আৰক্ষীৰ জালত চাইবাৰ অপৰাধী ওমৰ ফাৰুক

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰী : অসমত অব্যাহত থকা চাইবাৰ অপৰাধীৰ কু-কাৰ্যৰ বিৰুদ্ধে অসম আৰক্ষী তৎপৰ হৈ পৰিছে । বিভিন্ন লোকৰ ফেচবুক একাউণ্ট হেক কৰি একাংশ চাইবাৰ অপৰাধীয়ে বেআইনী কাৰ্যকলাপত লিপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত এনে অপৰাধীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আৰক্ষী প্ৰশাসনে দিনে-নিশাই চেষ্টা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে বৈঠালাংছʼৰ এজন ব্যক্তিৰ ফেচবুক একাউণ্ট হেক কৰি ধন বিচৰা এটা চাইবাৰ অপৰাধীক আৰক্ষীয়ে আটক কৰিছে । উল্লেখযোগ্য যে যোৱা ২৭ জানুৱাৰীত বৈঠালাংছʼৰ হেমন্ত নাথৰ এটা ফেচবুক একাউণ্ট হেক কৰি ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ ওমৰ ফাৰুক নামৰ এটা চাইবাৰ অপৰাধীয়ে উক্ত একাউণ্টৰ মেছেঞ্জাৰৰ পৰা বিভিন্নজনলৈ ধন বিচাৰি মেছেজ পঠিয়াইছিল । এই হেকাৰজনৰ কবলত পৰি বৈঠালাংছʼৰ অৰুণ নাথ নামৰ যুৱকজনে বিশ হাজাৰ টকা ফোন পেʼৰ জৰিয়তে হেকাৰলৈ প্ৰেৰণ কৰি সৰ্বস্বান্ত হৈছিল। ইফালে, বৈঠালাংছʼ আৰক্ষী থানাত অৰুণ নাথে এই সন্দৰ্ভত লিখিত অভিযোগ দিয়াত আৰক্ষীয়ে অতি তৎপৰতাৰে ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ পৰা ওমৰ ফাৰুকক আটক কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আৰক্ষীয়ে চাইবাৰ অপৰাধীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।
প্ৰেৰক হেমন্ত কুমাৰ নাথ
Featured