কলগাছিয়াত ই-ৰিক্সাৰে সংঘৰ্ষত চাইকেল আৰোহীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১ জুন : কলগাছিয়াৰ বালিকুৰি গাঁৱত আজি আবেলি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন বৃদ্ধৰ থিতাতে মৃত্যু হয়। জানিব পৰা মতে, বালিকুৰি আৰক্ষী চকীৰ নিচেই কাষত আবেলি এখন ই-ৰিক্সা বালিকুৰি অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা চাইকেল লৈ অহা আছুৰ উদ্দিন (৫০) নামৰ ব্যক্তিজনৰ মুখামুখি খুন্দা লগাত থিতাতে মৃত্যু হয় ব্যক্তিজনৰ। নিয়ন্ত্ৰণহীন ই-ৰিক্সাচালক মনোৱাৰ হুছেইনৰ ভুলৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে। বালিকুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি কলগাছিয়া আৰক্ষী থানালৈ লৈ আহে। দুৰ্ঘটনা সংঘটিত কৰা বালিকুৰি এন চি গাঁৱৰ হাসমত আলীৰ পুত্ৰ মনোৱাৰ হুছেইন আৰু ই-ৰিক্সাখন আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে বৃহত্তৰ কলগাছিয়া অঞ্চলত ই-ৰিক্সাৰ অতপালি বৃদ্ধি পোৱাৰ বাবেই এনেদৰে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি স্থানীয় ৰাইজে ধাৰণা কৰিছে। এই ভয়ংকৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

প্ৰেৰক মফিদুল ইছলাম

Featured