰ প্ৰতি দুৱাৰ খোলা বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ নেতা গৌৰৱ গগৈ সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰিৱৰ্তে অসমত বিজেপিয়ে ১৩খন আসন লাভ কৰিব বুলি উল্লেখ কৰে। ইফালে মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছত ভোট দিয়া মানে ৰাহুল গান্ধীক ভোট দিয়া আৰু বিজেপিক ভোট দিয়া মানে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰা। তদুপৰি ৰাহুল গান্ধীৰ নিজৰে ভবিষ্যত অন্ধকাৰ আৰু ৰাহুল গান্ধীৰ অনুগামী সকলৰ ভবিষ্যত আৰু বেছি অন্ধকাৰ। সেয়ে নেতা-কৰ্মী সমন্বিতে কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰা বুলি উল্লেখ কৰে। বিজেপিত এটা সময়ত মাত্ৰ কেইটামান পকেট ভোটাৰৰ এলেকাৰ বাহিৰে সকলোৱে বিজেপিত চামিল হ’ব বুলিও ভৱিষ্যদ্বাণী মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ।শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুক এতিয়াই ফোন কৰিলে বিজেপিত যোগদান কৰিব বুলি উল্লেখ কৰি কয় যে এতিয়া ফোন  নকৰো।কাৰণ মনোনয়ন উঠাই ললে মোদীৰ প্ৰতি মৰম কি দৰে প্ৰদৰ্শিত হ’ব। হনুমানেতো নিজৰ বুকু ফালি দেখুৱাইছিল।আমি কলি যুগত ভোট দিয়েই এই মৰম দেখুৱাব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।এইবাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ দুয়োগৰাকী প্ৰাৰ্থী বিহালী সমষ্টি হোৱাৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় যে,একো নাই,এতিয়া বৰ্তমান  আমাৰ লগত আছে আৰু এজন আমাৰ লগত নিৰ্বাচনৰ পিছত আহিব বুলিও কৌশলী মন্তব্য কৰে। শোণিতপুৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ বিজয় সুনিশ্চিত বুলিও দাবী কৰি মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা জনাবৰৰ বাবেই বিহালীলৈ আগমণ বুলি মন্তব্য কৰে। ইফালে মখ্যমন্ত্ৰীক সংগ দি মন্ত্ৰী অশোক সিংঘালে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বিজয়ত কোনো বাধা নাই বুলি উল্লেখ  কৰি শোণিতপুৰ লোকসভা সমষ্টিৰ মুঠ ৯ সমষ্টিৰ কোনে কিমান অধিক ভোট প্ৰাৰ্থী  ৰঞ্জিত দত্তক দিব পাৰে তাৰহে কথা-বাৰ্তা চলা বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ লগতে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,
গহপুৰৰ বিধায়ক উৎপল বৰা, আমণ্ট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, জিলা সভাপতি দিগন্ত ঘাটোৱাৰকে ধৰি বহু কেইজন দলীয় সতীৰ্থ উপস্থিত থাকে।

প্ৰেৰক জয়ন্ত বৰা

Featured