হোজাইৰ পদুমপুখুৰীত মন্দিৰৰ কামত দুৰ্নীতি : মৃত ব্যক্তিৰ নামতো জবকাৰ্ড

নিয়মীয়া বার্তা, ২৪ মে: হোজাইৰ ধলপুখুৰী উন্নয়ন ব্লকৰ অন্তৰ্গত পদুমপুখুৰী গাঁও পঞ্চায়তৰ শ্যামবাৰীৰ ৫নং ৱাৰ্ডত থকা হৰি ঔম মন্দিৰৰ চৌহদত মাটি ভৰোৱাৰ নামত দুৰ্নীতিৰ অভিযোগ উঠিছে। MGNREGA আঁচনিৰ অধীনত ২লাখ ৮৫ হাজাৰ ২৮৩ টকা ব্যয়েৰে মন্দিৰৰ চৌহদত মাটি ভৰাৱলৈ চৰকাৰৰ পৰা আহিছিল অনুদান। কিন্তু উক্ত মাটি ভৰোৱা কামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে ৪ আৰু ৫ নং বাৰ্ড দুটাৰ ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে। মাত্ৰ ২৬ হাজাৰ টকাৰ কাম কৰি ৫৭ টেক্টৰ মন্দিৰৰ চৌহদত মাটি পেলাই দুই ৱাৰ্ড মেম্বাৰে বাকী টকা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।। আনহাতে উক্ত পঞ্চায়তটোত মৃত ব্যক্তি সহদেৱ মণ্ডলৰ নামতো জৱকাৰ্ড বনাই বাৰ্ড মেম্বাৰে ধন আত্মসাৎৰ অভিযোগ স্হানীয় লোকৰ।। লগতে ৫নং বাৰ্ডৰ বাৰ্ড মেম্বাৰ জনে তেওৰ পত্নীৰ নামত জবকাৰ্ড বনাই ধন আত্মসাতৰ অভিযোগ স্থানীয় লোকৰ। দৰাচলতে, ঢলপুখুৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত এই পঞ্চায়তটোত বিভিন্ন আচনীৰ নামত দৰিদ্ৰ লোকৰ পৰা ধনৰ বিনিময়ত চৰকাৰৰ আচনী দিয়াৰ অভিযোগ স্হানীয় লোকৰ । স্থানীয় ৰাইজৰ অনুৰোধ বিভাগীয় উচ্চপদস্থ বিষয়া, বিধায়ক আৰু মুখ্যমন্ত্রীয়ে উক্ত দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ বিহিত ব্যবস্থা গ্ৰহণৰ আহ্বান জনায় ।।

প্ৰেৰক কিশলয় ডি গোস্বামী