চন্দ্ৰপুৰৰ ভাৰপ্ৰাপ্ত উপ-পঞ্জীয়ক জুৰি শৰ্মাক গ্ৰেপ্তাৰ ক্ৰাইম ব্ৰাঞ্চৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ ক্ৰাইম ব্ৰাঞ্চৰ হাতত গ্ৰেপ্তাৰ হৈছে চন্দ্ৰপুৰৰ ভাৰপ্ৰাপ্ত উপ-পঞ্জীয়ক জুৰি শৰ্মা। ভূমি পঞ্জীয়ন জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে জুৰি শৰ্মাক। সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ ভূমি জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে জুৰি শৰ্মাক। গ্ৰেপ্তাৰ হোৱা শৰ্মাই ভৰলুমুখৰ এটুকুৰা ভূমি দালাল চক্ৰৰ নামত পঞ্জীয়ন কৰিছিল। এই গোচৰতে ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে বহু বিষয়া-কৰ্মচাৰী আৰু দালাল। গুৱাহাটীৰ প্ৰাক্তন ৰাজহ চক্ৰ বিষয়া লক্ষজ্যোতি দুৱৰীয়াও গ্ৰেপ্তাৰ হৈছিল এই গোচৰত। আনকি উপ-পঞ্জীয়ক নিহাৰেন্দ্ৰ থাওচেনকো এই গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ভূমি বিক্ৰীৰ ভুৱা নথি প্ৰস্তুত কৰি পঞ্জীয়ন আৰু নামজাৰি কৰিছিল চক্ৰটোৱে। ২০১৭ চনত জালিয়াতি সংঘটিত কৰিছিল এই বৃহৎ চক্ৰটোৱে। সেই সময়ত গুৱাহাটী ৰাজহ চক্ৰৰ কাৰ্যালয়ত Extra Writer হিচাপে কৰ্মৰত আছিল জুৰি শৰ্মা। জুৰি শৰ্মাক দুদিন ধৰি জেৰা চলাই জেললৈ প্ৰেৰণ কৰে ক্ৰাইম ব্ৰাঞ্চে।

Featured