নগৰবেৰাৰ মন্দিৰা যোগীপাৰাত বোৱাৰী নিৰুদ্দেশ

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ বিয়াৰ আঢ়ৈ বছৰৰ পাছতেই স্বামীগৃহৰ পৰা এগৰাকী বোৱাৰী নিৰুদ্দেশক লৈ নগৰবেৰাৰ মন্দিৰা নিছিলামাৰীত চাঞ্চল্য বিয়পিছে। গাঁওখনৰ সনাতন বৈশ্যৰ পৰিয়ালত সংঘটিত হৈছে এই কাণ্ড। নিচিলামাৰীত স্বামীগৃহৰ পৰাই নিৰুদ্দেশ হয় ডিম্পী সন্দিকৈ বৈশ্য নামৰ মহিলাগৰাকী। পত্নীৰ কোনো সম্ভেদ নাপাই চিন্তিত হৈ পৰিছে স্বামী সনাতন বৈশ্য আৰু বৃদ্ধা মাতৃ। পিতৃ গৃহ ধেমাজি চিমেন চাপৰিলৈ যোৱাৰ কথা কৈ গৈছিল যদিও তাতো হেনো নাই মহিলাগৰাকী! চিন্তিত হৈ পত্নীক ঘৰলৈ উভতিবলৈ কাতৰ আহ্বান স্বামী সনাতন বৈশ্যৰ লগতে বৃদ্ধা শাহুৱেকৰ। আৰক্ষীক মহিলাগৰাকী নিৰুদ্দেশ হোৱা সন্দৰ্ভত অৱগত কৰা বুলিও প্ৰকাশ। কোনো সদাশয় লোকে মহিলাগৰাকীৰ কিবা সম্ভেদ পালে নিকটৱৰ্তী আৰক্ষীক যোগাযোগৰ আহ্বান জনাইছে স্বামী সনাতন বৈশ্যই।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured