.আগমনিত বাংলাদেশলৈ চালান দিয়াৰ চেষ্টা চলোৱা ৯ টা গৰু জব্দ

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ ধুবুৰী জিলাৰ আগমনি থানাৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্তৰ গৌড় ঝাপুচাবাৰী আৰক্ষীয়ে যোৱানিশা চোৰাং বেপাৰীয়ে বাংলাদেশলৈ চালান দিয়াৰ চেষ্টা চলোৱা ৯ টা গৰু আটক কৰে । উল্লেখ যে অসম বংগৰ আন্তৰ্জাতিক গৰুৰ চোৰাং বেপাৰীসকলে অসম আৰক্ষীৰ গৌড় ঝাপুচাবাৰী নিৰীক্ষণ চকী আৰু পৰীক্ষণ চকীৰ আৰক্ষীৰ চকুত ধূলি দি নিশাই বংগৰ পৰা গৰু নি অসম সীমান্তৰ নদীয়েদি বাংলাদেশলৈ শ শ গৰু প্ৰেৰণ কৰে । ফলত নিশাই পথেৰে নিনি খেতিপথাৰেৰে এনেদৰে গৰু পাৰ কৰাত পথাৰৰ খেতিসমূহ বিনষ্ট হয় । ইপিনে খেতিৰ গৰাকীয়ে প্ৰতিবাদ কৰিলে দাবী ধমকি দিয়ে গৰুৰ চোৰাং বেপাৰীয়ে । আনহাতে নিশা তেনেদৰে গৰু বাংলাদেশলৈ অবৈধভাৱে চালান দিয়াত দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আহি পৰে । ইপিনে আগমনি আৰক্ষীয়ে পুৱাতে সীমান্তত উপস্থিত হৈ গৰুসমূহ খোৱাৰত ৰাখি সীমান্তত তীক্ষ্ণ লক্ষ্য ৰাখে ।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়