পলাতক দীপাংকৰ বর্মনৰ পিতৃ–মাতৃক গ্রেপ্তাৰ আৰক্ষীৰ

🔹 ডি বি ষ্টক ব্ৰকিঙৰ সাত হাজাৰ কোটিটকীয়া কেলেংকাৰি

🔹 আৰক্ষীৰ জালত চিএ মহেশ আগৰৱালাও

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : অনলাইন ট্রেডিঙেৰে নিশাটোৰ ভিতৰতে কোটিপতি হোৱাৰ অলীক স্বপ্ন দেখুৱাই ৰাইজৰ পৰা প্রায় ৭ হাজাৰ কোটি টকা লুণ্ঠন কৰি আজিলৈকে সন্ধানহীন হৈ থকা ডি বি ষ্টক ব্রকিঙৰ স্বত্বাধিকাৰী দীপাংকৰ বর্মনৰ পিতৃ–মাতৃক অৱশেষত আজি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ অপৰাধ শাখাৰ সহযোগত পল্টন বজাৰ আৰক্ষীয়ে গড়চুকৰ অভিগুণা এপার্টমেণ্টৰ পৰা দীপাংকৰ বর্মনৰ পিতৃ–মাতৃ ক্রমে চবিন বর্মন আৰু দীপালী তালুকদাৰক গ্রেপ্তাৰ কৰে৷ বিগত এমাহ ধৰি ৰাইজৰ ধন আত্মসাৎ কৰি পলায়ন কৰি থকা দীপাংকৰ বর্মনৰ আত্মগোপন সন্দর্ভত পিতৃ–মাতৃয়ে বহু কথা জানে বুলি সন্দেহ কৰিয়েই আৰক্ষীয়ে আজি দুয়োজনক গ্রেপ্তাৰ কৰে৷ গ্রেপ্তাৰৰ অন্তত দুয়োকে আদালতত হাজিৰ কৰায় যদিও আদালতে দুয়োজনক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ অৱশ্যে দুয়োজনক কাৰাগাৰত হ’লেও তদন্তকাৰী বিষয়াই জেৰা চলাব পাৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে পল্টন বজাৰ থানাত ইতিমধ্যে কেইবাগৰাকীও ভুক্তভোগীয় দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু হোৱা ২৮৮/২৪ নম্বৰৰ গোচৰৰ ভিত্তিত দুয়োজনকে গ্রেপ্তাৰ কৰা হৈছে৷ একাংশ ভুক্তভোগীয়ে অভিযোগ কৰা মতে, দীপাংকৰৰ পিতৃ–মাতৃয়ে লুণ্ঠনৰ সকলো কাহিনী ভালদৰে অৱগত যদিও পুত্রৰ স্বার্থত এতিয়ালৈকে আৰক্ষীৰ আগত প্রকাশ কৰা নাই৷ আনহাতে, আৰক্ষীৰ এক সূত্রই জানিবলৈ দিয়া মতে, বিনিয়োগৰ নামত ৰাইজৰ পৰা ধন সংগ্রহ কৰা দীপাংকৰ বর্মনে নিজৰ একাউণ্টৰ লগতে মাক–দেউতাকৰ একাউণ্টৰ জৰিয়তেও বহু ধন লেনদেন কৰিছিল৷ আৰক্ষীয়ে ইতিপূর্বে প্রৱঞ্চকটোৰ লগতে পিতৃ–মাতৃৰো একাউণ্টৰ সবিশেষ সংগ্রহ কৰি পৰীক্ষা চলাইছিল৷ বেংকৰ পৰা অহা প্রতিবেদন মর্মে চবিন বর্মন আৰু দীপালী তালুকদাৰৰ একাউণ্টযোগে বিভিন্ন সময়ত কেইবাকোটি টকাৰ লেনদেন হৈছিল৷ অর্থাৎ সকলো জানি-শুনিও দুয়োজনে