মৃত্যুতিথিত এলাগী কুশল কোঁৱৰৰ ধুবুৰীৰ পূর্ণাংগ অৱয়বৰ প্ৰতিমূৰ্তি

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ আজি শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱসৰ দিনটোতো ধুবুৰীত এলাগী হৈ থাকিল স্বাধীনতা সংগ্ৰামীগৰাকীৰ সম্পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তিটো। উল্লেখ্য যে ১৯৪৩ চনৰ আজিৰ ১৫ জুনৰ দিনটোতে কুশল কোঁৱৰক যোৰহাটৰ কাৰাগাৰত ফাঁচী দিছিল ব্ৰিটিছে। কিন্তু দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদগৰাকীৰ আজিৰ মৃত্যু তিথিৰ দিনটোৰ দুপৰীয়ালৈকে শ্বহীদ গৰাকীৰ ধুবুৰীত থকা সেই প্ৰতিমূৰ্তিটোৰ সন্মুখত এগছি চাকি জ্বলাবলৈ সময় পোৱা দেখা নগ’ল প্ৰশাসন অথবা কোনো এটা ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠনৰ। আজিৰ দিনটোতে ৰ’দ, বতাহ, বৰষুণত উৱলি গৈ কুৎসিত, কলা বৰণীয়া ফুলৰ মালা ডিঙিত ওলমি থাকিল শ্বহীদগৰাকীৰ সেই প্ৰতিমূৰ্তিটোত। উল্লেখ্য যে ধুবুৰী চহৰৰ ১নং ওৱাৰ্ডৰ বৰলুইতৰ পাৰৰ সৰু ৰাজহুৱা উদ্যান এখনত আছে শ্বহীদ কুশল কোঁৱৰৰ পূৰ্ণাংগ অৱয়বৰ সেই প্ৰতিমূৰ্তিটো। ২০০৫ বৰ্ষত ধুবুৰী জিলা আৰক্ষীৰ অনুদানেৰে নিৰ্মাণ তথা প্ৰতিষ্ঠিত কৰা হৈছিল প্ৰতিমূৰ্তিটো।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured