নেপালী লোকক মুখাগ্নিৰে মানৱতাৰ নিদৰ্শন সাংবাদিক মজিবুৰ ৰহমানৰ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ প্ৰায়েই হিন্দু মুছলমান, খিলঞ্জীয়া, বহিৰাগতৰ ৰাজনীতিৰে দেশ তথা ৰাজ্যৰ ৰাজনৈতিক পৰিবেশ বিনষ্ট কৰা লোকসকলে এবাৰৰ বাবে হ’লেও এই দৃশ্য চাওঁক। কোন হিন্দু? কোন মুছলমান? কোন খিলঞ্জীয়া অথবা কোন বহিৰাগত? এই দৃশ্য দেখিলে অকনমান সময়ৰ বাবে হ’লেও আপোনাৰ মন প্ৰাণ উদ্বেলিত কৰি তুলিব। মন প্ৰাণ ভৰি উঠিব আপোনাৰো। ৰাজ্যৰ চৌদিশে একাংশ লোকে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰি অহাৰ সময়তে আন এক মানৱতাৰ পৰিচয় দাঙি ধৰিলে সাংবাদিক মজিবুৰ ৰহমানে। নিজৰ কৰ্মৰে মহানতাৰ পৰিচয় দাঙি ধৰি ভাঙিবলৈ ধৰা সমাজখনত আন এক মানৱতাৰ পৰিচয় দাঙি ধৰিলে নলবাৰীৰ এই গৰাকী সাংবাদিকে। অসহায় হৈ পৰা এগৰাকী  নেপালী সম্প্ৰদায়ৰ লোকৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰিলে নলবাৰীৰ সাংবাদিক মজিবুৰ ৰহমানে। জীৱনৰ অন্তিম সময়ছোৱাত পৰিয়াল, আত্মীয় স্বজনৰ দ্বাৰা এলাগী হৈ পৰা ৮০ উৰ্ধৰ বৃদ্ধগৰাকীৰ আজি অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰাৰ লগতে পুত্ৰ মৰ্য্যদাৰে তেওঁৰ মুখাগ্নি কৰিলে সাংবাদিক ৰহমানে।জীৱনৰ শেষ সময়ছোৱাত  শ্বিলঙত থাকিবলৈ লোৱা বৃদ্ধগৰাকীয়ে নিজৰ পৰিয়ালতে এলাগী হৈ পৰিছিল। লুলুং চেত্ৰী নামৰ বৃদ্ধগৰাকীয়ে অতি শেহতীয়াকৈ মানসিক ৰোগত আক্ৰান্ত হোৱাৰ পিছত পৰিয়ালৰ লোকে পেলাই থৈ গৈছিল আমিনগাঁৱৰ ৰাজপথত। আমিনগাঁৱৰ ৰাজপথত অত তৎ দিন ৰাতি অতিবাহিত কৰি অহাৰ সময়তে পাঠশালাৰ এজন লোকে খবৰটো জনাইছিল সাংবাদিক মজিবুৰ ৰহমানক। পিছত সাংবাদিক ৰহমানে আমিনগাঁৱৰ তিনি সাংবাদিক বন্ধুৰ সহযোগত ৰাজপথৰ পৰা বৃদ্ধগৰাকীক উদ্ধাৰ কৰি আশ্ৰয়ৰ ব্যৱস্থা কৰে নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমত। কেবাটাও ৰোগত আক্ৰান্ত বৃদ্ধগৰাকীৰ দেহৰ বিভিন্ন স্থানত কিলবিলাই আছিল পোক। পৰ্যায়ক্ৰমে বৃদ্ধগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰোৱাৰ লগতে পোকবোৰ নোহোৱা কৰি পেলাইছিল সাংবাদিক মজিবুৰে। এনেকৈয়ে দিন বাগৰাৰ অন্তত যোৱা নিশা প্ৰায় ১ বজাত শেষ নিশ্বাস ত্যাগ কৰে লুলুং চেত্ৰী নামৰ বৃদ্ধগৰাকীয়ে। আজি শান্তি নিৱাস বৃদ্ধাশ্ৰম বাকৰিত বৃদ্ধ গৰাকীৰ বিদেহ আত্মাৰ সদগতিৰ অৰ্থে শেষ শ্ৰদ্ধাঞ্জলি জনাই আশ্ৰমখনিৰ পৰিচালক তথা সাংবাদিক মজিবুৰ ৰহমান, সাংবাদিক জ্যোতিস্মান শৰ্মা, উদ্দীপ্ত কুমাৰকে ধৰি আশ্ৰমখনিৰ আৱাসীসকলে। ইয়াৰ পিছত নলবাৰী ৰাজহুৱা শ্মসানত আজি দিনৰ ভাগত বৃদ্ধগৰাকীৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। বৈদিক ৰীতি নীতি মতে বৃদ্ধগৰাকীৰ মুখাগ্নি কৰে সাংবাদিক মজিবুৰ ৰহমানে। এই অন্তোষ্টিক্ৰিয়া সম্পন্ন অনুস্থানত সমাজকৰ্মী ৰাজা  জালান, পুনিত জালান, স্মসান বন্ধু নবীন ডেকা, জ্যোতিস্মান শৰ্মা, উদ্দীপ্ত কুমাৰকে ধৰি বিভিন্নজন লোক উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা
Featured