ঢকুৱাখনা সংগীত মহাবিদ্যালয়ত বিহুনাচ কৰ্মশালাৰ আয়োজন

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ : অসমীয়াৰ বাপতিসাহোন হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন। ৰঙালী বিহুৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ চৌদিশে আকাশ-বতাহ মুখৰিত কৰি আৰম্ভ হৈছে ঢোল, পেঁপাবাদনৰ সমান্তৰালকৈ বিহুনাচৰ কৰ্মশালা। ৰাজ্যৰ আন প্ৰান্তৰ লগতে ঢকুৱাখনাতো ঢকুৱাখনা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আয়োজন কৰা হৈছে বিহুনাচ কৰ্মশালাৰ। অহা ১০ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ ঢকুৱাখনা সংগীত মহাবিদ্যালয় প্ৰাংগণত এই কৰ্মশালা অনুষ্ঠিত হ’ব। এই কৰ্মশালাত দীপক দাস, ছায়াশ্ৰী চমুৱা, প্ৰণৱ বৰুৱা, দেৱব্ৰত গগৈ আদি বহুকেইজন অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ’ব। ইতিমধ্যে এই কৰ্মশালাত নামভৰ্তিৰ বাবে প্ৰ-পত্ৰ দি থকা হৈছে। ১০ মাৰ্চৰ পৰা প্ৰতিদিনে দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হ’ব এই কৰ্মশালা। কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুকসকলে ৯৮৫৯৯-৮৩০৫৩ নম্বৰত যোগাযোগ কৰি নামভৰ্তিৰ বাবে প্ৰ-পত্ৰ সংগ্ৰহ কৰিবলৈ ঢকুৱাখনা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ধনৰঞ্জন হাজৰিকাই আহ্বান জনাইছে।

প্ৰেৰক পুলকজ্যোতি বৰা

Featured