নজনাৰ ভাও যে আৰক্ষীৰ ওচৰত ধৰিছিল, সেয়া উক্ত প্রতিবেদনৰ পৰাই স্পষ্ট হৈ পৰিছে৷ আৰক্ষীয়ে দুয়োজনকে জিম্মাত ল’বলৈ বিচাৰিছিল যদিও দুয়োগৰাকীৰে বয়সৰ দিশটোলৈ চাই জিম্মাত নিদি কাৰাগাৰলৈ প্রেৰণ কৰে৷ অৱশ্যে কাৰাগাৰত দুয়োকে এই সন্দর্ভত জেৰা চলোৱা হ’ব বুলিও জানিব পৰা গৈছে৷ ইপিনে, প্রৱঞ্চক দীপাংকৰ বর্মনৰ পিতৃ–মাতৃৰ লগতে আজি আৰক্ষীয়ে ডি বি ষ্টক ব্রকিঙৰ চার্টার্ড একাউণ্টেণ্ট মহেশ আগৰৱালাকো গ্রেপ্তাৰ কৰে৷ লক্ষণীয় যে প্রৱঞ্চক কোম্পানীটোৰ বিভিন্ন লেনদেন মহেশ আগৰৱালাই চোৱাচিতা কৰাৰ লগতে দীপাংকৰ বর্মনৰ বিভিন্ন ঠাইত বিনিয়োগ হৈ থকা কোটি কোটি টকা সুৰক্ষিতভাৱে ৰখাৰ ক্ষেত্রতো আগৰৱালাই গুৰুত্বপূর্ণ ভূমিকা লোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ ধৃত চি এ-জনৰ বিৰুদ্ধে লেনদেন সন্দর্ভত বহু তথ্য আৰক্ষীয়ে লাভ কৰিছে৷ অৱশ্যে তদন্তৰ খাতিৰত উক্ত তথ্যসমূহ বর্তমানলৈ ৰাজহুৱা কৰা নাই মহানগৰ আৰক্ষীয়ে৷ ধৃত আগৰৱালাক আজি গ্রেপ্তাৰৰ পাছতে আদালতত হাজিৰ কৰে মহানগৰ আৰক্ষীয়ে৷ আদালতে মহেশ আগৰৱালাক তিনি দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ বর্তমানে মহেশ আগৰৱালাক পাণবজাৰ থানাত ৰখা হৈছে যদিও গোচৰটো যিহেতুকে পল্টন বজাৰ থানাত ৰুজু হৈ আছে, গতিকে পল্টন বজাৰ আৰক্ষীয়ে তেওঁক জেৰা চলাব৷ আজি নিশা কেইবাজনো মহানগৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াই মহেশ আগৰৱালাক জেৰা চলাব বুলি জানিব পৰা গৈছে৷ অৱশ্যে প্রৱঞ্চনাৰ উক্ত গোচৰটোত চাৰিজনকৈ লোকক এতিয়ালৈকে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে যদিও চক্রটোৰ অন্যতম মূল অভিযুক্ত দীপাংকৰ বর্মনৰ অৱস্থান আজিলৈকে উলিয়াব পৰা নাই মহানগৰ আৰক্ষীয়ে৷ অভিযুক্ত দীপাংকৰ বর্মনে কেনেবাকৈ বিদেশলৈ পলায়ন কৰাৰ সন্দেহ কৰি সম্প্রতি আৰক্ষীয়ে তেওঁৰ পাছপ’ৰ্ট, আধাৰ কার্ডকে ধৰি গুৰুত্বপূর্ণ নথিসমূহ দেশৰ প্রতিটো বিমানবন্দৰ তথা ৰে’ল আস্থানৰ কর্তৃপক্ষলৈ প্রেৰণ কৰিছে৷ ইমানখিনিৰ পাছতো কিন্তু আজিলৈকে আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই দীপাংকৰ বর্মনৰ৷

Featured