লাহৰীঘাটত দুই চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৮ মে: মৰিগাঁৱৰ লাহৰীঘাটত অব্যাহত আছে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। চাইবাৰ অপৰাধত ব্যৱহৃত বৃহৎ পৰিমাণৰ সা-সামগ্ৰীসহ লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই দুৰ্ধৰ্ষ চাইবাৰ অপৰাধীক। লাহৰীঘাট থানাৰ অন্তৰ্গত তিতাতলা বিলপাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধী দুটা হৈছে‌ মাইনুল ইছলাম আৰু আইনুল হক। চাইবাৰ অপৰাধী দুটাৰ পৰা আৰক্ষীয়ে ১৯খন অবৈধ ছিমকাৰ্ড, ১৪খন খালী ছিমকাৰ্ড, এটা লেপটপ, ৬খন এ টি এম কাৰ্ড, ৩খন আধাৰ কাৰ্ড, এটা ম’বাইল আৰু এখন পানকাৰ্ড জব্দ কৰে।লাহৰীঘাট আৰক্ষীয়ে চাইবাৰ অপৰাধী দুটাক আদালতত হাজিৰ কৰি পুনৰ আৰক্ষীয়ে জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰাখিছে। এতিয়াও লাহৰীঘাটৰ বিভিন্ন অঞ্চলত বিনাদ্বিধাই একাংশই চলাই আহিছে চাইবাৰ অপৰাধৰ বিশাল নেটৱৰ্ক।

প্ৰেৰক আবুল কালাম

Featured