ছমৰীয়াত সাংস্কৃতিক সন্ধিয়াত সুৰৰ লহৰ তুলিলে কণ্ঠশিল্পী জুবলী বৰুৱাই

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰতো অসমীয়াৰ হেঁপাহৰ বাপতিসাহোন ৰঙালী বিহুটি ১ ব’হাগৰ পৰা ৬ ব’হাগলৈ মুকলি বিহু, জেং বিহু, বিভিন্ন খেল-ধেমালিৰ লগতে ৫ আৰু ৬ ব’হাগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হৈছিল। ৫ ব’হাগত স্থানীয় শিল্পীৰ লগতে আমন্ত্ৰিত শিল্পী, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, বিহু হুঁচৰিৰ লগতে ৬ ব’হাগৰ নিশা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে সংগীতানুষ্ঠান পৰিৱেশন কৰে অসমৰ সংগীত জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱাই। জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱাই সাংস্কৃতিক মঞ্চত উঠিয়েই ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰলৈ তেওঁক নিমন্ত্ৰণ কৰা বাবে উদযাপন সমিতিক ধন্যবাদ জনায় আৰু কণ্ঠশিল্পীগৰাকীয়ে ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰলৈ প্ৰথমবাৰলৈ আহি অত্যন্ত উৎসাহিত হোৱা বুলি কয়। কণ্ঠশিল্পীগৰাকীক সংগীতানুষ্ঠান আৰম্ভ কৰাৰ প্ৰাকক্ষণত ছমৰীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ হৈ অসমীয়াৰ স্বাভিমান ফুলাম জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে সাধাৰণ সম্পাদক দিবাকৰ কলিতা আৰু সাংস্কৃতিক সম্পাদক ৰাতুল ভৰালীয়ে। কণ্ঠশিল্পী জুবলীয়ে এটাৰ পিছত আনটো ন-পুৰণি বহুকেইটা গীত পৰিৱেশন কৰি জীপাল কৰি তোলে ছমৰীয়া আঞ্চলিক ৰঙালী বিহুৰ সাংস্কৃতিক মঞ্চ। কণ্ঠশিল্পী জুবলীৰ সংগীতৰ মায়াজালত পুৱতি নিশালৈকে গীতৰ তালে তালে বিহু নাচি আনন্দত মতলীয়া হল বিহুবলিয়া ৰাইজ।

প্ৰেৰক প্ৰীতম বায়ন

Featured