আশাব্যঞ্জক ফলাফল সত্ত্বেও উৎসাহ-উদ্দীপনাহীন শিক্ষানগৰী পাঠশালা

নিয়মীয়া বাৰ্তা, ৯ মে’ : বিগত এটা সপ্তাহ ধৰি প্ৰচাৰিত হৈ থকা বিভিন্ন উৰা বাতৰিৰ অন্তত আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফল৷ যোৱা বৰ্ষতকৈ প্ৰায় এমাহ পূৰ্বে ফলাফল ঘোষণা কৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে তৎপৰতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে৷ কিন্তু এইবাৰ অনাকাংক্ষিতভাৱে শীৰ্ষৰ স্থান ঘোষণা নকৰাৰ ফলত অসমৰ শিক্ষা নগৰী হিচাপে পৰিচিত পাঠশালাত পূৰ্বৰ উৎসাহ উদ্দীপনা পৰিলক্ষিত নহ’ল৷ আনহাতে এইবাৰ যিটো পদ্ধতিত ফলাফল ঘোষণা কৰা হ’ল, সেই প্ৰক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত কোনখন শিক্ষানুষ্ঠানৰ কোনগৰাকী বা কিমানগৰাকী শিক্ষাৰ্থীয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰিলে সেয়াও সম্পূৰ্ণভাৱে বিচাৰি উলিওৱাটো সম্ভৱপৰ হৈ নুঠিল৷ বিশেষকৈ সংখ্যাত অধিক শিক্ষাৰ্থী থকা শিক্ষানুষ্ঠানসমূহৰ বাবে সেয়া একেদিনাই বিচাৰি উলিওৱাটো কিছু জটিল হৈ পৰিল৷ যাৰ পৰিপ্ৰেক্ষিত পাঠশালাৰ আগশাৰীৰ শিক্ষানুষ্ঠানসমূহৰ ফলাফলৰ সম্পূৰ্ণ ছবিখন লাভ কৰাটো সংবাদমাধ্যমৰ বাবে জটিল হৈ পৰিল৷ ইয়াৰোপৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বিতৰণ কৰা ফলাফল পুস্তিকাখনটো কিছু বিসংগতি পৰিলক্ষিত হৈছে৷ স্মৰ্তব্য যে সাধাৰণতে ফলাফল পুস্তিকাত উত্তীৰ্ণ হোৱা নম্বৰৰ লগতে কিমানটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰে সেয়া উল্লেখ থাকে৷ কিন্তু এইবেলি বহুকেইগৰাকী শিক্ষাৰ্থীয়ে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিছে যদিও সংসদে প্ৰকাশ কৰা তালিকাখনত তেওঁলোকৰ কেৱল তিনিটা বা চাৰিটা বিষয়তহে লেটাৰ নম্বৰ দেখুওৱা হৈছে৷ সেয়া যিয়েই নহওক৷ আজি ঘোষিত ফলাফলত পাঠশালাৰ মুঠ চাৰিগৰাকী শিক্ষাৰ্থীয়ে তিনিটা বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ পাঠশালাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমিৰ বিজ্ঞান শাখাৰ কৃতি শিক্ষাৰ্থী জ্যোতিপল তালুকদাৰে গণিত বিষয়ত ৯৯ শতাংশ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ একেদৰে কৃষ্ণকান্ত সন্দিকৈ ছিনিয়’ৰ ছেকেণ্ডাৰী স্কুলৰ কৃতি ছাত্ৰ ৰক্তিম বৰুৱাইয়ো গণিতত সৰ্বোচ্চ ৯৯ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে