বিহালীত ধৰ্মান্তৰিত পৰিয়ালৰ পুনৰ হিন্দু ধৰ্ম গ্ৰহণ

বিশেষ বার্তা, ৩১ জানুৱাৰী : বিহালী সমষ্টিৰ অন্তৰ্গত বৰজাৰণি পঞ্চায়তৰ ভৰাজুলিৰ যি চাৰিটামান পৰিয়ালে হিন্দু ধৰ্ম ত্যাগ কৰি খ্ৰীষ্টায়ান ধৰ্ম গ্ৰহণ কৰিছিল, সেই পৰিয়ালকেইটিৰ ভিতৰত এটা পৰিয়ালে পুনৰ হিন্দু ধৰ্ম গ্ৰহণ কৰে। কালি এক ঘৰ ৱাপচি নামেৰে আয়োজন কৰা এক কাৰ্যসূচীত গাঁওখনৰ ৰাইজৰ উপস্থিতিত এক ধৰ্মীয় অনুষ্ঠানত ভৰাজুলি ওৰাং গাঁৱৰ বলীন খেৰুৱা আৰু তেওঁৰ পৰিবাৰৰ ৩ সদস্য ক্ৰমে তেওঁৰ পত্নী মালতী খেৰুৱাৰ, পুত্ৰ-কন্যা ক্ৰমে  তপন খেৰুৱাৰ আৰু ৰীতিকা খেৰুৱাৰে খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ লগে লগে হিন্দু ধৰ্মৰ ৰীতি-নীতিৰে  বিবাহপাশত আবদ্ধ হয় । উল্লেখযোগ্য যে আজিৰ পৰা প্ৰায় ১৩ বছৰ পূৰ্বে পৰিয়ালটিয়ে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰাৰ পিছত সেই ধৰ্মৰ ৰীতি-নীতি অনুযায়ী গিৰ্জা ঘৰত বিবাহপাশত আবদ্ধ হৈছিল। পুনৰ নিজ ধৰ্মলৈ উভতি অহাৰ ক্ষেত্ৰত ক্ৰমে চিত্তৰঞ্জন পৰাজুলী, ধীৰেন খেৰুৱাৰ, কাৰ্ত্তিক খেৰুৱাৰ, পাৰ্বতী খেৰুৱাৰ, মিঠুন খেৰুৱাৰ, দিলীপ ওৰাং আৰু মনজিৎ খেৰুৱাৰে বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰে। উল্লেখ্য যে গাঁওখনত বাকী যিকেইটা পৰিয়াল আছে, তেওঁলোকেও অচিৰেই হিন্দু ধৰ্মলৈ পুনৰ উভতি অহাৰ ইচ্ছা প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে।
প্ৰেৰক অমিতাভ বৰুৱা 
Featured