কলিয়াবৰত বাহনৰ সৈতে গৰুচোৰ আটক

বিশেষ বাৰ্তা, ৯ ফেব্ৰুৱাৰী : কলিয়াবৰত অব্যাহত আছে গৰু চুৰিৰ ঘটনা । নিশা শিলঘাট চামধৰা গাঁৱত গৰু চুৰি কৰি থাকোঁতেই হাতে-লোটে ধৰা পৰে চোৰ । চামধৰা গাঁৱৰ পুনিৰাম হাজৰিকা আৰু অপূৰ্ব হাজৰিকা নামৰ লোক দুজনৰ দুটা গৰু বাহনত তুলি পলায়ন কৰাৰ সময়তে মুখামুখি হয় নিশাৰ টহলদাৰী আৰক্ষীৰ । আৰক্ষীৰ গাড়ী দেখা পাই গাড়ীসহ চোৰৰ দলটোৱে পলায়ন কৰে যদিও আৰক্ষীয়ে খেদি যায় দলটোক । চোৰৰ দলটিয়ে শিলঘাট-ত্ৰিশূলধাৰীত গাড়ী এৰি পলায়ন কৰে । আৰক্ষীয়ে গৰু দুটাসহ AS-01 BW-8791 নম্বৰৰ টাটা জেষ্ট বাহনখন জব্দ কৰি থানালৈ লৈ আহে ।

এই ঘটনাৰ কিছু সময়ৰ পাছত পাহাৰলৈ পলাই যোৱা চোৰৰ দলটোৰ এজনক সন্দেহজনকভাৱে খোজকাঢ়ি আহি থকা অৱস্থাত অসম সমবায় মৰাপাট কলৰ সুৰক্ষা কৰ্মীয়ে কৰায়ত্ত কৰি চমজাই দিয়ে শিলঘাট আৰক্ষীক । আনহাতে, ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আহি থকা অৱস্থাত আন দুটা চোৰক স্থানীয় ৰাইজৰ সহযোগত আটক কৰে আৰক্ষীয়ে । বৰ্তমানো বাহনখনৰ চালকজন পলাতক বুলি জানিব পৰা গৈছে । ধৃত চোৰ তিনিটাক কলিয়াবৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

প্ৰেৰক কনক হাজৰিকা

Featured