ক’ৰোনাঃ স্নাতকৰ পৰীক্ষা স্থগিত ৰাখিলে কটন বিশ্ববিদ্যালয়ে

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ ক’ভিডকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কটন বিশ্ববিদ্যালয়ৰ চলিত স্নাতক লিবাৰেল আৰ্টকে ধৰি স্নাতকৰ প্ৰথম ষান্মাষিকৰ পৰীক্ষা আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখা হৈছে।

পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈ পৰীক্ষা অনুষ্ঠিত নহ’ব বুলি আজি এক বিবৃতিযোগে বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে জানিবলৈ দিয়ে। আনহাতে, পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ অহাৰ পিছত পৰৱৰ্তী পৰীক্ষাসূচীৰ বিষয়ে জাননীযোগে অৱগত কৰোৱা হ’ব বুলি উল্লেখ কৰে বিবৃতিটোত।