নাজিৰা মহকুমাৰ সীমান্তৱৰ্তী গেলেকীত বিধ্বংসী ধুমুহাত তচনচ বিভিন্ন অঞ্চল

নিয়মীয়া বাৰ্তা, ২৬এপ্ৰিলঃ আজি পুৱা প্ৰায় ৯ বজাত অহা এজাক বিধ্বংসী ধুমুহা বতাহে তচনচ কৰি পেলালে নাজিৰা মহকুমাৰ সীমান্তৱৰ্তী গেলেকীৰ বিস্তৃত অঞ্চল।সীমান্ত অঞ্চলটোত বিভিন্ন অঞ্চললৈ যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ লগতে বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে। প্ৰায় আধা ঘন্টা ধৰি চলা বিধ্বংসী ধুমুহাজাকে সীমান্ত অঞ্চলৰ গেলেকী, লাহনগাঁও, মৰাণগাঁও, শিঙিবিল, বৰহোলা, সোণাপুৰ, চৰাইসজীয়া, আঠখেল, দেওপানী, মিছাজান হালোৱা গাঁওকে ধৰি গ্ৰামাঞ্চলটোৰ বহু ঘৰ দুৱাৰ ভাঙি তচ নচ কৰে । বিধ্বংসী ধুমুহাজাকে বৰহোলা, সোণাপুৰ আদি অঞ্চলৰ প্ৰায় ৯০শতাংশ লোকৰ বাসগৃহ ভাঙি তচ নচ কৰে ।বহু ঠাইত গছ ভাঙি পৰি যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ লগতে বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে ।

প্ৰেৰক নেকিব আহমেদ