পেট্ৰল পাম্পৰ লুণ্ঠনৰ বিৰুদ্ধে কঠোৰ স্থিতি মৰিগাঁও জিলা আয়ুক্তৰ

বাৰ্তা বুৰো, মৰিগাঁও, ৮ ফেব্ৰুৱাৰীঃ সততে একাংশ গ্ৰাহকৰ অভিযোগ যে পেট্ৰল ভৰোৱাৰ পিছত তেওঁ গাড়ীৰ মাইলেজ নাপায়। একেই অভিযোগ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকৰ। গ্ৰাহকৰ পৰা এনে অভিযোগসমূহ লাভ কৰাৰ পিছতে নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এক অভিযান চলাই মৰিগাঁও নগৰৰ সমীপৰ টেলাহীৰ গোবিন্দ ছাৰ্ভিচ ষ্টেচনত। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই মৰিগাঁও নগৰৰ সমীপৰ টেলাহীত গোবিন্দ ছাৰ্ভিচ ষ্টেচনত চৰজমিন তদন্ত চলাই গ্ৰাহকে তেল কমকৈ লাভ কৰাৰ প্ৰমাণ লাভৰ পিছতে প্ৰথমে পাম্প তোৰ কৰ্তৃপক্ষক জবাবদিহি কৰে। জিলা আয়ুক্তগৰাকীয়ে নিজে চৰজমিন তদন্ত চলাই প্ৰতি ৫ লিটাৰত গ্ৰাহকে তেল কমকৈ পোৱাৰ প্ৰমাণ লাভ কৰে। উল্লেখ্য যে পেট্ৰল পম্পৰ এনে অনিয়মৰ বিৰুদ্ধে অভিযান চলাই যাব বুলি ঘোষণা জিলা আয়ুক্তৰ।

প্ৰেৰক প্ৰাঞ্জল দাস

Featured