মেট্ৰিকত তৃতীয় স্থানেৰে উজলিল নগাঁৱৰ দেৱাশ্ৰী কাশ্যপ

🔹 ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উৎসৱমুখৰ পৰিৱেশ
বিশেষ বাৰ্তা,  ২০ এপ্ৰিল : আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁৱৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দেৱাশ্ৰী কাশ্যাপে শীৰ্ষৰ তৃতীয় স্থান (ক্ৰমিক ৫) দখল কৰি নগাঁওবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে। নগাঁও চহৰৰ শিৱনগৰ ৭নং উপ-পথৰ নিবাসী তথা পৰিবহণ বিভাগৰ কৰ্মচাৰী জয়ন্ত তামুলী আৰু জোনমণি বৰাৰ জীয়ৰী দেৱশ্ৰী কাশ্যাপে ৰাজ্যখনৰ ভিতৰতে শীৰ্ষৰ এই স্থান লাভ কৰাত শিক্ষানুষ্ঠানখনৰ লগতে পৰিয়াল আৰু নগাঁওবাসী উৎফুল্লিত হৈ পৰিছে। ইপিনে, সংবাদ মাধ্যমৰ আগত দেৱশ্ৰীয়ে কয়- ভাল ফলাফল আশা কৰিছিল যদিও স্থান লাভ কৰিব বুলি আশা কৰা নাছিলোঁ। এতিয়া স্থান লাভ কৰি অতিকৈ আনন্দিত হৈছোঁ। খুব ভাল লাগিছে। কোনো ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ নিয়মিতভাৱে অধ্যয়ন কৰা ছাত্ৰীগৰাকীৰ এই সাফল্যৰ আঁৰত শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু নিজৰ পিতৃ-মাতৃ বুলি উল্লেখ কৰে। মাতৃ বৰাই ছাত্ৰীগৰাকীৰ অধ্যয়নৰ ক্ষেত্ৰত বিশেষভাৱে দৃষ্টি ৰাখিছিল। পঢ়া-শুনাৰ সমান্তৰালভাৱে সংগীতৰ চৰ্চা কৰি ভাল পোৱা দেৱাশ্ৰীয়ে সুন্দৰকৈ গীত গাব পাৰে। ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতৰ পদক্ষেপত আগুৱাই যোৱাৰ ইচ্ছা প্ৰকাশ কৰে ছাত্ৰীগৰাকীয়ে। ভৱিষ্যতে এগৰাকী সু-নাগৰিক হোৱাৰ মন ছাত্ৰীগৰাকীৰ। মুঠ ৫৮৮ নম্বৰ লাভ কৰি শীৰ্ষৰ তৃতীয় স্থানপ্ৰাপ্ত ছাত্ৰীগৰাকীয়ে অসমীয়াত ৯৯, ইংৰাজীত ৯৬, সাধাৰণ গণিতত ৯৬, সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ১০০ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ছাত্ৰীগৰাকীৰ মাতৃয়ে নিজৰ জীয়ৰীৰ এই সাফল্যত খুবেই সুখী বুলি মন্তব্য কৰি কয়-  স্থান পাব বুলি নহয়, কিবা এটা ভাল ফল পোৱাৰ সদায় আশা থাকে। বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ চেষ্টা আৰু ছাত্ৰীগৰাকীৰ কষ্টৰ বাবেই এই ফলাফল লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। আনহাতে, বিদ্যালয়খনৰ অধ্যক্ষ দিলীপ বৰাই কয়- শিক্ষক-শিক্ষয়িত্ৰীসকলৰ আপ্ৰাণ চেষ্টা আৰু ছাত্র-ছাত্ৰীৰ যত্ন আৰু অভিভাৱকৰ ত্যাগ আদিৰ বাবেই এই সফলতা আহিছে। বিশেষকৈ দেৱাশ্ৰীৰ মাতৃয়ে ছাত্ৰীগৰাকীক অনবৰত সহযোগিতা কৰাৰ বাবে দেৱাশ্ৰীয়ে এই সফলতা আনি দিলে। ৰামানুজন স্কুলৰ ধাৰাবাহিক সফলতাৰ কথা উল্লেখ কৰি অধ্যক্ষ বৰাই লগতে কয়- শিক্ষানুষ্ঠানখনৰ শিক্ষাদানৰ পদ্ধতি আনতকৈ পৃথক। সেইবাবেই এই শিক্ষানুষ্ঠানখন অনন্য। ছাত্ৰীগৰাকীৰ এই সাফল্যত আজি বিদ্যালয়খনত এক উছৱমুখৰ পৰিৱেশ সৃষ্টি হয়। শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলোৱে আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হয়। নগাঁও জিলাবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ছাত্ৰীগৰাকীক লগত লৈ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে নগাঁও চহৰত এক শোভাযাত্ৰা উলিয়ায়।

 

প্ৰেৰক কনক হাজৰিকা

Featured