পাঠশালা শিক্ষাপীঠ ছিনিয়’ৰ ছেকেণ্ডাৰী স্কুলৰ কলা শাখাৰ মেধাবী ছাত্ৰী মৰমী তালুকদাৰে তৰ্ক আৰু দৰ্শন বিষয়ত ১০০ শতাংশ নম্বৰেৰে ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ স্থান লাভ কৰে৷ ইপিনে উদ্যমিতা বিকাশ বিষয়ত ৯৭ শতাংশ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে বজালী আৰ্টচ এণ্ড কমাৰ্চ একাডেমিৰ কমাৰ্চ শাখাৰ ছাত্ৰ দীপজ্যোতি মালাকৰে৷ আনহাতে বাতৰি যুগুত কৰা সময়লৈকে প্ৰাপ্ত তথ্য অনুসৰি আনন্দৰাম বৰুৱা একাডেমিৰ কৃতি শিক্ষাৰ্থী অঞ্জন শৰ্মাই ইংৰাজীত ৯২, অসমীয়াত ৯৩, পদাৰ্থ বিজ্ঞানত ৯৮, কম্পিউটাৰ বিজ্ঞানত ৯৯, ৰসায়ন বিজ্ঞানত ৯৫, গণিতত ৮৪ নম্বৰেৰে মুঠ ৪৭৭ নম্বৰ লাভ কৰি শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ আন এগৰাকী শিক্ষাৰ্থী জ্যোতিপল তালুকদাৰে ইংৰাজীত ৮৮, বিকল্প ইংৰাজীত ৯১, পদাৰ্থ বিজ্ঞানত ৯৫, ৰসায়ন বিজ্ঞানত ৯৬, জীৱ বিজ্ঞানত ৯৭ আৰু গণিতত ৯৯ নম্বৰেৰে মুঠ ৪৭১ নম্বৰ লাভ কৰাৰ সমান্তৰালকৈ আন এগৰাকী কৃতি ছাত্ৰ দিশান্ত কলিতাই ইংৰাজীত ৮৭, অসমীয়াত ৯৩, পদাৰ্থ বিজ্ঞানত ৯৭, ৰসায়ন বিজ্ঞানত ৯৭, জীৱ বিজ্ঞানত ৯২ আৰু গণিতত ৯৭ নম্বৰেৰে মুঠ ৪৭১ নম্বৰ লাভ কৰে৷ আনহাতে শিক্ষানুষ্ঠানখনৰ কলা শাখাৰ এগৰাকী মেধাবী ছাত্ৰী অঞ্জলি মাৰ্দিয়ে ইংৰাজীত ৯৬, বিকল্প ইংৰাজীত ৯২, ৰাজনীতি বিজ্ঞানত ৯১, অৰ্থনীতিত ৯৩, সমাজ বিজ্ঞানত ৯১ আৰু বুৰঞ্জীত ৯১ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ শিক্ষানুষ্ঠানখনৰ পৰা বিজ্ঞান শাখাত মুঠ ৫৪১ গৰাকী শিক্ষাৰ্থীৰ ৩৯৯ গৰাকীয়ে প্ৰথম বিভাগ, ১২৩ গৰাকীয়ে দ্বিতীয় বিভাগ, ১২ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ বিজ্ঞান শাখাত বিভিন্ন বিষয়ত লেটাৰ নম্বৰ লাভৰ ভিতৰত ইংৰাজীত ১১০ গৰাকী, অসমীয়াত ১৩২, বিকল্প ইংৰাজীত ৮৬, হিন্দীত ২, বড়োত ১, পদাৰ্থ বিজ্ঞানত ১০৯, ৰসায়ন বিজ্ঞানত ৭০, জীৱবিজ্ঞানত ৯৪, কম্পিউটাৰ বিজ্ঞানত ৫৯, গণিতত ২৫ গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ আনহাতে কলা শাখাৰ মুঠ ৮৮ গৰাকী পৰীক্ষাৰ্থীৰ ৪৬ গৰাকীয়ে প্ৰথম বিভাগত, ৩৩ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৭ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ লেটাৰ লাভ কৰা বিভিন্ন বিষয়সমূহৰ ভিতৰত ৰাজনীতি বিজ্ঞান ১৯, নৃতত্ব ২২, অৰ্থনীতি বিজ্ঞান ১০, ভূগোল বিজ্ঞানত ১১, সমাজতত্বত ৮, তৰ্ক আৰু দৰ্শনত ৫, শিক্ষাত ৪ গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰে৷ শিক্ষানুষ্ঠানখনৰ বাণিজ্য বিভাগত মুঠ ২৭ গৰাকী পৰীক্ষাৰ্থীৰ ১৯ গৰাকীয়ে প্ৰথম বিভাগত, ৮ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণৰে এশ শতাংশ উত্তীৰ্ণ হয়৷ লেটাৰ নম্বৰ লাভ কৰে ইংৰাজীত ১, অসমীয়াত ১, বিকল্প ইংৰাজীত ৪, অৰ্থনীতি বিজ্ঞানত ২, একাউনটেঞ্চিত ৪, ফাইনেঞ্চ ৫ আৰু বিজনেচ ষ্টাডিজত ৩ গৰাকী৷ শিক্ষাৰ্থীসকলৰ এই চমকপ্ৰদ সাফল্যত আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ ড০ ৰণজিৎ ডেকা, অধ্যক্ষ নন্দিতা বৰ্মন ডেকাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকক অভিনন্দন জনাইছে৷ আনহাতে পাঠশালা শিক্ষাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ কলা শাখাৰ মুঠ ৭৫ গৰাকী পৰীক্ষাৰ্থীৰ ২৫ গৰাকীয়ে ষ্টাৰ নম্বৰ সহ মুঠ ৬৩ গৰাকীয়ে প্ৰথম বিভাগত আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ১২ গৰাকীয়ে৷ লেটাৰ নম্বৰ পাবলৈ সক্ষম হয় ইংৰাজীত ৩, অসমীয়াত ১৬, অৰ্থনীতিত ৪, ৰাজনীতি বিজ্ঞানত ১৪, তৰ্ক আৰু দৰ্শনত ১৮, শিক্ষাত ৩, নৃতত্ব বিভাগত ৫১, ভূগোলত ১৩, সংস্কৃতত ১ আৰু হিন্দী)ত ১ গৰাকীয়ে৷ বিজ্ঞান শাখাত ১৬৪ গৰাকী পৰীক্ষাৰ্থীৰ ৫০ গৰাকীয়ে ষ্টাৰ নম্বৰ সহ মুঠ ১৪৬ গৰাকীয়ে প্ৰথম বিভাগত আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ১৫ গৰাকীয়ে৷ লেটাৰ নম্বৰ পাবলৈ সক্ষম হয় ইংৰাজীত ৪৩, অসমীয়াত ৭২, বিকল্প ইংৰাজীত ১৭, পদাৰ্থ বিজ্ঞানত ২৪, ৰসায়ন বিজ্ঞানত ২৮, গণিতত ১৩, জীৱ বিজ্ঞানত ২১, নৃতত্বত ২, কম্পিউটাৰ বিজ্ঞানত ২, পৰিসংখ্যা বিজ্ঞানত ১গৰাকীয়ে৷ শিক্ষানুষ্ঠানখনৰ এই সাফল্যত বিদ্যালয়ৰ অধ্যক্ষ উৎপল বৰকাকতি, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি মনোমোহন শৰ্মা সমন্বিতে শিক্ষক-কৰ্মচাৰী-শিক্ষাৰ্থী, অভিভাৱক উৎফুল্লিত হৈ পৰে৷ আজিৰ এই শীৰ্ষস্থান বিহীন ফলাফলত বিভিন্নজনে আক্ষেপ কৰিছে যদিও অনেকে আদৰণিও জনাইছে৷ সৰ্বভাৰতীয় পৰ্যায়ৰ ফলাফলৰ সতে খাপ খুৱাবলৈ এনেকুৱা শীৰ্ষস্থান বিহীন ফলাফল সময়ৰ আহ্বান বুলিও একাংশই প্ৰকাশ কৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এই সিদ্ধান্তক সমৰ্থন জনাইছে৷

প্ৰেৰক কল্যাণ কলিতা

Featured